Simla Agreement: ছিমলা চুক্তি কি? কিয় ইয়াৰ আঁত ধৰি পাকিস্তানে ভাৰতক দিছে ভাবুকি, জানক সকলো…
Simla Agreement: পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতে আজি চুবুৰীয়া ৰাষ্ট্ৰখনেও কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাকিস্তানে ভাৰতক ছিমলা চুক্তি বাতিল কৰাৰ ভাবুকি দিয়ে। কিন্তু এই ছিমলা চুক্তি কি জানেনে? কেতিয়া এই চুক্তি স্বাক্ষৰ হৈছিল?
 
                                পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰি সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লয়। ইয়াৰ পাছতে বৃহস্পতিবাৰে পাকিস্তানৰ ইছলামাবাদত ৰাষ্ট্ৰীয় সুৰক্ষা কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয় য’ত ভাৰতৰ বিৰুদ্ধে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতীয়ৰ ভিছা, বিমান পথ বন্ধ কৰাৰ লগতে ছিমলা চুক্তি বাতিল কৰাৰ ভাবুকি দিয়ে পাকিস্তানে। দেশখনে কয়, যদি ভাৰতে অগ্ৰাসী মনোভাৱ পৰিহাৰ নকৰে তেন্তে ছিমলা চুক্তি (Simla Agreement) ৰ লগতে সকলো দ্বি-পাক্ষিক চুক্তি বাতিলৰ চিন্তা কৰা হ’ব।
গতিকে প্ৰশ্ন হয়, কিয় চিমলা চুক্তিক লৈ পাকিস্তানে ভাৰতক ভাবুকি প্ৰদান কৰিছে? কি আছে এই চিমলা চুক্তিত?
কেতিয়া হৈছিল ছিমলা চুক্তি
১৯৭১ চনত ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ শেষ হোৱাৰ পাছত ছিমলা চুক্তিৰ ভেটি স্থাপন হৈছিল। এই যুদ্ধত ভাৰতে পাকিস্তানৰ পূব অংশ (বৰ্তমান বাংলাদেশ) মুক্ত নতুন দেশ গঠন কৰাত সহায় কৰিছিল। এই সময়চোৱাত প্ৰায় ৯০,০০০ পাকিস্তানী সেনাই আত্মসমৰ্পন কৰিছিল। এই সেনাসকলক ভাৰতে বন্দী কৰি ৰাখিছিল।
আনকি ভাৰতে পশ্চিম পাকিস্তানৰ প্ৰায় ১৩,০০০ কিলোমিটাৰ বৰ্গক্ষেত্ৰতকৈ অধিক এলেকা নিয়ন্ত্ৰণলৈ আনিছিল। এই যুদ্ধৰ ১৬ মাহৰ পাছত ১৯৭২ চনৰ ২ জুলাইত হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোৰ মাজত এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। এয়াই আছিল ছিমলা চুক্তি।
কিয় হৈছিল ছিমলা চুক্তি
ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক স্বাভাৱিক ৰখাৰ বাবে লগতে ভৱিষ্যতে যিকোনো বিবাদ শান্তি আৰু আলোচনাৰ জৰিয়তে সমাধানৰ প্ৰতিশ্ৰুতিৰে ছিমলা চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই সিদ্ধান্ত লোৱা হৈছিল যে, দুয়োখন দেশে পাৰস্পৰিক আলোচনাৰ জৰিয়তে সকলো সমস্যা সমাধান কৰিব। ইয়াক কোনো তৃতীয় দেশ বা সংগঠনে হস্তক্ষেপ কৰিব নোৱাৰিব।
