শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দুপৰীয়াৰ টোপনি সঁচাকৈয়ে বিপজ্জনক নেকি? বিশেষজ্ঞই দিছে আপুনি বিচাৰি থকা প্ৰশ্নৰ উত্তৰ

একাংশ লোকে বিশ্বাস কৰে যে দুপৰীয়াৰ টোপনি অতি প্ৰয়োজনীয়। কিন্তু আন একাংশ লোকে দুপৰীয়াৰ টোপনি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি বিশ্বাস কৰে। যদি আপুনিও এই দ্বিধাদ্বন্দ্বত ভুগি আছে, তেতিয়াহ’লে বিশেষজ্ঞৰ মতামতে আপোনাক সঠিক উত্তৰ বিচৰাত সহায় কৰিব।

দুপৰীয়াৰ টোপনি সঁচাকৈয়ে বিপজ্জনক নেকি? বিশেষজ্ঞই দিছে আপুনি বিচাৰি থকা প্ৰশ্নৰ উত্তৰ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 17 Oct 2025 15:00 PM

দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত বহুলোকৰে বিচনাত বাগৰ দিয়াৰ অভ্যাস থাকে কিছুসময় টোপন মাৰি কামৰ হেঁচাৰ ফলত হোৱা অৱসাদ দূৰ কৰে পিছে দুপৰীয়াৰ টোপনি ভাল নে বেয়া, সেই লৈ বহুলোকৰ মাজত দ্বিধাবোধ থকা দেখা যায় একাংশ লোকে বিশ্বাস কৰে যে দুপৰীয়াৰ টোপনি অতি প্ৰয়োজনীয় ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু নিশা বহুদেৰিলৈ সাৰে থকাৰ অভ্যাসৰ বাবে এতিয়া দুপৰীয়াৰ টোপনি বহুলোকৰ বাবে দৈনন্দিন এক অভ্যাস হৈ পৰিছে

কিন্তু আন একাংশ লোকে দুপৰীয়াৰ টোপনি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি বিশ্বাস কৰে। এনে দ্বিধা তথা মতভেদৰ বাবেই দুপৰীয়াৰ টোপনিক লৈ স্বাস্থ্য সচেতন লোকৰ মাজত প্ৰশ্ন উত্থাপন হয় যদি আপুনিও এই দ্বিধাদ্বন্দ্বত ভুগি আছে, তেতিয়াহলে বিশেষজ্ঞৰ মতামতে আপোনাক সঠিক উত্তৰ বিচৰাত সহায় কৰিব চাওক এই বিষয়ে

বিশেষজ্ঞসকলে কি কয়?

দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ পালমন’লজী আৰু শ্লিপ মেডিচিন বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা চিকিৎসক ডাঃ অনিমেশ আৰ্যই উল্লেখ কৰা মতে ২০ৰ পৰা ৩০ মিনিট লঘু টোপনি লে দুপৰীয়াৰ টোপনি স্বাস্থ্যৰ বাবে উপকাৰী বিবেচিত হয়। কম সময়ৰ এনে টোপনিয়ে শৰীৰ আৰু মন দুয়োটাকে সজীৱ কৰে বাবে মনোযোগৰ মাত্ৰা উন্নত হয়

তদুপৰি দুপৰীয়া অলপ সময়ৰ টোপনিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, মানসিক চাপ কমায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এনে দিশসমূহৰ বাবে দুপৰীয়াৰ টোপনি দেহৰ বাবে উপকাৰী বুলি বিবেচিত হয় গতিকে কম সময়ৰ বাবে দুপৰীয়া শোৱা লোকসকলৰ বাবে চিন্তাৰ কোনো কাৰণ নাই

দুপৰীয়াৰ টোপনি কোনে এৰাই চলিব লাগে?

ইফালে দুপৰীয়াৰ টোপনি এঘণ্টাৰ অধিক হ’ব নালাগে বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে কিয়নো ইয়াৰ ফলত নিশাৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু টোপনিত ব্যাঘাত জন্মিব পাৰে। তদুপৰি টোপনিৰ অভাৱত ভোগা লোকসকল, ডায়েবেটিছ বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দুপৰীয়াৰ টোপনি লোৱাৰ পৰা বিৰত থাকিব লাগে।

দুপৰীয়া ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত শুবলৈ চেষ্টা কৰকবেছি সময় শুলে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। মন আৰু শৰীৰ দুয়োটাৰে বাবে টোপনি অতি প্ৰয়োজনীয়। সেইবাবেই বিশেষজ্ঞসকলে দৈনিক কমেও ৭-৮ ঘণ্টা সময় টোপনিৰ পৰামৰ্শ দিয়ে। কিন্তু কিছু লোকৰ ক্ষেত্ৰত টোপনি কম হোৱাৰ বিপৰীতে কিছুমানে সঘনাই টোপনিয়াই থকা দেখা যায়

এনে পৰিস্থিতিত টোপনিৰ মান উন্নত কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি টোপনিৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হৈছে, তেতিয়া যোগাসন কৰি চাব পাৰে। বালাসন, শৱাসন, অনুলোম-বিলোম আৰু ভ্ৰামাৰি প্ৰাণায়াম আদি ভংগীমাৰ অভ্যাস কৰক। ইয়াৰ উপৰিও শুবলৈ লোৱাৰ পূৰ্বে অন্ততঃ এঘণ্টা ধৰি মোবাইল ফোন বা লেপটপ ব্যৱহাৰ নকৰিব। ৰাতি কেফেইনযুক্ত আহাৰ বা পানীয় পৰিহাৰ কৰক।