শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপাৰেশ্যন সেন্দূৰ: ভাৰতে ধ্বংস কৰা ৯ টা সন্ত্ৰাসবাদী ঘাটিৰ সবিশেষ জানি লওক

ভাৰতে পাকিস্তানৰ যিবোৰ লক্ষ্যত আঘাত কৰে, তাৰ ভিতৰত আছিল মুজাফ্ফৰাবাদ, কোটলি, বাহাৱালপুৰ, ৰাৱালাকোট, চাকশ্বৰী, ভীম্বাৰ, নীলম উপত্যকা, ঝিলাম আৰু চাকৱাল । এই সকলোবোৰ স্থান সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছিল ।

অপাৰেশ্যন সেন্দূৰ: ভাৰতে ধ্বংস কৰা ৯ টা সন্ত্ৰাসবাদী ঘাটিৰ সবিশেষ জানি লওক
অপাৰেশ্যন সেন্দূৰImage Credit source: AFP
raj-saikia
Raj Saikia | Published: 08 May 2025 12:19 PM

যোৱা এপ্ৰিল মাহৰ ২২ তাৰিখে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে মঙলবাৰে নিশা ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা স্থানত ২৪টা প্ৰিচিচন ক্ৰুজ মিছাইলেৰে আক্ৰমণ সংঘটিত কৰে । সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীয়ে ভাৰতত চলোৱা আক্ৰমণৰ বিৰুদ্ধে এই অভিযান চলাইছিল ভাৰতে ।

ভাৰতে পাকিস্তানৰ যিবোৰ লক্ষ্যত আঘাত কৰে, তাৰ ভিতৰত আছিল মুজাফ্ফৰাবাদ, কোটলি, বাহাৱালপুৰ, ৰাৱালাকোট, চাকশ্বৰী, ভীম্বাৰ, নীলম উপত্যকা, ঝিলাম আৰু চাকৱাল । এই সকলোবোৰ স্থান সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছিল ।

ভাৰতে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT) আৰু জৈছ-ই-মহম্মদ (JeM)ৰ শিবিৰত প্ৰিচিচন ক্ৰুজ মিছাইল নিক্ষেপ কৰে । এই অভিযানৰ নাম দিয়া হয় অপাৰেশ্যন সেন্দূৰ । প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰা তথ্যৰ ভিত্তিত তলত প্ৰতিটো লক্ষ্যৰ সবিশেষ দিয়া হৈছে-

১/ মাৰ্কাজ চুভান আল্লাহ, জইছ-ই-মহম্মদ (JeM), বাহাৱালপুৰ, পঞ্জাৱ, পাকিস্তান

পাকিস্তানৰ পঞ্জাৱৰ বাহাৱালপুৰৰ কৰাচী ম’ৰৰ উপকণ্ঠত ৰাষ্ট্ৰীয় ঘাইপথ-৫ (কৰচী-টৰখাম ঘাইপথ)ত অৱস্থিত মাৰ্কাজ চুভান আল্লাহ । এইটোৱেই হৈছে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে জইছ-ই-মহম্মদৰ মূল কেন্দ্ৰ, আৰু ই ১৫ একৰ মাটিত বিস্তৃত ।

এই মাৰ্কাজে জইছ-ই-মহম্মদৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় হিচাপে কাম কৰে আৰু ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামা আত্মঘাতী বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰা সন্ত্ৰাসবাদীৰ সৈতে এই মাৰ্কাজ জড়িত । পুলৱামা আক্ৰমণৰ সন্ত্ৰাসবাদীক এই শিবিৰতে প্ৰশিক্ষণ দিয়া হৈছিল ।

