শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শীঘ্ৰে সম্পন্ন কৰক এই কাম, অন্যথা সময়ত নাপাব পেঞ্চন!

শীঘ্ৰে সম্পন্ন কৰক এই কাম, অন্যথা সময়ত নাপাব পেঞ্চন!

trishna-kalita
Trishna Kalita | Published: 16 Oct 2025 20:19 PM

যদি আপুনি নিয়মীয়া পেঞ্চন লাভ কৰিব বিচাৰে তেন্তে ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত লাইফ চাৰ্টিফিকেট জমা দিব লাগিব। দেশৰ ২০০০ খন জিলা আৰু মহকুমা মুখ্য কাৰ্যালয়ক দিয়া হৈছে এই নিৰ্দেশনা।

যদি আপুনি এজন পেঞ্চনাৰ, তেন্তে আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। লাইফ চাৰ্টিফিকেট জমা দিয়াৰ ক্ষেত্ৰত ডাঙৰ তথ্য প্ৰকাশ কৰিছে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে। যদি আপুনি নিয়মীয়া পেঞ্চন লাভ কৰিব বিচাৰে তেন্তে ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত লাইফ চাৰ্টিফিকেট জমা দিব লাগিব। দেশৰ ২০০০ খন জিলা আৰু মহকুমা মুখ্য কাৰ্যালয়ক দিয়া হৈছে এই নিৰ্দেশনা।

সকলো পেঞ্চনাৰক জনোৱা হৈছে যে তেওঁলোকে ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিব লাগিব।৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে ১ অক্টোবৰৰ পৰা লাইফ চাৰ্টিফিকেট জমা দিব পাৰিব। কোনোৱে যদি ডিজিটেল লাইফ চাৰ্টিফিকেট জমা নিদিয়ে, তেন্তে পেঞ্চন লাভ কৰাত পলম হ’ব পাৰে।