পহলগাম আক্ৰমণ: সন্ত্ৰাসবাদীক দিয়া হৈছিল কমাণ্ডোৰ দৰে প্ৰশিক্ষণ, উদ্দেশ্য ভাৰতীয় নিৰাপত্তা বাহিনীৰ বিস্তৰ ক্ষতি…
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত কৰিছে NIA-এ। ইয়াৰ মাজতে পোহৰলৈ আহিছে যে সন্ত্ৰাসবাদীসকলক সামৰিক প্ৰশিক্ষণ দিয়াৰ তথ্য। পাহলগাম আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক পাকিস্তানৰ বিশেষ সেৱা গোট (SSG) ৰ কমাণ্ডোৰ দৰে প্ৰশিক্ষণ দিয়া হৈছিল। এতিয়া তদন্তকাৰী সংস্থাসমূহৰ গুৰুত্ব হৈছে SSGৰ প্ৰশিক্ষণ লোৱা এই কমাণ্ডোসকলক বিচাৰি উলিওৱা।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত প্ৰকাশ পাইছে এক ডাঙৰ তথ্য। এতিয়া পোহৰলৈ আহিছে যে আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক কমাণ্ডোৰ দৰে প্ৰশিক্ষণ দিয়া হৈছিল। জম্মু-কাশ্মীৰৰ কাৰাগাৰত বন্দী লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ জেৰাৰ সময়ত এই কথা পোহৰলৈ আহিছে। পাহলগাম আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক পাকিস্তানৰ বিশেষ সেৱা গোট(SSG)ৰ কমাণ্ডোৰ দৰে প্ৰশিক্ষণ দিয়া হৈছিল। কাশ্মীৰ উপত্যকাত এনে ১৫-২০ জন কমাণ্ডাৰ উপস্থিত আছে, যিয়ে বিদেশী সন্ত্ৰাসবাদীৰ সৰু সৰু গোটৰ নেতৃত্ব দি আছে।
চোৰাংচোৱা সংস্থাসমূহৰ মতে, পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI ৰ লক্ষ্য হৈছে ভাৰতীয় নিৰাপত্তা বাহিনীক ব্যাপক ক্ষতিসাধন কৰা। ইয়াৰ পূৰ্বে তিনিটা বৃহৎ আক্ৰমণত SSG কমাণ্ডোৰ ভূমিকা থকাৰ তথ্য পোৱা গৈছিল। গগাংগীৰ, গাণ্ডাৰবল – ৭ জন সাধাৰণ নাগৰিক নিহত, বুটা পাথৰী আক্ৰমণ – সেনাবাহিনীৰ কনভয়ত আক্ৰমণ, ২ জন জোৱান শ্বহীদ, ২ জন পৰ্টাৰ নিহত, পহলগাম আক্ৰমণ – তদন্তকাৰী সংস্থাই গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। এতিয়া তদন্তকাৰী সংস্থাসমূহৰ গুৰুত্ব হৈছে এই ভয়ংকৰ SSGত প্ৰশিক্ষিত কমাণ্ডোৰসকলক বিচাৰি উলিওৱা, যিসকল উপত্যকাটোৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে।
ইয়াৰ সমান্তৰালকৈ জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এতিয়া জনসাধাৰণৰ সুৰক্ষা আইনৰ অধীনত সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন আগবঢ়োৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। শেহতীয়াকৈ কাশ্মীৰ অঞ্চলত ১০০ৰো অধিক সন্ত্ৰাসবাদৰ সমৰ্থকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জনসাধাৰণৰ সুৰক্ষা আইনৰ অধীনত কুপোৱাৰা অঞ্চলৰ ১৫ জন, হেণ্ডৱাৰাত ১২ জন, পুলৱামাৰ ১৪ জন লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সূত্ৰ অনুসৰি অনাগত দিনত জনসাধাৰণৰ সুৰক্ষা আইনৰ অধীনত এনে সন্দেহযুক্ত লোকৰ ঘৰৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এনআইএৰ সূত্ৰ অনুসৰি, তদন্তকাৰী সংস্থাটোৱে অভাৰ গ্ৰাউণ্ড কৰ্মীক জেৰাৰ ভিত্তিত গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰাৰ পিছত এই কাৰ্য গতি বৃদ্ধি পাইছে।
উল্লেখ্য যে, পহলগামত সংঘটিত ভয়াবহ আক্ৰমণৰ তদন্ত চলাই আছে NIA। পূৰ্বে গ্ৰেপ্তাৰ হোৱা অভাৰ গ্ৰাউণ্ড কৰ্মীক জেৰা কৰি প্ৰমাণ সংগ্ৰহ কৰিছে এনআইএয়ে। ২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিৰস্ত্ৰ লোকক লক্ষ্য কৰি লোৱা হৈছিল। অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে আক্ৰমণ কৰিছিল পৰ্যটকসকলক। এই আক্ৰমণত সন্ত্ৰাসবাদীয়ে অধিকাংশ পৰ্যটককে ধৰি ২৬ জন লোকক হত্যা কৰে। ইয়াৰ পিছত ভাৰতে এতিয়া পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে সন্ত্ৰাসবাদ নিৰ্মূলৰ অভিযান তীব্ৰতৰ কৰা হৈছে।
লগতে পঢ়ক: ভাৰতৰ ভয়ত কম্পমান পাকিস্তান! এইবাৰ ৰাছিয়াৰ পৰা বিচাৰিলে সহায়