এই মাৰ্কাজত জইছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজাহাৰ, জইছ-ই-মহম্মদৰ আন এজন মুৰব্বী মুফতি আব্দুল ৰাউফ আছঘৰ, মৌলানা অম্মৰ আৰু পৰিয়ালৰ সদস্যৰ ঘৰ থাকে । মাছুদ আজহাৰ জইছ-ই-মহম্মদৰ ডি-জুৰ মুৰব্বী হৈ আছে আৰু ইছলামাবাদ বা ৰাৱালপিণ্ডীৰ কোনো অজ্ঞাত স্থানত পাকিস্তানী কৰ্তৃপক্ষৰ সুৰক্ষামূলক জিম্মাত তেওঁ আছে । আনহাতে জইছ-ই-মহম্মদৰ প্ৰকৃত কাৰ্যকলাপ মুফতিয়ে চম্ভালে ।

জইছ-ই-মহম্মদে মাৰ্কাজ চুভান আল্লাহত সন্ত্ৰাসবাদীৰ বাবে নিয়মীয়াকৈ অস্ত্ৰ-শস্ত্ৰ, শাৰীৰিক আৰু ধৰ্মীয় প্ৰশিক্ষণ প্ৰদান কৰে । এই মাৰ্কাজত মুফতি আব্দুল ৰাউফ আছঘৰৰ দৰে জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী আৰু মাছুদ আজাহাৰ আৰু তেওঁৰ ভায়েক ইউছুফ আজাহাৰ ওৰফে জইছ-ই-মহম্মদৰ সশস্ত্ৰ শাখাৰ মুৰব্বী উস্তাদ ঘোৰী আৰু অন্যান্য ভাতৃসকলে বাস কৰে ।

২/ মাৰ্কাজ তৈবা, লস্কৰ-ই-তৈবা, মুৰিডকে, পঞ্জাৱ

২০০০ চনত স্থাপন কৰা মাৰ্কাজ তৈবা হৈছে ‘আলমা মেটাৰ’ আৰু পাকিস্তানৰ পঞ্জাৱৰ শ্বেইখুপুৰা, মুৰিডকেৰ নাংগল চাহদানত অৱস্থিত লস্কৰ-ই-তৈবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কেন্দ্ৰ । ৮২ একৰ মাটিত বিস্তৃত এই কমপ্লেক্সটোত মাদ্ৰাছা, এখন বজাৰ, সন্ত্ৰাসবাদীৰ বাবে আৱাসিক এলেকা, ক্ৰীড়াৰ সুবিধা, এখন মীন পাম আৰু কৃষিভূমি আছে ।

এই কমপ্লেক্সত অস্ত্ৰ-শস্ত্ৰ আৰু শাৰীৰিক প্ৰশিক্ষণৰ সুবিধা আছে, লগতে ইয়াত পাকিস্তান আৰু বিদেশ উভয়ৰে পৰা মানুহক সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে দাৱাহ (ইছলামলৈ মানুহক আমন্ত্ৰণ জনোৱা) নামৰ কাৰ্যকলাপো চলে । মাৰ্কাজত পুৰুষ সন্ত্ৰাসবাদীৰ বাবে ধৰ্মীয় শিক্ষাৰ ব্যৱস্থা কৰা চুফা একাডেমী আৰু মহিলাৰ বাবে এটা সুকীয়া চুফা শিক্ষা কেন্দ্ৰ আছে ।

এই মাৰ্কাজে ছাত্ৰ-ছাত্ৰীক সশস্ত্ৰ জেহাদত যোগদান কৰিবলৈ প্ৰেৰণা যোগাবলৈ উগ্ৰবাদীকৰণৰ বাবে এক ক্ষেত্ৰ হিচাপে কাম কৰে । ইয়াক সন্ত্ৰাসবাদী কাৰখানাৰ সৈতে তুলনা কৰিব পাৰি । ইয়াত বছৰি প্ৰায় ১০০০ যুৱক-যুৱতীক নামভৰ্তি কৰা হয় । এই সুবিধাত লস্কৰ-ই-তৈবা আৰু JuD এ নিজৰ সমগ্ৰ সন্ত্ৰাসবাদী নেতৃত্বৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ গ্ৰহণ কৰে । ২০০০ চনত মাৰ্কাজ তৈবা কমপ্লেক্সৰ ভিতৰত মছজিদ আৰু অতিথিশালা নিৰ্মাণৰ বাবে ওছামা বিন লাডেনে এক কোটি টকাৰ ধন আগবঢ়াইছিল ।

পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা (ISI)ৰ নিৰ্দেশত আজমল কাছাভকে ধৰি ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সকলো দোষীক এই মাৰ্কাজতে ‘দৌৰা-ই-ৰিবাট’ (চোৰাংচোৱা প্ৰশিক্ষণ) প্ৰদান কৰা হয় । ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰধান ষড়যন্ত্ৰকাৰী ডেভিদ কলমেন হেডলী আৰু তাহাউৰ হুছেইন ৰানাই জাকি-উৰ-ৰেহমান লখৱীৰ নিৰ্দেশনাত আব্দুল ৰেহমান ছায়েদ ওৰফে পাছা, হাৰুণ আৰু খুৰৰাম (সহ-ষড়যন্ত্ৰকাৰী)ৰ সৈতে মুৰিডকে ভ্ৰমণ কৰে ।

৩/ চাৰ্জল/তেহৰা কালান ফেচিলিটি, জয়ছ-ই-মহম্মদ, শকৰগড়, নৰোৱাল জিলা, পঞ্জাৱ, পাকিস্তান

তেহৰা কালান ওৰফে চাৰ্জল হৈছে জম্মু-কাশ্মীৰত অনুপ্ৰৱেশৰ বাবে জয়ছ-ই-মহম্মদৰ মূল উৎক্ষেপণ স্থান । পাকিস্তানৰ পঞ্জাৱৰ নৰোৱাল জিলাৰ শকৰগড় তহচিলত অৱস্থিত । এই ঘাটিটো তেহৰা কালান গাঁৱৰ এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত লুকুৱাই ৰখা হৈছে, যাতে ইয়াৰ প্ৰকৃত উদ্দেশ্য গোপন হৈ থাকে ।

সন্ত্ৰাসবাদী সমৰ্থক পাকিস্তানৰ আই এছ আইয়ে সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি লুকুৱাবলৈ চৰকাৰী ভৱনত আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ কাষত এনে উৎক্ষেপণৰ ঘাটি স্থাপনৰ সুবিধা প্ৰদান কৰিছে । দৰাচলতে পাকিস্তানৰ পঞ্জাৱত জয়ছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদিনৰ আন কেইবাটাও ঘাটি আইএছআইৰ সহায়ত মৌলিক স্বাস্থ্য ইউনিট আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা চলি থাকে ।

জম্মু-কাশ্মীৰৰ চাম্বা খণ্ডত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত (৬ কিলোমিটাৰ) থকাৰ বাবে এই জয়ছ-ই-মহম্মদৰ ঘাটিয়ে বিশেষ প্ৰাধান্য লাভ কৰিছে । ই ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণৰ বাবে সীমা অতিক্ৰম কৰি সুৰংগ খন্দাৰ ঘাটি হিচাপে কাম কৰে । আই এছ আই আৰু জয়ছ-ই-মহম্মদে শকৰগড়ত সুৰংগৰ নেটৱৰ্ক গঢ়ি তুলিছিল, যিটো তেওঁলোকে ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰে ।

আৰ্নিয়া-জম্মু খণ্ডত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে খন্দা সকলো সুৰংগ এই ঘাটিৰ পৰা নিয়ন্ত্ৰণ হৈছিল । ভাৰতৰ ভূখণ্ডত নিক্ষেপ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু ড্ৰাগছ কঢ়িয়াই অনা ড্ৰ’নৰ উৎক্ষেপণৰ ঘাটি হিচাপেও ই কাম কৰে ।