এই চুক্তিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ আছিল যে ভাৰত আৰু পাকিস্তানে পাৰস্পৰিক সন্মতিৰে কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখা (LoC) স্বীকৃতি দিব আৰু কোনো এখন দেশে একপক্ষীয়ভাৱে ইয়াক সলনি নকৰে। দুয়োখন দেশে লগতে সংকল্প লৈছিল যে দেশ দুখনে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে শক্তি প্ৰয়োগ, যুদ্ধ বা বিভ্ৰান্তিকৰ অপপ্ৰচাৰৰ আশ্ৰয় নলয়। দুয়োখন দেশে শান্তি আৰু সম্পৰ্ক ভালে ৰখাৰ চেষ্টা কৰিব।
এই চুক্তিৰ অধীনত ভাৰতে চৰ্ত অবিহনে ৯০,০০০ পাকিস্তানী সেনাক মুকলি কৰি দিছিল লগতে দখল কৰা প্ৰায় ১৩,০০০ কিলোমিটাৰ বৰ্গক্ষেত্ৰ ভূখণ্ড এৰি দিছিল। ইয়াৰ বিপৰীতে পাকিস্তানেও বন্দী কৰা একাংশ ভাৰতীয়ক এৰি দিছিল।
দুয়োখন দেশে কোন দিশত একমত প্ৰকাশ কৰিছিল
ছিমলা চুক্তিৰ দফা ৪ৰ উপধাৰা ১ আৰু ২ত আছে-
- ভাৰত-পাকিস্তানে নিজৰ সেনাত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰত্যাহাৰ কৰিব।
- জম্মু-কাশ্মীৰত ১৯৭১ চনৰ ১৭ ডিচেম্বৰৰ যুদ্ধবিৰতিৰ ফলত সৃষ্টি হোৱা নিয়ন্ত্ৰণ ৰেখা(line of control)ক দুয়োপক্ষই কাৰো ক্ষতি নকৰাকৈ সন্মান কৰিব।পাৰস্পৰিক মতানৈক্য আৰু আইনী ব্যাখ্যা নিৰ্বিশেষে কোনো পক্ষই ইয়াক একপক্ষীয়ভাৱে পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰিব। দুয়োপক্ষই এই ক্ষেত্ৰত ভাবুকি বা বল প্ৰয়োগৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি দিয়ে।
- চুক্তি বলবৎ হোৱাৰ লগে লগে সেনা প্ৰত্যাহাৰৰ কাম আৰম্ভ হব আৰু ৩০ দিনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰা হ’ব।
- চুক্তিখনৰ ৫ নং দফাত কোৱা হৈছে যে: “এই চুক্তিখন দুয়োখন দেশৰ নিজ নিজ সাংবিধানিক পদ্ধতি অনুসৰি অনুমোদনৰ অধীনত হ’ব।
এই চুক্তিখনে ১৯৭১ চনৰ ১৭ ডিচেম্বৰৰ যুদ্ধবিৰতি ৰেখাক ভাৰত আৰু পাকিস্তানৰ মাজত নিয়ন্ত্ৰণ ৰেখালৈ ৰূপান্তৰিত কৰে।
গতিকে ২৩ এপ্ৰিল ২০২৫ ত ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ঘোষণা কৰাৰ পাছতেই পাকিস্তানে ছিমলা চুক্তিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ভাৰতক সকীয়নি দিছে। কিয়নো এই চুক্তি বাতিল হ’লে যুদ্ধৰ বাট মুকলি হ’ব পাকিস্তানৰ। একাংশ বিশেষজ্ঞৰ মতে, পাকিস্তানৰ এই ভাবুকি এক ৰাজনৈতিক কৌশল। ভাৰতে পূৰ্বে স্পষ্ট কৰি দিছে যে কাশ্মীৰ বিষয়টো দ্বিপাক্ষিক আৰু ছিমলা চুক্তিৰ ভিত্তি। এনে পৰিস্থিতিত পাকিস্তানে এই চুক্তি বাতিল কৰা ভাবুকি দি আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ লগতে শান্তি সমাধানত যে বিশ্বাসী নহয় তাৰ প্ৰমাণ দিছে।
অন্য খবৰ পঢ়কঃ ৱাঘা সীমান্ত বন্ধ, সন্ত্ৰাসবাদীক সমৰ্থনৰ অভিযোগ…পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কি কি সিদ্ধান্ত ল’লে…
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      