যুদ্ধবিৰতি উলংঘাৰ চেষ্টা! LOC ত পাকিস্তানৰ গুলীচালনা, ভাৰতে দিলে প্ৰত্যুত্তৰ…
পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ মাজতে এল অ' চিৰ ওচৰত পাকিস্তানে গুলীবৰ্ষণ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে দিয়ে।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰগতিত বৃদ্ধি পায়। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ কাষৰ পৰা পাকিস্তানী সেনাই ভাৰতীয় সেনা চকীত গুলী বৰ্ষণ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও গুলী চলায়। অৱশ্যে বৰ্তমান পৰ্যন্ত এই গুলীচালনাৰ ঘটনাত কোনো হতাহতিৰ তথ্য আহি পৰা নাই। জানিব পৰা মতে, ভাৰতীয় সেনাৰ গুলীত পাকিস্তানৰ কেইবাটাও সেনা চাউনী ধ্বংস হয়।
সেনাৰ এগৰাকী বিশিষ্ট বিষয়াই কয় যে, ভাৰতীয় সেনাই কালি নিশা জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কৰা গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়ে। নিয়ন্ত্ৰণ ৰেখাৰ কেইবাটাও স্থানত সৰু-বৰ ঘটনা সংঘটিত হয়। অৱশ্যে এতিয়ালৈকে কোনো হতাহতি হোৱা নাই।
ইয়াৰ বিপৰীতে জম্মু-কাশ্মীৰৰ বান্দীপুৰা জিলাত আজি সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। সূত্ৰ অনুসৰি জানিব পৰা মতে, অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা জানিব পাৰি বান্দীপুৰ জিলাৰ বাজীপুৰা এলেকা ঘেৰি লৈ অভিযান চলোৱা হয়। ইয়াৰ পাছতে গোপন কৰি থকা সন্ত্ৰাসবাদীসকলৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে গুলী চলায়। বৰ্তমানো এই অঞ্চলত অভিযান চলি আছে আৰু এতিয়ালৈকে কোনো হতাহতি হোৱা নাই।
প্ৰতিৰক্ষা বিষয়াসকলে জনোৱা মতে, সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অতি সোনকালে শ্ৰীনগৰ আৰু উধামপুৰলৈ ৰাওনা হ’ব। তেওঁ অঞ্চলটোৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি আৰু এল অ’ চি (LOC)ত যুদ্ধবিৰতি উলংঘা কৰিবলৈ পাকিস্তানী সেনাই কৰা চেষ্টাৰ কথা পৰ্যালোচনা কৰিব। জানিব পৰা মতে, এই সময়চোৱাত দ্বিবেদীয়ে কাশ্মীৰত নিয়োজিত জ্যেষ্ঠ সামৰিক সেনাধ্যক্ষৰ লগতে অন্যান্য বিষয়াসকলকো সাক্ষাৎ কৰিব।
পহলগামৰ ঘটনাৰ পাছতে জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বৃহস্পতিবাৰে নিশা চলোৱা এক অভিযানত নিৰাপত্তাৰক্ষীয়ে ২-৩ জনকৈ সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি ধ্বংস কৰে। পহলগাম কাণ্ডৰ সৈতে আদিল আৰু আছিফ নামৰ দুজন স্থানীয় যুৱক জড়িত আছিল। কালি নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত দুয়োৰে ঘৰৰ পৰা বহু বিস্ফোৰক আৰু আপত্তিজনত সামগ্ৰী উদ্ধাৰ হয়। যাৰ পাছত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ ঘৰ বোমাৰে উৰুৱাই দিয়ে।
অন্য খবৰ পঢ়কঃ পহলগাম ঘটনা সন্দৰ্ভত কি ক’লে বদৰুদ্দিন আজমলে? AIUDF ৰ বিধায়ক গ্ৰেপ্তাৰ সন্দৰ্ভত ল’লে কাৰ পক্ষ…
আৰু পঢ়কঃ Simla Agreement: ছিমলা চুক্তি কি? কিয় ইয়াৰ আঁত ধৰি পাকিস্তানে ভাৰতক দিছে ভাবুকি, জানক সকলো…