৪/ মেহমুনা জয়া ঘাটি, হিজবুল মুজাহিদীন (এইচ এম), হেড মাৰালা, শিয়ালকোট

পাকিস্তানৰ পঞ্জাৱৰ শিয়ালকোট জিলাৰ হেড মৰালা অঞ্চলৰ কোটলি ভুট্টা চৰকাৰী চিকিৎসালয়ৰ সমীপত হিজবুল মুজাহিদীনৰ মেহমুনা জয়া ঘাটি আছে । আই এছ আইয়ে আই বি আৰু এল অ’ চিৰ কাষত চৰকাৰী অট্টালিকাত এনে উৎক্ষেপণৰ সুবিধা স্থাপনত সহায় কৰিছিল যাতে সন্ত্ৰাসবাদী আন্তঃগাঁথনি গোপনে ৰাখিব পাৰি ।

এই ঘাটিসমূহ জম্মু অঞ্চলত হিজবুল সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ বাবে ব্যৱহাৰ কৰা হয় । ইয়াত অস্ত্ৰ-শস্ত্ৰ চম্ভালাৰ প্ৰশিক্ষণ দিয়া হয় । এই ঘাটিৰ মুৰব্বী মহম্মদ ইৰফান খান ওৰফে ইৰফান টাণ্ডা । বিশেষকৈ ১৯৯৫ চনৰ ২৬ জানুৱাৰীত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণত ইৰফান টাণ্ডা জড়িত আছিল । য’ত প্ৰায় ৫০ জনে প্ৰাণ হেৰুৱাইছিল ।

আক্ৰমণৰ পৰা সংকীৰ্ণভাৱে ৰক্ষা পৰে তেতিয়াৰ ৰাজ্যপাল কে ভি কৃষ্ণ ৰাও । ইৰফান টাণ্ডাই হিজবুল মুজাহিদীনৰ ঘাটিৰ পৰা জম্মু-কাশ্মীৰলৈ কেইবাটাও অনুপ্ৰৱেশৰ নিবিদাৰ নেতৃত্ব দিছে, আৰু কাশ্মীৰ উপত্যকাক ভিত্তি কৰি সন্ত্ৰাসবাদীৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ পৰিবহণ আৰু চোৰাং ব্যৱসায় চম্ভালিছে ।

এই ঘাটিৰ পৰা কাম কৰা আন হিজবুল মুজাহিদীন সন্ত্ৰাসবাদীসকল হ’ল আটা আল ৰেহমান আলফেজেই ওৰফে আবু লালা আৰু মাজ ভাই । তেওঁলোকে এই ঘাটিক চূড়ান্ত একশ্যন এলেকা হিচাপে ব্যৱহাৰ কৰি হিজবুল মুজাহিদীন সন্ত্ৰাসবাদীক ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ নেতৃত্ব দিয়ে ।

৫/ মাৰ্কাজ আহলে হাদীছ বৰ্ণালা, লস্কৰ-ই-তৈবা, ভীম্বাৰ জিলা, পাক অধিকৃত জম্মু-কাশ্মীৰ (PoJK)

বৰ্ণালাৰ মাৰ্কাজ আহলে হাদীছ PoJK ৰ LeT ৰ অন্যতম গুৰুত্বপূৰ্ণ মাৰ্কাজ আৰু ইয়াক LeT সন্ত্ৰাসবাদী আৰু পুঞ্চ-ৰাজৌৰী-ৰিয়াছি খণ্ডত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ অনুপ্ৰৱেশৰ বাবে ব্যৱহাৰ কৰা হয় । বৰনালা চহৰৰ বাহিৰৰ কোটে জামেল পথত অৱস্থিত এই মাৰ্কাজটো বৰ্ণালা চহৰৰ পৰা ৫০০ মিটাৰ আৰু কোটে জেমেল পথৰ পৰা ২০০ মিটাৰ দূৰত্বত অৱস্থিত ।

