শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pahalgam terror attack: কেৱল হিন্দুক হত্যা! বিমান বন্দৰত অজিত ডোভাল-জয়শংকৰৰ সৈতে মোদীৰ উচ্চস্তৰীয় বৈঠক…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে দিল্লীত উপস্থিত হৈ মোদীয়ে এক উচ্চস্তৰীয় বৈঠকত অংশ গ্ৰহণ কৰে। পোহৰলৈ অহা তথ্য অনুসৰি, আক্ৰমণকাৰীসকলৰ ভিতৰত ২ জন পাকিস্তানী আছে বুলি জানিব পৰা গৈছে। মুঠ ৬ জন সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছে বুলি সন্দেহ কৰা হৈছে।

Pahalgam terror attack: কেৱল হিন্দুক হত্যা! বিমান বন্দৰত অজিত ডোভাল-জয়শংকৰৰ সৈতে মোদীৰ উচ্চস্তৰীয় বৈঠক…
পহলগাম আক্ৰমণ
barasha-sarma
Barasha Sarma | Published: 23 Apr 2025 12:46 PM

পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই চৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি দেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুধবাৰে পুৱা দিল্লীত উপস্থিত হোৱাৰ পাছত মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক সাক্ষাৎ কৰে।

কালি পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত নাম সুধি সুধি পৰ্যটকক হত্যা কৰা হৈছিল। একাংশ উগ্ৰপন্থীয়ে বিচাৰি বিচাৰি হিন্দুসকলক হত্যা কৰিছিল। হিন্দুসকলৰ বিৰুদ্ধে চলা এই ধ্বংসলীলাৰ পাছতে মোদীয়ে চৌদি আৰৱৰ পৰা শ্বাহক ফোন কৰি কৈছিল যে দোষীক কোনো পধ্যেই ৰেহাই দিয়া নহ’ব।

মোদীৰ পৰামৰ্শৰ পাছতেই এক উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছতে কাশ্মীৰলৈ ৰাওনা হয়।কাশ্মীৰত উপস্থিত হৈ শ্বাহে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু বিভিন্ন উচ্চ পদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।  ইফালে মোদীও চৌদি আৰৱ ভ্ৰমণ সামৰি দেশত উপস্থিত হয়। দিল্লীত উপস্থিত হোৱাৰ পাছতে মোদীয়ে বিমান বন্দৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। সূত্ৰ অনুসৰি আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে।

 

Pm Narendra Modi Meeting At Delhi Airport 1

বিমান বন্দৰত মোদীৰ বৈঠক

পহলগামৰ ঘটনাক বিশ্বৰ বিভিন্ন দেশে তীব্ৰ গৰিহনা দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মোদীক ফোন কৰি এই ঘটনাৰ গৰিহনা দিয়াৰ লগতে  ভাৰতৰ সৈতে থিয় হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়েও সন্ত্ৰাসবাদৰ হৈ ভাৰতৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, এই ঘটনা পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছে। ইয়াৰ পূৰ্বে অঞ্চলটোত নজৰ ৰাখিছিল সন্ত্ৰাসবাদীয়ে। ইয়াৰোপৰি এই ঘটনাত লস্কৰ-ই-তৈয়বা জড়িত হোৱাৰ তথ্য পোহৰলৈ আহিছে। আক্ৰমণকাৰীসকলৰ ভিতৰত ২ জন পাকিস্তানী আছে বুলি জানিব পৰা গৈছে। মুঠ ৬ জন সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছে বুলি সন্দেহ কৰা হৈছে। কোৱা হৈছে, এই সন্ত্ৰাসবাদী আক্ৰমণত ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ ফেলকন স্কোৱাড’ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে হত্যা কৰা আৰু পলোৱা নীতিৰ ওপৰত কাম কৰে আৰু সামাজিক মাধ্যমৰ জৰিয়তে গ্ৰুপৰ সদস্যৰ সৈতে সংযোগ স্থাপন কৰে।

 

অন্য খবৰ পঢ়কঃ Pahalgam terror attack: প্ৰথমে আমি ভাৰতীয়- কাশ্মীৰৰ মছজিদৰ পৰা হৈছে বিশেষ ঘোষণা, বিৰোধত উত্তাল কাশ্মীৰী…