শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্বাহৰুখ খানাৰ মেনেজাৰ পূজাই কিমান দৰমহা লাভ কৰে জানেনে? শুনিলে হ’ব আচৰিত…

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান। এখন ছবিৰ নামত কিং খানে কোটি কোটি টকা লাভ কৰে। পিছে শ্বাহৰুখ খানৰ মেনেজাৰে কিমান টকা লাভ কৰে জানেনে?

শ্বাহৰুখ খানাৰ মেনেজাৰ পূজাই কিমান দৰমহা লাভ কৰে জানেনে? শুনিলে হ’ব আচৰিত…
পূজা দাদলানী, শ্বাহৰুখImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Jul 2025 19:21 PM

য’তেই শ্বাহৰুখ খান, তাতেই পূজা দাদলানী। অনুৰাগীৰ বাবে অতি পৰিচিত শ্বাহৰুখ। যাক সকলোৱে কিং খান বুলিয়েই জানে। পূজা দাদলানী শ্বাহৰুখ খানৰ মেনেজাৰ। কিন্তু শ্বাহৰুখ খান, প্ৰথম নহয়। ২০১২ চনৰ আগতে তেওঁ আছিল দীপিকা পাডুকনৰ মেনেজাৰ । অৰ্থাৎ পূজাৰ কাম আছিল দীপিকাৰ জীৱনৰ প্ৰতিটো সিদ্ধান্তত সহায় কৰা, বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰা, প্ৰতিটো খোজতে সহায় কৰা। কিন্তু ২০১২ চনত ভাগ্য সলনি হয় পূজাৰ। শ্বাহৰুখ খানৰ সৈতে চুক্তিবদ্ধ হয় তেওঁ। তেতিয়াৰ পৰাই পূজা দাদলানীয়ে খান পৰিয়ালক সহায় কৰি আহিছে। প্ৰতিটো ক্ষেত্ৰতে পূজাকেই প্ৰথম পোৱা যায়।

পূজাই মহাৰাষ্ট্ৰৰ RD & SH National College আৰু SWA Science College ৰ পৰা Mass Media ত স্নাতক ডিগ্ৰী লাভ কৰে। শ্বাহৰুখ খানৰ মেনেজাৰ হৈ পূজাই বছৰি কিমান টকা উপাৰ্জন কৰে জানেনে? শ্বাহৰুখে মেনেজাৰ পদৰ বাবে প্ৰতি বছৰে পূজাক ৭ৰ পৰা ৯ কোটি টকা দিয়ে। এই দৰমহা এতিয়া বৃদ্ধি পাব পাৰে, কাৰণ এই সংখ্যা ২০২১ চনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। পূজাই এতিয়ালৈকে শ্বাহৰুখৰ মেনেজাৰ হৈ ৪৫ৰ পৰা ৫০ কোটিৰ সম্পত্তি কৰিছে। উপাৰ্জন কৰা ধনেৰে পূজাই এখন সুন্দৰ, দামী, নীলা ৰঙৰ মাৰ্চিডিজ বেঞ্জ কিনিলে। পূজাৰ সম্পত্তিৰ পৰিমাণ আৰু বেছি।

বিশেষ দিনৰ বাবে পূজাৰ বিশেষ পুৰস্কাৰ। যদিও পূজাই শ্বাহৰুখৰ সৈতে যি সম্পৰ্ক বজাই ৰাখে সেয়া নিঃসন্দেহে প্ৰশংসনীয়। ঘৰৰ যিকোনো বিপদত পূজাই সহায়ৰ হাত আগবঢ়ায়, সেয়া শ্বাহৰুখ খানৰ বেমাৰেই হওক বা আৰিয়ান খানৰ ড্ৰাগছ কেলেংকাৰীয়েই হওক। পূজাই খান পৰিয়ালৰ কোনো সদস্যৰ ওপৰত এটা আঁচোৰো পৰিবলৈ নিদিয়ে।

 

অন্য খবৰ পঢ়কঃ ৰণবীৰ কাপুৰ কণ্ডম কোম্পানীৰ মুখ হোৱা উচিতঃ দীপিকা পাডুকন