মাৰ্কাজ আহলে হাদীছত ১০০-১৫০জন সন্ত্ৰাসবাদী থাকিব পাৰে; এই মাৰ্কাজত সাধাৰণতে ৪০-৫০ জন সন্ত্ৰাসবাদী থাকে, ইয়াৰ পৰাই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তদাৰক কৰে । এই মাৰ্কাজ ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰাৰ আগতে LeT সন্ত্ৰাসবাদীৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হয় ।

এই মাৰ্কাজৰ পৰাই সন্ত্ৰাসবাদী কাছিম গুজ্জাৰ ওৰফে মাহৰোৰ, কাছিম খাণ্ডা, আৰু আনাছ জাৰাৰে কাম কৰে আৰু ইয়াৰ ওচৰতে বাস কৰে । খুবাইব ওৰফে মহম্মদ আমিন বাটে নিয়মিতভাৱে মাৰ্কাজ ভ্ৰমণ কৰে ।

ছাইফুল্লাহ চাজিদ জুট আৰু আবু কাতাল সিন্ধী (২০২৫ চনৰ মাৰ্চ মাহত নিহত)-এ সাধাৰণ নাগৰিকক লক্ষ্য কৰি আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু আক্ৰমণ সংঘটিত কৰিছিল । ইয়াৰ ভিতৰত ২০২৩ চনৰ ১ জানুৱাৰীত ৰাজৌৰীৰ ধনগ্ৰীত সংঘটিত আক্ৰমণত ৭ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ২০২৪ চনৰ ৯ জুনত ৰিয়াছিত তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছত ৯ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয় । LeT, জামাত-উদ-দাৱা আৰু জম্মু-কাশ্মীৰ সংযুক্ত আন্দোলনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত আৰু তদাৰক কৰাৰ বাবেও LeT আৰু জুডিৰ নেতাসকলে এই মাৰ্কাজ ভ্ৰমণ কৰে ।

৬/ মাৰ্কাজ আব্বাছ, জৈছ-ই-মহম্মদ, কোটলি

জয়ছ-ই-মহম্মদৰ মাৰ্কাজ ছাইদনা হজৰত আব্বাছ বিন আব্দুল মুতালিব (মাৰ্কজ আব্বাছ) পাক অধিকৃত কাশ্মীৰৰ কোটলিৰ মোহল্লা ৰলি ধৰা বাইপাছ ৰোডত অৱস্থিত । এই মাৰ্কাজ কোটলি সামৰিক শিবিৰৰ পৰা ২ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত । এই অট্টালিকাটোত ১০০-১২৫ জন জয়ছ-ই-মহম্মদ সন্ত্ৰাসবাদী থাকিব পাৰে আৰু যিকোনো সময়তে চৌহদত সদায় ৪০-৫০ জন সন্ত্ৰাসবাদী উপস্থিত থাকে ।

এই মাৰ্কাজৰ মুৰব্বী হাফিজ আব্দুল ছাকুৰ ওৰফে কাৰি জৰাৰ । কাৰি জাৰাৰ জয়ছ-ই-মহম্মদ পৰিষদৰ শ্বুৰা সদস্য, আৰু জয়ছ-ই-মহম্মদৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আৰু হৰকত-উল-মুজাহিদীন (হাম) সন্ত্ৰাসবাদীৰ অংশ যিয়ে হাম এৰি মৌলানা মাছুদ আজহাৰৰ সৈতে জয়ছ-ই-মহম্মদ প্ৰতিষ্ঠা কৰে ।

মাৰ্কাজ আব্বাছৰ গাতে লাগি থকা তিনিমহলীয়া অট্টালিকাত থাকে কাৰি জাৰাৰ । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিষ্পাদনৰ লগত তেওঁ প্ৰত্যক্ষভাৱে জড়িত । ২০১৬ চনৰ ২৯ নৱেম্বৰত জম্মুৰ নাগ্ৰোটাৰ বালিনী দলঙৰ সমীপৰ ভাৰতীয় সেনাৰ শিবিৰত আক্ৰমণ কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই বিচাৰি আছে কাৰি জাৰাৰক ।

