শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

“যিমান চেষ্টা কৰিলেও নেহৰুৰ অৱদানত ক’লা দাগ লগাব নোৱাৰে” -সংসদত গৌৰৱ গগৈৰ হুংকাৰ

প্ৰধানমন্ত্ৰীয়ে ভাষণত জৱাহৰলাল নেহৰু আৰু কংগ্ৰেছৰ বিষয়ে বাৰে বাৰে উল্লেখ কৰা সন্দৰ্ভত আলোকপাত কৰি গগৈয়ে কয় যে এই আৰ্হিটো “ৰুটিন” হৈ পৰিছে। গগৈয়ে আৰু কয়, “যিমান চেষ্টা নকৰক কিয় পণ্ডিত নেহৰু জীৰ অৱদানত এটাও ক’লা দাগ লগাব নোৱাৰিব।”

“যিমান চেষ্টা কৰিলেও নেহৰুৰ অৱদানত ক’লা দাগ লগাব নোৱাৰে” -সংসদত গৌৰৱ গগৈৰ হুংকাৰ
সংসদত গৌৰৱ গগৈImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 08 Dec 2025 17:09 PM

সংসদৰ শীতকালীন অধিবেশনত আজি সদনত আলোচনা হয় বন্দে মাতৰমক লৈ। প্ৰধানমন্ত্ৰী মোদীয়ে বন্দে মাতৰম সম্পৰ্কত সদনত ভাষণ প্ৰদান কৰি দেশৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছে সেই সময়ত মুছলিম লীগৰ ওচৰত আত্মসমৰ্পন কৰিছিল।

তাৰ পাছতেই কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে সাম্প্ৰতিক সংকটৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ শাসকীয় দলে ঐতিহাসিক ব্যক্তিক ব্যৱহাৰ কৰা বুলি যুক্তি দি বিজেপি চৰকাৰক আক্ৰমণৰ আৰম্ভণি কৰে। প্ৰধানমন্ত্ৰীয়ে ভাষণত জৱাহৰলাল নেহৰু আৰু কংগ্ৰেছৰ বিষয়ে বাৰে বাৰে উল্লেখ কৰা সন্দৰ্ভত আলোকপাত কৰি গগৈয়ে কয় যে এই আৰ্হিটো “ৰুটিন” হৈ পৰিছে।

অপাৰেচন সেন্দূৰ, সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী আৰু বিগত ৰাষ্ট্ৰপতিৰ ভাষণৰ দৰে দৃষ্টান্তৰ উদাহৰণ দি তেওঁ কয়, “প্ৰতিটো বিতৰ্কতে প্ৰধানমন্ত্ৰী মোদীয়ে নেহৰুজী আৰু কংগ্ৰেছৰ নাম লয়।” গগৈয়ে আৰু কয়, “যিমান চেষ্টা নকৰক কিয় পণ্ডিত নেহৰু জীৰ অৱদানত এটাও ক’লা দাগ লগাব নোৱাৰিব।”

শেহতীয়াকৈ দিল্লী বিস্ফোৰণৰ “কোনো উল্লেখ” হোৱা নাই বুলি উল্লেখ কৰি তেওঁ নিৰাপত্তা আৰু পৰিৱেশৰ চিন্তাক লৈও চৰকাৰক সমালোচনা কৰে। গৌৰৱে কয়, ‘‘ভাৰতৰ জনসাধাৰণে কষ্ট পাইছে… আমি আমাৰ নাগৰিকক সুৰক্ষা দিব পৰা নাই, দিল্লীতো নাই, পহলগামতো নাই। মানুহ উশাহ ল’বলৈও অক্ষম হৈ পৰিছে।’‘

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বন্দে মাতৰমক ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু সাংস্কৃতিক ঐতিহ্যৰ কেন্দ্ৰীয় “শক্তিশালী মন্ত্ৰ” বুলি অভিহিত কৰিছিল। মোদীয়ে সদনত কয় যে চৰকাৰে “ভৱিষ্যৎ প্ৰজন্মৰ বাবে নিজৰ গৌৰৱ ঘূৰাই অনা”ৰ লক্ষ্য ৰাখিছে, তেওঁ যুক্তি দিয়ে যে ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু ৰাজনৈতিক দুয়োটা তাৎপৰ্য বহন কৰা হৈছে।

‘‘বন্দে মাতৰম কেৱল ৰাজনৈতিক স্বাধীনতাৰ মন্ত্ৰ নাছিল। তাৰ বহু ওপৰত আছিল।” মোদীয়ে জাতীয় গীত আৰু প্ৰাচীন সাংস্কৃতিক ধাৰণাসমূহৰ মাজত সংযোগ স্থাপন কৰি কয় যে ইয়াৰ দ্বাৰা “এই মাটি মোৰ মা, আৰু মই মাটিৰ পুত্ৰ” বুলি বিশ্বাস প্ৰতিফলিত হয়।

১৯০৫ চনত বংগ বিভাজনৰ বিৰুদ্ধেও তেওঁ ব্ৰিটিছে প্ৰদেশখনক বিভাজন আৰু শাসন কৌশলৰ (Divide and Rule Policy) বাবে “লেবৰেটৰী” হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ‘‘১৯০৫ চনত যেতিয়া তেওঁলোকে বংগক ভাগ কৰিছিল, তেতিয়া বন্দে মাতৰম শিলৰ দৰে থিয় হৈ আছিল।’’

সংবিধানৰ ৭৫ বছৰ, চৰ্দাৰ পেটেল আৰু বীৰছা মুণ্ডাৰ দৰে নেতাৰ জন্ম জয়ন্তীকে ধৰি ধাৰাবাহিক ৰাষ্ট্ৰীয় বৰ্ষপূৰ্তি উপলক্ষে মোদীয়ে কয় যে ভাৰতে বন্দে মাতৰমৰ ১৫০ বছৰৰ ওচৰ চাপি অহাৰ লগে লগে দেশ “এটা ঐতিহাসিক মুহূৰ্ত”ৰ সাক্ষী হৈ আছে।