২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন, অপাৰেশ্যন সেন্দূৰৰ ওপৰত নাথাকে বিশেষ বৈঠক…
তিনি মাহৰো অধিক সময় পাছত অনুষ্ঠিত হ'ব সংসদৰ বৰ্ষাকালীন অধিবেশন। ২১ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বৰ্ষাকালীন অধিবেশন ২১ আগষ্টলৈ চলিব।

অহা ২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হ’ব। বুধবাৰে এই কথা ঘোষণা কৰি কেন্দ্ৰীয় সংসদীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, ২১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালীন অধিবেশন ২১ আগষ্টলৈ চলিব। ইয়াৰোপৰি এই অধিবেশনত নিয়মৰ মাজত থাকি চৰকাৰে অপাৰেশ্যন সেন্দূৰৰ ওপৰত আলোচনা কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।
তিনি মাহৰো অধিক সময়ৰ পাছত সংসদৰ দুয়োখন সদনতে অধিবেশন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ৩১ জানুৱাৰীত বাজেট অধিবেশন আৰম্ভ হৈছিল। ইয়াৰ পাছতে ৪ এপ্ৰিলত ৰাজ্যসভা আৰু লোকসভাৰ কাম-কাজ অনিশ্চিত সময়লৈকে স্থগিত ৰখা হয় আৰু ২০২৫ চনৰ প্ৰথম সংসদ অধিবেশনৰ অন্ত পৰে।
ৰিজিজুয়ে কয় যে, এই অধিবেশনৰ সময়ত অপাৰেশ্যন সেন্দূৰৰ ওপৰতো আলোচনা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “এই অধিৱেশন বিশেষ হ’ব, কিয়নো এই অধিৱেশনত অপাৰেশ্যন সেন্দূৰৰ লগতে অন্য বিষয়ৰ ওপৰতো আলোচনা হ’ব। চৰকাৰে সকলোকে লগত লৈ যোৱাটো বিচাৰে – আমি বিৰোধীৰ সৈতে যোগাযোগ কৰিছো আৰু সকলোৱে ঐক্যবদ্ধভাৱে স্থিতি ল’ব বুলি আশা কৰিছো” ৷
অপাৰেশ্যন সেন্দূৰক লৈ বিশেষ অধিবেশন নাথাকে
বিৰোধিয়ে চৰকাৰক অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই আছে। এই সন্দৰ্ভত মঙলবাৰে ১৬ টাকৈ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক পত্ৰও প্ৰেৰণ কৰিছিল। ইয়াৰ মাজতে চৰকাৰে এতিয়া বৰ্ষাকালীন অধিবেশনৰ তাৰিখ ঘোষণা কৰিছে। লগতে কৈছে যে অপাৰেশ্যন সেন্দূৰক লৈ কোনো বিশেষ অধিবেশন নাথাকিব। উল্লেখ কৰা প্ৰয়োজন যে, অপাৰেশ্যন সেন্দূৰ, যুদ্ধ বিৰতি, ড’নাল্ড ট্ৰাম্পে কৰা দাবীসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে বিৰোধিয়ে অহৰহ চৰকাৰক প্ৰশ্ন উত্থাপন কৰি আহিছে।
ইয়াৰ বিপৰীতে বুধবাৰে ইণ্ডিয়া মিত্ৰজোঁটে এক সংবাদমেল অনুষ্ঠিত কৰে। এই সময়চোৱাত বিৰোধিয়ে পুনৰ সংসদৰ বিশেষ অধিবেশনৰ দাবী জনায়। সংবাদমেলত অংশগ্ৰহণ কৰি দিপেন্দ্ৰ হুডাই কয় যে , পহলগাম আক্ৰমণ, অপাৰেশ্যন সেন্দূৰ, সেনা, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মন্তব্য আদিৰ ওপৰত আমি সদনত বিশেষ অধিবেশন বিচাৰো। যদি বিশ্বক জনোৱা হৈছে সংসদক কিয় নজনাই?
এই সন্দৰ্ভত ৰাম গোপাল যাদৱেও কৈছিল, আমাৰ কূটনীতি কেনে আছিল? আমাৰ লগত কিমানখন দেশ আহিছিল আদি জনা দৰকাৰ। আনহাতে সঞ্জয় ৰাৱটে কয় যে, যদি ট্ৰাম্পে কোৱাৰ বাবে যুদ্ধ বিৰতি হয় তেন্তে বিৰোধিৰ মতে কিয় সংসদৰ বিশেষ অধিবেশন হ’ব নোৱাৰে।
তথ্য অনুসৰি,এইবাৰ বৰ্ষাকালীন অধিবেশনত পাকিস্তান সন্দৰ্ভতো আলোচনা হ’ব পাৰে। এই সময়চোৱাত বিৰোধিয়ে পাকিস্তান সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰিব পাৰে। ইয়াৰোপৰি ২৩ দিনীয়া অধিবেশনত বিধেয়ক উত্থাপন হোৱাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনীতি আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ অপাৰেশ্যন সেন্দূৰৰ ল’গ’ কোনে আৰু কিমান সময়ত প্ৰস্তুত কৰিছিল?