আফগানিস্তানত থকা যোগাযোগৰ জৰিয়তে জয়ছ-ই-মহম্মদৰ বাবে ধন সংগ্ৰহৰ কামত জড়িত । মাৰ্কাজ আব্বাছত থকা আন জয়ছ-ই-মহম্মদ সন্ত্ৰাসবাদীসকলৰ ভিতৰত আছে কাৰি মাজ (কাৰি জাৰাৰৰ পুত্ৰ), মহম্মদ মাভিয়া খান, তাহিৰ নাজিৰ আৰু আবু বকৰ । পাঠানকোট আক্ৰমণৰ পিছত পূৰ্বে শিয়ালকোটৰ ডাস্কা মাৰ্কাজত জমা হৈ থকা জয়ছ-ই-মহম্মদৰ অস্ত্ৰ আৰু গোলাবাৰুদৰ ভঁৰালসমূহ পাক অধিকৃত কাশ্মীৰৰ কোটলিৰ মাৰ্কাজ আব্বাছলৈ স্থানান্তৰ কৰা হৈছে । কাৰি জাৰাৰে নিজেই নিজৰ বাহন(সমূহ)ত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ কঢ়িয়াই লৈ ফুৰে ।

৭/ মাস্কাৰ ৰাহিল শ্বাহিদ, হিজবুল-মুজাহিদীন, কোটলি, পাক অধিকৃত কাশ্মীৰ

কোটলি জিলা, পাক অধিকৃত কাশ্মীৰৰ মাহুলী পুলি (মিৰপুৰ-কোটলি পথৰ মাহুলী নল্লাৰ এখন দলং)ৰ পৰা ২.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত মাস্কাৰ ৰাহিল শ্বাহিদ হিজবুল মুজাহিদীন (HM) ৰ অন্যতম পুৰণি ঘাটি । ই এক নিৰ্জন ঘাটি আৰু কেৱল মাটিৰ ৰাস্তাৰেহে প্ৰৱেশ কৰিব পাৰি । পাহাৰীয়া অঞ্চলত অৱস্থিত এই শিবিৰটোত বেৰেক, চাৰিটা কোঠা অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছে, সন্ত্ৰাসবাদীৰ বাবে কাৰ্যালয় আৰু বাসস্থান । এই চৌহদত অধিক সন্ত্ৰাসবাদী আৰু প্ৰশিক্ষকক ৰখাৰ বাবে নতুন ঘাটি নিৰ্মাণ কৰা হৈছে ।

নিৰ্জন অঞ্চলত থকা এই শিবিৰলৈ এটা বিশেষ নিৰ্দিষ্ট বিদ্যুৎ লাইনৰ ব্যৱস্থা কৰা হৈছে । এই শিবিৰটোও ঘন অৰণ্যৰ মাজত আছে । ইয়াত ১৫০-২০০ হিজবুল মুজাহিদীন সন্ত্ৰাসবাদীক ৰাখিব পাৰি । হিজবুল মুজাহিদীন সন্ত্ৰাসবাদীয়ে গুলীচালনাৰ প্ৰশিক্ষণ আৰু বিশেষ শাৰীৰিক প্ৰশিক্ষণৰ বাবে এই ঘাটিলৈ আহে ।

গতানুগতিক অস্ত্ৰ আৰু শাৰীৰিক প্ৰশিক্ষণ প্ৰদানৰ উপৰিও এই শিবিৰটোৱে সীমান্ত কাৰ্য দল (BAT) আৰু স্নাইপিঙৰ বাবে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়ে । সন্ত্ৰাসবাদীক ওচৰৰ পাহাৰীয়া অঞ্চললৈ লৈ যোৱা হয় পাহাৰীয়া যুদ্ধৰ প্ৰশিক্ষণৰ বাবে । এই শিবিৰত জীয়াই থকাৰ প্ৰশিক্ষণো দিয়া হয় ।

