শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এইবাৰ বিহাৰৰ ভোটাৰৰ মন জয় কৰাৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা, মোদী-শ্বাহৰ সৈতে পালন কৰিব এনে গুৰুদায়িত্ব

ৰাষ্ট্ৰীয় ৰাজনীতিত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঝাৰখণ্ডতো দলৰ হৈ এনে দায়িত্ব পালন কৰিছিল। অৱশ্যে ঝাৰখণ্ডত তেওঁৰ প্ৰচাৰে বিশেষ ফল দিব পৰা নাছিল বিজেপিক। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ শীৰ্ষ নেতাসকলৰ সৈতে বিহাৰৰ জনতাৰ মন জয় কৰাৰ লক্ষ্যৰে প্ৰচাৰত নামিব।

এইবাৰ বিহাৰৰ ভোটাৰৰ মন জয় কৰাৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা, মোদী-শ্বাহৰ সৈতে পালন কৰিব এনে গুৰুদায়িত্ব
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Updated On: 16 Oct 2025 23:18 PM

কাষ চাপিছে বিহাৰ বিধানসভা নিৰ্বাচন বিহাৰৰ ৰাজনীতিত নিজৰ ভেটি শক্তিশালী কৰি তুলি ক্ষমতা দখলৰ লক্ষ্যৰে জোৰদাৰ প্ৰস্তুতি চলাইছে ৰাজনৈতিক দলসমূহে বিহাৰৰ ভোটাৰৰ মন জয় কৰাৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলেই নামি পৰিছে প্ৰচাৰত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তোলাৰ লক্ষ্যৰে বিজেপিয়ে ঘোষণা কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি এই ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাত দেখা যাব বহুকেইজন ৰথীমহাৰথীক

বিজেপিয়ে প্ৰকাশ কৰা এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত স্থান দিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ৰাষ্ট্ৰীয় ৰাজনীতিত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ঝাৰখণ্ডতো দলৰ হৈ এনে দায়িত্ব পালন কৰিছিল অৱশ্যে ঝাৰখণ্ডত তেওঁৰ প্ৰচাৰে বিশেষ ফল দিব পৰা নাছিল বিজেপিক

এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ শীৰ্ষ নেতাসকলৰ সৈতে বিহাৰৰ জনতাৰ মন জয় কৰাৰ লক্ষ্যৰে প্ৰচাৰত নামিব। ঘোষিত এই ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আদিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

তালিকাত পাঁচগৰাকী মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মাসহ এই তালিকাত আন চাৰিগৰাকী মুখ্যমন্ত্ৰীৰ নামো সন্নিবিষ্ট কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অধিকাংশ জিলাতে সমাৱেশৰ বাবে অনুৰোধ জনাইছে বুলি খবৰ পোহৰলৈ আহিছে।

তালিকাত আছে এইসকল নেতাও

এওঁলোকৰ উপৰিও বিজেপিৰ এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আাছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিল, বিহাৰ বিজেপিৰ সভাপতি দিলীপ কুমাৰ জয়ছোৱাল, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, বিজয় কুমাৰ সিনহাৰ নাম

 

তদুপৰি ৰেণু দেৱী, প্ৰেম কুমাৰ, নিত্যানন্দ ৰায়, ৰাধা মোহন সিং, সাধৱী নিৰঞ্জন জ্যোতি, সতীশ চন্দ্ৰ ডুবে, ৰাজ ভূষণ চৌধুৰী, অশ্বিনী কুমাৰ চৌবে, ৰবি শংকৰ প্ৰসাদ, নন্দ কিশোৰ যাদৱ, ৰাজীৱ প্ৰতাপ ৰুডী, সঞ্জয় জয়ছোৱাল, বিনোদ তাওডে, বাবুলাল মৰাণ্ডী, প্ৰদীপ কুমাৰ সিং, এন ডি এৰ প্ৰাৰ্থীৰ হৈ গোপালজী ঠাকুৰ, জনক ৰাম, পৱন সিং, মনোজ তিৱাৰী, ৰবি কিষাণ আৰু দীনেশ লাল যাদৱ ‘নিৰহুৱা’য়েও প্ৰচাৰ চলাব।

৬ আৰু ১১ নৱেম্বৰত হ ভোটদান

ইতিমধ্যে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ঘোষিত সূচী অনুসৰি ২৪৩খন আসনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে দুটা পৰ্যায়ত ক্ৰমে ৬ আৰু ১১ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ১৪ নৱেম্বৰত ফলাফল ঘোষণা কৰা হ’ব।