ৰাজ্যৰ পৰা বিশ্বলৈ…চাওক দিনটোৰ শীৰ্ষ খবৰ
আজিৰ দিনটোটো বহু ঘটনা সংঘটিত হৈছে। চাওক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ…
- আজি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী অভিমুখে যাত্ৰা কৰিছে শুভাংশু শুক্লা আৰু তেওঁৰ তিনি সহযোগীয়ে। বিয়লি ৪.৪৫ বজাত পৃথিৱী অভিমুখে যাত্ৰা কৰিছে তেওঁলোকক কঢ়িয়াই অনা ড্ৰেগন কেপচুলে। কালিলৈ বিয়লৈ প্ৰশান্ত মহাসাগৰত ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব এই ড্ৰেগন কেপচুলে।
- ম্যানমাৰত আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ তথা আলফা-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ। এই আক্ৰমণে আলোচনা প্ৰক্ৰিয়াত ব্যাঘাত জন্মালে বুলি কয় সভাপতিগৰাকীয়ে।
- আজি দুপৰীয়া অহা এজাক বৰষুণত কৃত্ৰিম বানৰ উদ্ভৱ হয় যোৰাবাটত। পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয় যোৰাবাটত। আজিৰ দিনটোটো বহু ঘটনা সংঘটিত হৈছে। চাওক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ…