উপ-ৰাষ্ট্ৰপতিক অপসাৰণৰ বাবে জাননী বিৰোধী সাংসদৰ, এইয়া সম্ভৱ হ’ব নে ? অপসাৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া কি জানক…
জগদীপ ধনখড়ক অপসাৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াবলৈ মঙলবাৰে বিৰোধী সাংসদসকলে জাননী দাখিল কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰসমূহে জনোৱা মতে,কংগ্ৰেছ, আৰজেডি, টিএমচি, চিপিআই, চিপিআই-এম, জেএমএম, আপ, ডিএমকেকে ধৰি প্ৰায় ৬০ জন বিৰোধী সাংসদে এই জাননী প্ৰতি সমৰ্থন আগবঢ়াই স্বাক্ষৰ কৰিছে।
ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক অপসাৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াবলৈ মঙলবাৰে বিৰোধী সাংসদসকলে জাননী দাখিল কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যসভাৰ সচিব প্ৰধান পি চি মোদীক এই জাননী দাখিল কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে । সূত্ৰসমূহে জনোৱা মতে,কংগ্ৰেছ, আৰজেডি, টিএমচি, চিপিআই, চিপিআই-এম, জেএমএম, আপ, ডিএমকেকে ধৰি প্ৰায় ৬০ জন বিৰোধী সাংসদে এই জাননী প্ৰতি সমৰ্থন আগবঢ়াই স্বাক্ষৰ কৰিছে। শাসকীয় এন ডি এৰ পক্ষত থকা বুলি অভিযোগ উত্থাপন কৰি উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ জাননী দাখিল কৰিছে বিৰোধী ইণ্ডিয়া ব্লকৰ সাংসদসকলে।
ধনখড়ক উপ-ৰাষ্ট্ৰপতিৰ পৰা অপসাৰণ কৰিবলৈ বিৰোধীৰ হাতত ৰাজ্যসভাত পৰ্যাপ্ত সংখ্যা নাই যদিও তেওঁলোকে এই পদক্ষেপক “অতি সোনকালে” ৰাজনৈতিক সংকেত হিচাপে বিবেচনা কৰিছে বুলি এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে । উচ্চ সদনৰ ২৫০খন আসনৰ ভিতৰত বিৰোধী INDIA ব্লকত হাতত আছে মাত্ৰ ১০৩ জন সদস্য । ইয়াৰ লগতে সমৰ্থনত আছে এজন স্বতন্ত্ৰ সাংসদ কপিল ছিবাল।
উল্লেখ্য যে, বিৰোধী সাংসদৰ জাননীৰ ভিত্তি যদিহে এই প্ৰস্তাৱ দাখিল কৰা হয় তেন্তে ভাৰতৰ সংসদীয় ইতিহাসত কোনো উপ-ৰাষ্ট্ৰপতিক অপসাৰণ কৰা প্ৰথমটো পৰিঘটনা হ’ব। প্ৰতিবেদন অনুসৰি, কংগ্ৰেছৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰাৰ হৈছে যদিও সমাজবাদী পাৰ্টি (এছ পি) আৰু তৃণমূল কংগ্ৰেছে (টিএমচি) প্ৰধানকৈ সমৰ্থন আগবঢ়াইছে ।
উল্লেখ্য যে, জগদীপ ধনখড়ৰ বিৰুদ্ধে কিছু দিনৰ পৰা পক্ষপাতিত্বমূলক অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে। বিৰোধীয়ে অভিযোগ কৰিছে যে, জগদীপ ধনখড়ে কেৱল বিৰোধীৰ কণ্ঠ আৰু তেওঁলোকৰ সাংসদে উত্থাপন কৰা প্ৰশ্নক দমন কৰিবলৈ চেষ্টা কৰে ।
মনকৰিবলগীয়া যে,ভাৰতৰ উপ-ৰাষ্ট্ৰপতিক অপসাৰণৰ পদ্ধতি সংবিধানৰ ৬৭ (খ), ৯২, আৰু ১০০ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্যসভাত প্ৰস্তাৱ উত্থাপন কৰিব লাগিব । ইয়াৰ পাছতে এই প্ৰস্তাৱ ৫০ শতাংশ সদস্যৰ সংখ্যাগৰিষ্ঠতাৰে গৃহীত হ’ব লাগিব । উপ-ৰাষ্ট্ৰপতিক অপসাৰণৰ প্ৰস্তাৱ গৃহীত হ’বলৈ নূন্যতম প্ৰয়োজনীয় সংখ্যা হ’ল ৫০।
ইয়াৰ পাছতে সংখ্যাগৰিষ্ঠতাৰে গৃহীত হোৱো প্ৰস্তাৱ লোকসভালৈ প্ৰেৰণ কৰা হয় । লোকসভাৰ পৰা এই প্ৰস্তাৱে যদি সংখ্যাগৰিষ্ঠতাৰে সন্মতি লাভ কৰে তেন্তে উপ-ৰাষ্ট্ৰপতিক অপসাৰণৰ প্ৰস্তাৱ কাৰ্যকৰী হ’ব । কিন্তু সংবিধানৰ ৬৭ (খ) অনুচ্ছেদত উল্লেখ আছে যে, কমেও ১৪ দিনৰ আগতীয়াকৈ জাননী নিদিয়ালৈকে এনে প্ৰস্তাৱ উত্থাপন কৰিব নোৱাৰিব । যাৰ দ্বাৰা প্ৰস্তাৱটো উত্থাপন কৰাৰ উদ্দেশ্যৰ কথা উল্লেখ কৰা হৈছে। উল্লেখ্য যে ২০ ডিচেম্বৰত সংসদৰ চলি থকা অধিৱেশনৰ অন্ত পৰিব।
যদি কোনো কাৰণত সংবিধান অৱমান কৰাৰ অভিযোগ উত্থাপন হয় বা নিৰ্বাচনত অনিয়ম হয় তেন্তে উপ-ৰাষ্ট্ৰপতিক উচ্চতম ন্য়ায়ালয়ে অপসাৰণ কৰিব পাৰে । ভাৰতবৰ্ষত এতিয়ালৈকে কোনো এগৰাকী উপ-ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ ঘটনা সংঘটিত হোৱা নাই ।