৫০০ টকীয়া ৫খন নোট, চাউল, মছলা! পহলগাম আক্ৰমণৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে মহিলাৰ পৰা লৈছিল…
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল ২৬জন পৰ্যটক। NIAৰ তদন্তত সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ পূৰ্বে স্থানীয় বাসিন্দাসকলৰ পৰা খাদ্য খোৱাৰ লগতে চাউল আৰু মছলা পেক কৰা বুলি জানিব পৰা গৈছে। বিনিময়ত সন্ত্ৰাসবাদীয়ে দিছিল ২৫০০ টকা।

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত ২৬ জন পৰ্যটক নিহত হৈছিল। এই আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ গোচৰটোৰ তদন্ত চলাই আছে NIA-এ। এই পৰ্যন্ত বহু লোকক সোধা-পোছা কৰা হৈছে। বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই ক্ষেত্ৰত ঘটনাৰ প্ৰতিটো দিশে ভালদৰে নিৰীক্ষণ কৰি আছে তদন্তকাৰী দলটোৱে , ইয়াৰ মাজতে প্ৰকাশ পাইছে এটা ডাঙৰ তথ্য।
AK-47 আৰু M4 ৰাইফলেৰে গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে । তদন্তকাৰী দলটোৱে বৈছাৰণ ঘাটিৰ পৰাও উদ্ধাৰ কৰিছে কাৰ্টিজ। ইয়াৰ উপৰিও আক্ৰমণৰ ২৪ ঘন্টা পূৰ্বে সন্ত্ৰাসবাদীয়ে স্থানীয় পাৰভেজৰ ঘৰত খাদ্য খাইছিল আৰু চাউলৰ লগতে মছলাও পেক কৰিছিল। ইয়াৰ বিনিময়ত সন্ত্ৰাসবাদীয়ে পাৰভেজৰ পত্নীক পাঁচশ টকাৰ পাঁচখন নোট দিছিল।
সন্ত্ৰাসবাদীৰ বাবে খাদ্য পেক কৰা হৈছিল
শেহতীয়াকৈ NIA-এ পাৰভেজ আৰু বছিৰক গ্ৰেপ্তাৰ কৰিছিল। দীৰ্ঘদিন ধৰি দলটোৱে তেওঁলোকক জেৰা কৰি আহিছে। ইয়াৰ উপৰিও এজন ষ্টাৰ প্ৰটেক্টেড সাক্ষীয়ে কয় যে এই ঘটনাৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে পাৰভেজৰ ঘৰৰ পৰা খাদ্য বিচাৰিছিল। ইয়াৰ উপৰিও কিছু কেঁচা খাদ্যও পেক কৰা হৈছিল।
দুপৰীয়া প্ৰায় ৩:৩০ বজাত পাৰভেজৰ ঘৰত উপস্থিত হয় সন্ত্ৰাসবাদী। তাত তেওঁলোকে প্ৰথমে খাদ্য খাইছিল আৰু তাৰ পিছত বৈছাৰণ নিৰাপত্তাৰ বিষয়ে সোধা-পোছা কৰিছিল। যোৱাৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে পাৰভেজৰ পত্নীৰ পৰা কিছু মছলা আৰু চাউল পেক কৰি লৈছিল। বিনিময়ত সন্ত্ৰাসবাদীয়ে পাৰভেজৰ পত্নীক ২৫০০ টকা দিছিল।
২২ এপ্ৰিলত সংঘটিত হৈছিল এই সন্ত্ৰাসবাদী আক্ৰমণ
যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল এই সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত ২৬ জন পৰ্যটক নিহত হয়। ইয়াৰ উপৰিও বহু লোক আহত হয়। এই আক্ৰমণত সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক তেওঁলোকৰ ধৰ্ম সুধি হত্যা কৰিছিল। কালিমা পাঠ কৰিব নোৱাৰাসকলক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। পহলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানত উপস্থিত থকা সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ উদ্দেশ্যে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰে।
লগতে পঢ়ক: আমি সহযোগ কৰিবলৈ সাজু…এটা বিশেষ ঘৰৰ সংৰক্ষণৰ বাবে বাংলাদেশলৈ সহায়ৰ প্ৰস্তাৱ ভাৰতৰ