শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ ভয়ত কম্পমান পাকিস্তান! এইবাৰ ৰাছিয়াৰ পৰা বিচাৰিলে সহায়

দেওবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান আৰু ভাৰতৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে দুয়োখন দেশক সংযম কৰিবলৈ আহ্বান জনায়।

ভাৰতৰ ভয়ত কম্পমান পাকিস্তান! এইবাৰ ৰাছিয়াৰ পৰা বিচাৰিলে সহায়
শ্বাহবাজ শ্বৰীফ আৰু পুটিন। (ফাইল ফটো)
trishna-kalita
Trishna Kalita | Updated On: 05 May 2025 07:26 AM

পহলগাম আক্ৰমণৰ পিছত দেশে দেশে সহায়ৰ বাবে ভিক্ষা খুজিছে ভাৰতে গ্ৰহণ কৰা পদক্ষেপক লৈ ভয় খাই থকা পাকিস্তানে। এতিয়া তেওঁলোকে সহায় বিচাৰিছে ভাৰতৰ বন্ধুৰাষ্ট্ৰ ৰাছিয়াৰ পৰা । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ সৈতে উত্তেজনা দূৰ কৰাৰ ক্ষেত্ৰত মস্কোত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূতে ৰাছিয়াৰ সহায় বিচাৰিছে। উল্লেখ্য যে, যে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়। য’ত বেছিভাগ লোক আছিল পৰ্যটক। ইয়াৰ পিছত ভাৰতে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তানক  জালত বন্দী কৰি ৰাখিছে।

ইফালে এক সাক্ষাৎকাৰত ৰাষ্ট্ৰদূত মহম্মদ খালিদ জামালিয়ে কয় যে, ভাৰতৰ সৈতে ৰাছিয়াৰ বিশেষ কৌশলগত অংশীদাৰিত্ব আছে আৰু পাকিস্তানৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক অতি ভাল। গতিকে ১৯৬৬ চনৰ তাছকেন্দ চুক্তিৰ দৰে মধ্যস্থতাৰ বাবে নিজৰ ভাল সম্পৰ্কৰ ব্যৱহাৰ কৰিব পাৰে। তাছকেন্দত থকা ছোভিয়েট ইউনিয়নৰ তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত সশস্ত্ৰ সংঘাতৰ অন্ত পেলোৱাত সহায় কৰিছিল।

ইয়াৰ পূৰ্বে শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে ১৯৭২ চনৰ ছিমলা চুক্তি আৰু ১৯৯৯ চনৰ লাহোৰ ঘোষণাপত্ৰৰ মনোভাৱ অনুসৰি পহলগাম আক্ৰমণৰ পিছত উত্তেজনা হ্ৰাস কৰিবলৈ দুয়োপক্ষক আহ্বান জনায়, য’ত তৃতীয় পক্ষৰ মধ্যস্থতা অবিহনে দ্বিপাক্ষিকভাৱে সমস্যা সমাধানৰ ব্যৱস্থা কৰা হৈছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে দেওবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান আৰু ভাৰতৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি দুয়োখন দেশক সংযম কৰিবলৈ আহ্বান জনায়। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী ইছাক দাৰ সৈতে লাভৰভৰ টেলিফোনিক বাৰ্তালাপ হয়। এইখিনিতে ডাৰে লাভৰভক শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল।

বৈদেশিক মন্ত্ৰালয়ে কয় যে লাভৰভে পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি সমস্যা সমাধানৰ বাবে কূটনৈতিক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জোৰ দি কয় যে, দুয়োপক্ষই সংযম ৰাখিব লাগে আৰু উত্তেজনা বৃদ্ধি হোৱাত বাধা দিব লাগে। বিবৃতিটোত কোৱা হৈছে যে আলোচনাৰ সময়ত দাৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ভিত্তিহীন অভিযোগ আৰু উচটনিমূলক বাক্যবাণ নাকচ কৰিছিল।

এই কথা-বতৰাৰ সময়ত তেওঁ ভাৰতৰ একপক্ষীয় পদক্ষেপক গৰিহণা দি সিন্ধু জল চুক্তি স্থগিত ৰখাৰ লগতে ইয়াক অবৈধ আৰু আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা উলংঘা বুলি অভিহিত কৰে। পাক বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই আক্ৰমণৰ আন্তঃৰাষ্ট্ৰীয়, স্বচ্ছ আৰু স্বতন্ত্ৰ তদন্তৰ বাবে পাকিস্তানে আগবঢ়োৱা প্ৰস্তাৱো লাভৰভৰ আগত প্ৰকাশ কৰে।