ATM ৰ জৰিয়তে কেনেকৈ নগদ ধন জমা কৰিব পাৰি জানেনে?
নগদ ধন জমা ৰাখিবলৈ বেংকত শাৰী পাতি থকা সাধাৰণ কথা। ইয়াৰ বাবে বহু সময় খৰচ হয়। কিন্তু এতিয়াৰ পৰা আৰু চিন্তা নাই। এটিএমৰ জৰিয়তে নগদ ধন জমা ৰাখিব পাৰিব।
আজিকালি ডিজিটেলৰ যুগ। শাক-পাচলি ক্ৰয় কৰাৰ পৰা টকাৰ লেনদেন কৰালৈকে সকলো আজিকালি অনলাইনৰ জৰিয়তে হয়। কিন্তু তাৰ পাছতো একাংশ মানুহে বেংকত দীঘলীয়া শাৰী পাতিব লাগে। অলপ টকা জমা কৰিবলৈও মানুহে ঘন্টাৰ পাছত ঘন্টা শাৰীত থিয় হ’ব লাগে। যাৰ বাবে মানুহৰ বহু সময় নষ্ট হয়।
কিন্তু এতিয়া আৰু চিন্তা নাই। ATM ৰ জৰিয়তে নগদ ধন জমা ৰাখিব পাৰি। প্ৰশ্ন হয়, টকা জমা কৰাৰ ক্ষেত্ৰত বেংকত শাৰী পাতি নোযোৱাকৈ কি কৰিব পাৰি? ভাৰতীয় ৰিজাৰ্ভ বেংকে এতিয়া এই অসুবিধা দূৰ কৰাৰ ব্যৱস্থা হাতত লৈছে। ভাৰতৰ কেন্দ্ৰীয় বেংকে UPI-ICD বা Interoperable Cash Deposit নামৰ ব্যৱস্থা আৰম্ভ কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে আপুনি বেংকলৈ নোযোৱাকৈ নগদ ধন জমা ৰাখিব পাৰিব।