শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Dhanteras 2025: ধনতেৰাচত ঝাড়ু ক্ৰয় কৰিলে সঁচাকৈয়ে ঘটে নেকি ভাগ্যোদয়! ঘৰৰ কোন দিশত ৰাখিব ঝাড়ু, চাওক…

ধনতেৰাচত ঝাড়ু ক্ৰয় কৰিলে সৌভাগ্যৰ আগমন ঘটে আৰু ধন-সম্পত্তিৰে জীৱন সুখকৰ হৈ পৰে বুলি বিশ্বাস কৰা হয়। এই কথা অধিকাংশ লোকেই বিশ্বাস কৰে। পিছে পুৰাণত এই সন্দৰ্ভত কি কোৱা হৈছে? সঁচাকৈয়ে ধনতেৰাচত ঝাড়ু ক্ৰয় কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়নে?

Dhanteras 2025: ধনতেৰাচত ঝাড়ু ক্ৰয় কৰিলে সঁচাকৈয়ে ঘটে নেকি ভাগ্যোদয়! ঘৰৰ কোন দিশত ৰাখিব ঝাড়ু, চাওক…
ধনতেৰাচত ঝাড়ু ক্ৰয় কৰিব নেকি?Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 17 Oct 2025 16:35 PM

কাইলৈ দেশজুৰি উদযাপন কৰা ধনতেৰাচ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত এই দিনটোৰ বিশেষ গুৰুত্ব আছে ধনতেৰাচৰ দিনটোত সোণ ক্ৰয় কৰাটো শুভ হিচাপে গণ্য কৰা হয় সেয়ে বহুলোকে ধনতেৰাচৰ সময়ত বহুলোকে সোণ ক্ৰয় কৰা দেখিবলৈ পোৱা যায় পিছে সোণৰ দাম অধিক হোৱাৰ বাবে সকলো লোকৰে সোণ ক্ৰয়ৰ সামৰ্থ্য নাথাকে সেইবাবেই এই দিনটোত বহু লোকে ৰূপ আৰু পিতলৰ সামগ্ৰীও ক্ৰয় কৰে। আনহাতে আন বহু লোকে ঝাড়ু ক্ৰয় কৰা দেখা যায়।

ধনতেৰাচত ঝাড়ু ক্ৰয় কৰিলে সৌভাগ্যৰ আগমন ঘটে আৰু ধনসম্পত্তিৰে জীৱন সুখকৰ হৈ পৰে বুলি বিশ্বাস কৰা হয় এই কথা অধিকাংশ লোকেই বিশ্বাস কৰে। পিছে পুৰাণত এই সন্দৰ্ভত কি কোৱা হৈছে? সঁচাকৈয়ে ধনতেৰাচত ঝাড়ু ক্ৰয় কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়নে?

দৰাচলতে বহুলোকে বিশ্বাস কৰে যে ধনতেৰাচৰ দিনটোত নতুন ঝাড়ু ক্ৰয় কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰি। পুৰাণৰ মতে ঝাড়ু লক্ষ্মী দেৱীৰ প্ৰতীক। কাৰণ ই ঘৰৰ পৰা অশুভ শক্তি দূৰ কৰে। সেইবাবেই ধনতেৰাচৰ দিনা ঝাড়ু ক্ৰয় কৰিলে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ কৰি সমৃদ্ধি আনিব পৰা যায় বুলি বহুলোকে বিশ্বাস কৰে।

একে সময়তে এই দিনটোত নতুন ঝাড়ু ক্ৰয় কৰিলে বছৰটোৰ বাকী সময়খিনি ধনসম্পদৰ আগমন ঘটাৰ লগতে ঘৰখনত শান্তি নিশ্চিত হয় ইয়াৰ সমান্তৰালকৈ ঋণৰ পৰা মুক্তি পোৱা যায় বুলিও বিশ্বাস কৰা হয়। সেয়ে এই দিনটোত একাংশ লোকে দোকানৰ পৰা ঝাড়ু ক্ৰয় কৰি আনে

এতিয়া প্ৰশ্ন হয়, এই ঝাড়ু কেতিয়া ক্ৰয় কৰিব লাগে আৰু ঘৰত কোন স্থানত ৰাখিব লাগে? সন্ধিয়াৰ পূৰ্বে ঝাড়ু ক্ৰয় কৰাটো আটাইতকৈ শুভ হিচাপে গণ্য কৰা হয়। কাৰণ তেতিয়াই পোহৰৰ যোগেদি দেৱী লক্ষ্মীক আমন্ত্ৰণ কৰা হয়। ঝাড়ুটো দুৱাৰৰ পিছফালে বা দক্ষিণ-পশ্চিম চুকত ৰাখিলে ভাল ফলাফল পোৱা যাব বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত ঋণাত্মক শক্তি আঁতৰি থাকে আৰু ঘৰলৈ ধন-সম্পত্তি আনে।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উল্লেখ কৰা তথ্যসমূহ হিন্দু শাস্ত্ৰ তথা লোকবিশ্বাসৰ ওপৰত আধাৰিত ইয়াৰ বাবে TV9 Assam দায়ী নহয়।