Samosa and Jalebi: চিঙৰা আৰু জিলাপী সন্দৰ্ভত নতুন গাইডলাইন জাৰি, কেন্দ্ৰই জনালে এই কথা!
তৃণমূলৰ নেতা কুনাল ঘোষে কয়, "কেন্দ্ৰই চিঙৰা আৰু জিলাপীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আমাৰ স্পষ্ট কথা যে বংগত চিঙৰা আৰু জিলাপীৰ ওপৰত ফতোৱা গ্ৰহণ কৰা নহ'ব। কোনে খায় তেওঁলোকৰ ব্যক্তিগত বিষয়।"

উৎসৱ-পাৰ্বন বা আনন্দৰ সময়ত সকলোৰে প্ৰথম পছন্দ চিঙৰা আৰু জিলাপী। পিছে সেই চিঙৰা আৰু জিলাপীৰ ওপৰত জাৰি কৰিছে নতুন নিৰ্দেশনা। এই নিৰ্দেশনা জাৰি কৰাৰ পৰাই ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে। কিন্তু সঁচাকৈয়ে কোনো নিৰ্দেশনা জাৰি কৰিছে নেকি? যেতিয়া তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে মাত মাতিছিল তেতিয়া কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা স্পষ্ট কৰি দিছিল।
শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ ‘অইল এণ্ড ফেট ব’ৰ্ডে ‘এক গাইডলাইন জাৰি কৰিছে। ইয়াত কোৱা হৈছে যে বিভিন্ন কেফেটেৰিয়া আৰু জনবহুল স্থানত দৈনিক আহাৰ গ্ৰহণৰ ‘শাৰীৰিক বিপদ’ৰ বিষয়ে মানুহক সতৰ্ক কৰি দিব লাগে। খাদ্যত থকা চৰ্বি আৰু চেনিৰ পৰিমাণ আৰু ইয়াৰ ফলত কি ক্ষতি হ’ব পাৰে সেই বিষয়ে সকলোকে সতৰ্ক কৰি দিব লাগে।
এতিয়া এই গাইডলাইনক কেন্দ্ৰ কৰি বিতৰ্ক আৰম্ভ হৈছে। বহুতে কয় যে কেন্দ্ৰই চিঙৰা, জিলাপী, লাড়ুত নিষেধাজ্ঞা আৰোপ কৰিছে। বংগত এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছে সৰৱ হৈ উঠিছে। তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষে কয়, ‘কেন্দ্ৰই চিঙৰা আৰু জিলাপীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। তৃণমূলৰ নেতা কুনাল ঘোষে কয়, “কেন্দ্ৰই চিঙৰা আৰু জিলাপীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আমাৰ স্পষ্ট কথা যে বংগত চিঙৰা আৰু জিলাপীৰ ওপৰত ফতোৱা গ্ৰহণ কৰা নহ’ব। কোনে খায় তেওঁলোকৰ ব্যক্তিগত বিষয়। এইবোৰ সাধাৰণ ৰাইজৰ খাদ্য। মাথোঁ খাদ্যৰ গুণগত মান ভাল হ’ব লাগে।”
বিতৰ্কৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গাইডলাইনত সকলো স্পষ্ট কৰে। এক বিবৃতিত কোৱা হৈছে যে, চিঙৰা, জিলাপীকে ধৰি কোনো ধৰণৰ ৰাজপথৰ খাদ্যৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। বিবৃতিটোত উল্লেখ কৰা হৈছে যে, ভাৰতৰ ষ্ট্ৰীট ফুড সংস্কৃতিক কোনো ধৰণে টাৰ্গেট কৰা হোৱা নাই। ই