হিজবুল মুজাহিদীনৰ মুৰব্বী চৈয়দ চালাহুদ্দিনে নিজেই এই ঘাটিত নতুনকৈ নিযুক্তি পোৱা সন্ত্ৰাসবাদীক আদৰণি জনাইছিল আৰু প্ৰশিক্ষণৰ কাম-কাজৰ তদাৰক কৰিছিল । বৰ্তমান এই শিবিৰটোৰ তত্বাৱধানত থকা আবু মাজ আৰু আব্দুল ৰেহমানে সীমান্তত নিয়োজিত ভাৰতীয় নিৰাপত্তা বাহিনীক লক্ষ্য কৰি BAT কাৰ্যৰ বাবে হিজবুল মুজাহিদীন সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি আছে ।

৮/ শ্বোৱাই নাল্লাহ কেম্প, লস্কৰ-ই-তৈবা, মুজাফ্ফৰাবাদ, পাক অধিকৃত কাশ্মীৰ

শ্বোৱাই নাল্লাহ কেম্প হৈছে লেটৰ অন্যতম গুৰুত্বপূৰ্ণ শিবিৰ আৰু ইয়াত LeT সন্ত্ৰাসবাদীক নিযুক্তি, পঞ্জীয়ন আৰু প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হয় । এই শিবিৰটো ২০০০ চনৰ আৰম্ভণিৰ পৰাই কাৰ্যক্ষম হৈ আহিছে । এই শিবিৰটো মুজাফ্ফৰাবাদ-নীলম ৰোড, মুজাফ্ফৰাবাদ, পাক অধিকৃত কাশ্মীৰৰ চেলাবন্দী দলঙৰ ওচৰত অৱস্থিত ।

এই শিবিৰটোক হুজাইফা বিন য়েমেন আৰু বৈত-উল-মুজাহিদিন শিবিৰ নামেৰেও জনা যায় । ইয়াত ফায়াৰিং ৰেঞ্জ, ট্ৰেইনিং গ্ৰাউণ্ড, LeT মাদ্ৰাছা, আৰু ৪০টা কোঠা আছে । শ্বোৱাই নাল্লাহ কেম্পত সন্ত্ৰাসবাদী সেনাপতি আৰু প্ৰশিক্ষকৰ বাবে ঘৰৰ লগতে LeT সন্ত্ৰাসবাদীৰ বাবে থকাৰ ব্যৱস্থা আছে ।

এই ঘাটিটো দৌৰা-ই-আম প্ৰশিক্ষণ প্ৰদানৰ বাবে মুখ্য শিবিৰ হিচাপে ব্যৱহাৰ কৰা হয়, য’ত ধৰ্মীয় তত্ত্ব, শাৰীৰিক প্ৰশিক্ষণ, গ্ল’বেল পজিচনিং চিষ্টেম (জিপিএছ) ব্যৱহাৰৰ কৌশলগত প্ৰশিক্ষণ, মেপ পঢ়া, আৰু অস্ত্ৰ প্ৰশিক্ষণ আদি প্ৰদান কৰা হয় ।

LeT ৰ মুৰব্বী হাফিজ ছাইদে নতুন সন্ত্ৰাসবাদীক তেওঁলোকৰ আগমনৰ লগে লগে এই শিবিৰলৈ আদৰণি জনায় । ইয়াত প্ৰাৰম্ভিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত সন্ত্ৰাসবাদীক অধিক প্ৰশিক্ষণৰ বাবে অন্যান্য LeT শিবিৰলৈ প্ৰেৰণ কৰা হয় । শ্বোৱাই নাল্লা কেম্পক সময়ে সময়ে LeT সন্ত্ৰাসবাদীৰ বাবে বিশেষ অস্ত্ৰ প্ৰশিক্ষণ আৰু ইতিমধ্যে প্ৰশিক্ষিত সন্ত্ৰাসবাদী সদস্যসকলৰ বাবে ‘ৰিফ্ৰেচাৰ কোৰ্চ’ৰ আয়োজন কৰিবলৈ ব্যৱহাৰ কৰা হয় । আই এছ আইয়ে পাকিস্তানী সেনাৰ পৰা প্ৰশিক্ষক প্ৰদান কৰি এই শিবিৰত প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ সুবিধাও দিয়ে ।

