গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এজনীয়া তদন্ত আয়োগ গঠন, এইদৰে আগবঢ়াব জুবিন গাৰ্গ গোচৰৰ তদন্ত
অহা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ আয়োগৰ সমুখত ঘটনা সন্দৰ্ভত জবানবন্দী দিব পাৰিব। ঘটনা সন্দৰ্ভত জবানবন্দী দিয়া লোকসকলে শপতনামাৰ সৈতে তথ্যৰ সমৰ্থনত নথিৰ তালিকা জমা দিব লাগিব।

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে আজি অসম চৰকাৰে এখন এজনীয়া তদন্ত আয়োগ গঠন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত এই তদন্ত আয়োগ গঠন কৰা হৈছে। ১৯৫২ চনৰ তদন্ত আয়োগ অধিনিয়মৰ অধীনত অসম চৰকাৰে গঠন কৰা এই তদন্ত আয়োগে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি সন্দৰ্ভত তদন্ত কৰিব। ন্যায়াধীশ সৌমিত্র শইকীয়াৰ এই তদন্ত আয়োগে অহা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ গোচৰটোৰ ন্যায়িক তদন্ত কৰিব।
এই তদন্ত আয়োগে লগতে ঘটনাৰ পূৰ্বৱতী আৰু পৰৱৰ্তী সময়ছোৱাত সংঘটিত হোৱা পৰিঘটনাসমূহৰ ক্ৰম নির্ণয় কৰিব। আয়োগে লগতে ঘটনাৰ সৈতে জড়িত কোনো ব্যক্তি বিশেষ, কর্তৃপক্ষ বা প্রতিষ্ঠানৰ ফালৰ পৰা কোনো ত্রুটি বা গাফিলতি হৈছে নেকি সেই সন্দৰ্ভতো পৰীক্ষা কৰিব।
ইয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কোনো চক্রান্ত বা ষড়যন্ত্রৰ সম্ভাৱনীয়তা তথা বাহ্যিক কাৰক আছিল নেকি, সেই বিষয়েও আয়োগে তদন্ত কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি সম্পর্কে আয়োগৰ ওচৰত তথ্য প্রদান কৰিব পাৰিব।
অহা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ আয়োগৰ সমুখত ঘটনা সন্দৰ্ভত জবানবন্দী দিব পাৰিব। ঘটনা সন্দৰ্ভত জবানবন্দী দিয়া লোকসকলে শপতনামাৰ সৈতে তথ্যৰ সমৰ্থনত নথিৰ তালিকা জমা দিব লাগিব। চানমাৰিস্থিত খাদী আৰু গ্রামোদ্যোগ ব’ৰ্ডৰ চৌহদত ন্যায়াধীশ সৌমিত্র শইকীয়াৰ আয়োগে জবানবন্দী গ্ৰহণ কৰিব।
এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দেওবাৰৰ দিনকেইটা বাদ দি প্ৰতিদিনে পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ সাক্ষ্য তথা জবানবন্দী গ্ৰহণ কৰা হ’ব।