শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেৱালীৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ ৰূপে দিব ২০০০ টকা! আপুনিও লাভ কৰিবনে এই উপহাৰ?

সূত্ৰ মতে দেৱালী আৰু কালী পূজাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে উপহাৰ স্বৰূপে আগবঢ়াব ২ হাজাৰ টকা। এনে পৰিস্থিতিত উৎসৱৰ এই আনন্দ দেশবাসীৰ বাবে হৈ পৰিব অধিক ৰঙীন। পিছে কেন্দ্ৰৰ এই উপহাৰ কোনে লাভ কৰিব? সকলোৱে পাবনে এই উপহাৰ?

দেৱালীৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ ৰূপে দিব ২০০০ টকা! আপুনিও লাভ কৰিবনে এই উপহাৰ?
প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 16 Oct 2025 21:13 PM

দুৱাৰডলিত পোহৰৰ উৎসৱ দেৱালী। সমান্তৰালকৈ উদযাপন কৰিব কালী পূজা। এই উৎসৱৰ বাবে মাজত আৰু এসপ্তাহতকৈও কম সময়। উৎসৱৰ এই বিশেষ ক্ষণত পোহৰেৰে আলোকিত হ’ব সমগ্ৰ দেশ। তাৰ মাজতে আহিছে এক সুখবৰ। দেশবাসীক উৎসৱৰ বতৰত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব বিশেষ উপহাৰ। সূত্ৰ মতে দেৱালী আৰু কালী পূজাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে উপহাৰ স্বৰূপে আগবঢ়াব ২ হাজাৰ টকা। এনে পৰিস্থিতিত উৎসৱৰ এই আনন্দ দেশবাসীৰ বাবে হৈ পৰিব অধিক ৰঙীন।

পিছে কেন্দ্ৰৰ এই উপহাৰ কোনে লাভ কৰিব? সকলোৱে পাবনে এই উপহাৰ? এই প্ৰশ্ন মনলৈ অহাটো নিতান্তই স্বাভাৱিক। পিছে কেন্দ্ৰৰ এই উপহাৰ সকলোৰে বাবে নহয়। দেশৰ কৃষকসকলে লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ২ হাজাৰ টকাৰ উপহাৰ। পিছে কি এই উপহাৰ!

প্ৰকাশিত খবৰ অনুসৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২১ সংখ্যক কিস্তি হিচাপে এই ধন লাভ কৰিব কৃষকসকলে। উল্লেখ্য যে এই পি এম কিষাণ আঁচনিৰ অধীনত কেন্দ্রীয় চৰকাৰে দেশৰ কৃষকসকলক বছৰি ৬ হাজাৰ টকাকৈ সাহায্য আগবঢ়ায়। প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২ হাজাৰ টকাকৈ তিনিটা কিস্তিত এই সাহায্য দিয়া হয়।

এতিয়া দেৱালী তথা কালী পূজাৰ পূৰ্বে দেশৰ কৃষকসকলে এই আঁচনিখনৰ পৰৱৰ্তী কিস্তিৰ ধন লাভ কৰিব। বিগত আগষ্ট মাহত কেন্দ্ৰই আঁচনিখনৰ ২০ তম কিস্তি আগবঢ়াইছিল। পিছে এইবাৰ নিৰ্ধাৰিত সময়ৰ আগতেই উৎসৱৰ বাবে ধনৰাশি আগবঢ়োৱা হ’ব বুলি প্ৰকাশ পাইছে। অৱশ্যে এই সন্দৰ্ভত কেন্দ্ৰই কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

কেইবাটাও সংবাদ মাধ্যমৰ সূত্ৰইহে দেৱালীৰ বাবে ধনৰাশি আগতীয়াকৈ প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে আঁচনিৰ হিতাধিকাৰী কৃষকসকলে যদি KYC- ৰ কাম এতিয়াও সম্পূর্ণ কৰা নাই, তেতিয়া তেওঁলোকে প্রধানমন্ত্রী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ নকৰিব।