Morning News: ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পৰা ট্ৰাম্পৰ ফোনলৈ, পুৱাৰ খবৰসমূহ…
Morning Headline: আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তেওঁ প্ৰথমে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

পুৱাৰ খবৰ
আজি ১৭ অক্টোবৰ, শুকুৰবাৰ। প্ৰতিটো দিনত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত বহু ঘটনা-পৰিঘটনা সংঘটিত হয়। বৰ্তমান আমাৰ চাৰিওফালে চলি থকা কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
- অসম চৰকাৰে কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত ৰাজ্যিক কর্মচাৰি আৰু পেঞ্চনাৰসকলক মৰগীয়া বানচ/মৰণীয়া সাহায্য প্রদানত অনুমোদন জনাইছে। অক্টোবৰ মাহৰ ৫৮% সংশোধিত মৰগীয়া বানচ/মৰগীয়া সাহায্য নৱেম্বৰৰ পৰা পৰিশোধ কৰিব।
- ৰাজ্যিক চৰকাৰে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে এক পৰিকল্পনা সমিতি গঠন কৰিছে। এই সমিতিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে কেইবাগৰাকী বিশিষ্ট লোকৰ নাম অন্তৰ্ভুক্ত কৰে।
- জুবিন গাৰ্গৰ ক্ষিপ্ৰ ন্যায় সুনিশ্চিত কৰিবলৈ চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ সিদ্ধান্ত। ইয়াত এগৰাকী বিশেষ ৰাজহুৱা অধিবক্তাক নিযুক্তি দিয়া হ’ব। লগতে অহা নৱেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰিব। তেওঁ প্ৰথমে সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু পাছত শিল্পীগৰাকীৰ ঘৰলৈ গৈ পৰিয়ালক সমবেদনা জনাব।
- বিহাৰৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে দলসমূহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ইয়াৰ মাজতে বিজেপিয়ে লৈছে এক ডাঙৰ সিদ্ধান্ত। বিহাৰ নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
- জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। তেওঁ জম্মু-কাশ্মীৰৰ ১৫০ বছৰীয়া “দৰবাৰ মুভ” পৰম্পৰা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ অধীনত প্ৰতি ৬ মাহৰ মূৰে মূৰে জম্মু-কাশ্মীৰৰ ৰাজধানীক শ্ৰীনগৰৰ পৰা জম্মুলৈ স্থানান্তৰ কৰা হয়।
- ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিৰন্তৰ চেষ্টা চলাই আহিছে। এই সন্দৰ্ভত ট্ৰাম্পে পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। এই আলোচনা সকৰাত্মক আছিল বুলি কয় ট্ৰাম্পে।
অন্য খবৰ পঢ়কঃ ৰাজ্যিক কৰ্মচাৰীৰ DA বৃদ্ধিৰ পৰা সত্ৰ সুৰক্ষালৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…