৯/ চৈয়দনা বিলাল মাৰ্কাজ, জৈছ-ই-মহম্মদ, মুজাফ্ফৰাবাদ, পাক অধিকৃত কাশ্মীৰ

চৈয়দনা বিলাল মছজিদ হৈছে মুজাফ্ফৰাবাদৰ লালকিল্লাৰ বিপৰীতে অৱস্থিত পাক অধিকৃত কাশ্মীৰৰ JeM ৰ মূল কেন্দ্ৰ । চৈয়দনা বিলাল মছজিদৰ ভৱনৰ কাষতে প্ৰথম মহলাত JeMৰ কাৰ্যালয় আৰু ট্ৰেনজিট কেম্প । মছজিদ ভৱনটো তিনিমহলীয়া অট্টালিকাৰে গঠিত; তলৰ মহলাত এটা হিজামা চেণ্টাৰ (প্ৰেচাৰ কাপিং মেডিকেল থেৰাপী) অৱস্থিত । এই ঘাটি ৮-১০ টা কেনেলত বিস্তৃত আৰু ইয়াত পৰিয়ালৰ কোৱাৰ্টাৰ, কাৰ্যালয় ভৱন আৰু JeM ৰ চেৰিটি উইং আল-ৰেহমত ট্ৰাষ্টৰ কাৰ্যালয় আছে ।

এই ঘাটিটো JeM সন্ত্ৰাসবাদীক জম্মু-কাশ্মীৰত নিয়োগ কৰাৰ পূৰ্বে ট্ৰেনজিট কেম্প হিচাপে ব্যৱহাৰ কৰা হয় । যিকোনো সময়তে এই ঘাটিত ৫০-১০০ সন্ত্ৰাসবাদীয়ে বাস কৰে । ইয়াত পাকিস্তানী বিশেষ বাহিনী এছ এছ জিৰ অতিৰিক্ত প্ৰশিক্ষণ দিয়া হয়, যিটো নিহত JeM সন্ত্ৰাসবাদীৰ ফোনত উদ্ধাৰ কৰা ফটোত পোৱা গৈছে ।

JeM ৰ অপাৰেচনেল চিফ তথা পাক অধিকৃত কাশ্মীৰৰ JeMৰ মুৰব্বী মুফতী আছঘৰ খান কাশ্মীৰীয়ে এই ঘাটিৰ দায়িত্বত আছে । আব্দুল্লা জেহাদী ওৰফে আব্দুল্লা কাশ্মীৰী আৰু এজন ভাৰতীয় পলাতক আছিক নেংৰুও এই কেন্দ্ৰৰ পৰাই কাম কৰে । মুফতি আছঘৰ খান কাশ্মীৰীয়ে আফগান যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু ২০০০ চনত JeM গঠনৰ সময়ত হৰকত-উল-মুজাহিদীন (হুম)ৰ অংশ আছিল ।

মুফতি আছঘৰ খান কাশ্মীৰী JeMৰ মুৰব্বী মৌলানা মাছুদ আজহাৰৰ ঘনিষ্ঠ আৰু JeMৰ অন্যতম গুৰুত্বপূৰ্ণ অপাৰেচনেল সন্ত্ৰাসবাদী হিচাপে গণ্য কৰা হয় । ২০২৪ চনৰ ১১ জুনত জম্মু অঞ্চলৰ হিৰানগৰ ছেক্টৰত হোৱা এনকাউণ্টাৰত নিহত হোৱা পাক অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটৰ বাসিন্দা ৰেহান আলী ওৰফে আলী আছলামে ভাৰতৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰাৰ পূৰ্বে চৈয়দনা বিলালৰ মাজেৰে ট্ৰেনজিট কৰিছিল ।