TV9 ASSAM
শীতকালীন পাচলি মূলা কিছুলোকৰ অপ্ৰিয় যদিও বহুলোকেই পছন্দ কৰে। ইয়াৰ বহু গুণাগুণৰ কথাও বিশেষজ্ঞসকলে সততে কয়।
মূলাৰ সেউজীয়া পাতো শাক হিচাপে খাব পাৰি। বহুলোকে পিছে এই বিষয়ে নাজানে বাবে পাত পেলাই দিয়ে। কিন্তু মূলাৰ পাতৰ গুণৰ কথা জানিলে এই ভুল নকৰে।
মূলাৰ পাতত ভিটামিন কে, ভিটামিন চি, আইৰণ, কেলচিয়াম আৰু ফ’লেট আদি পুষ্টিকৰ উপাদান আৰু এণ্টিঅক্সিডেণ্ট থাকে।
বৰ্তমান সময়ত ৰক্তচাপ আৰু ইউৰিক এচিডৰ সমস্যা বহুলোকৰ ক্ষেত্ৰত দেখা যায়। এই দুয়োবিধ সমস্যাৰ নিয়ন্ত্ৰণত মূলাৰ পাতে সহায় কৰিব পাৰে।
মূলাৰ পাতত ফাইবাৰ উপলব্ধ বাবে ই হজম শক্তি উন্নত কৰে। ইয়াৰ সহায়ত কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও সকাহ লাভ কৰিব পাৰি।
মূলাৰ পাতত ভিটামিন চি উপলব্ধ বাবে শীতকালত হোৱা ঋতুভিত্তিক বহু ৰোগৰ পৰা আমাৰ দেহক সুৰক্ষা প্ৰদান কৰে।
মূলা পাতত থকা কেলৰিৰ পৰিমাণ কম বাবে বহুসময়লৈ পেট ভৰি থাকে। এইদৰে বহু সময়লৈ ভোক অনুভৱ নহয় বাবে ওজন নিয়ন্ত্ৰণত সুবিধাজনক হয়।
মূলাৰ পাতত যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায়। ৰক্তহীনতা ৰোগীৰ ক্ষেত্ৰত আইৰণ অত্যন্ত উপকাৰী হিচাপে বিবেচিত হয়।
পঢ়িবলৈ ক্লিক কৰক
পাকিস্তানক আঘাত দিয়াৰ সুযোগ ৰোহিতৰ হাতত