শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কৃষক বিৰোধী সিন্ধু জল চুক্তি লাভজনক নহয় বুলি স্বীকাৰ কৰিছিল নেহৰুৱে, এন ডি এৰ বৈঠক নৰেন্দ্ৰ মোদীৰ দাবী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নেহৰুৱে দুবাৰকৈ দেশখন বিভাজন কৰিছিল, এবাৰ ৰেডক্লিফ লাইনৰ সৈতে আৰু আন এবাৰ চুক্তিৰ সময়ত। য’ত নদীৰ ৮০ শতাংশ পানী পাকিস্তানক দিয়া হৈছিল। এই চুক্তি কৃষক বিৰোধী আছিল বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

কৃষক বিৰোধী সিন্ধু জল চুক্তি লাভজনক নহয় বুলি স্বীকাৰ কৰিছিল নেহৰুৱে, এন ডি এৰ বৈঠক নৰেন্দ্ৰ মোদীৰ দাবী
এন ডি এৰ সংসদীয় বৈঠকত নৰেন্দ্ৰ মোদীImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 19 Aug 2025 18:00 PM

মঙলবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ এন ডি এৰ সংসদীয় বৈঠকৰ অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তিয়ে ভাৰতক কোনো লাভান্বিত কৰা নাই বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ‘স্বীকাৰ’ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নেহৰুৱে দুবাৰকৈ দেশখন বিভাজন কৰিছিল, এবাৰ ৰেডক্লিফ লাইনৰ সৈতে আৰু আন এবাৰ চুক্তিৰ সময়ত। য’ত নদীৰ ৮০ শতাংশ পানী পাকিস্তানক দিয়া হৈছিল। এই চুক্তি কৃষক বিৰোধী আছিল বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। সংবাদ সংস্থা এএনআয়ে প্ৰকাশ কৰিছে এই তথ্য।

সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “নেহৰুৱে এবাৰ দেশ বিভাজন কৰিলে, তাৰ পিছত পুনৰ। সিন্ধু জল সন্ধিৰ অধীনত ৮০ শতাংশ পানী পাকিস্তানক দিয়া হৈছিল। পিছত তেওঁৰ সচিবৰ জৰিয়তে নেহৰুৱে নিজৰ ভুল স্বীকাৰ কৰি, ইয়াৰ পৰা কোনো লাভ নহয় বুলি কয়।”

বৈঠকত উপস্থিত থকা বিজেপিৰ সাংসদ জগদম্বিকা পালে সিন্ধু জল চুক্তি স্বাক্ষৰ কৰাৰ বাবে নেহৰুৱে বিশ্বাসঘাতকতা বুলি অভিহিত কৰি কয় যে ইয়াৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে সংসদৰ অনুমোদন ল’ব লাগিছিল।

“দেশক প্ৰতাৰণা কৰা হৈছে। গণতান্ত্ৰিক নিৰ্বাচনৰ দ্বাৰা যদি তেওঁ (জৱাহৰলাল নেহৰু) প্ৰধানমন্ত্ৰী হৈছিল তেন্তে ইয়াৰ বাবে সংসদৰ অনুমোদন ল’ব লাগিছিল। মন্ত্ৰীসভা আৰু সংসদৰ আস্থা অবিহনে তেওঁ পাকিস্তানলৈ গৈছিল আৰু চুক্তিত স্বাক্ষৰ কৰি অকলে উভতি আহিছিল… আমাৰ কৃষকৰ সৈতে এয়া এক বিশ্বাসঘাতকতা।” পালৰ বক্তব্যৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে এএনআয়ে।

প্ৰধানমন্ত্ৰীৰ এই মন্তব্যক প্ৰশংসা কৰি বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে নেহৰু নেতৃত্বাধীন চৰকাৰক “পাকিস্তানক ৮০ কোটি টকা” দিয়াৰ বাবে সমালোচনা কৰে।

বিজেপি নেতাগৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰীয়ে তথ্য উল্লেখ কৰাত আমি গৌৰৱান্বিত। নেহৰু জীয়ে কেৱল কেবিনেটৰ অনুমোদন বা আলোচনা অবিহনে সন্ধিত স্বাক্ষৰ কৰাই নহয়, তেওঁলোকক ৮০ কোটি টকাও দিছিল। যেতিয়াই কোনো সন্ধি স্বাক্ষৰিত হয় তেতিয়াই সংসদত আলোচনাৰ অন্ততহে সেয়া কৰা হয়।”

১৪ আগষ্টত ভাৰতে সিন্ধু জল চুক্তিৰ অধীনত হেগস্থিত সালিসী আদালতে শেহতীয়াকৈ দিয়া ৰায়দানক কঠোৰভাৱে নাকচ কৰি কয় যে আদালতৰ অধিকাৰ, বৈধতা আৰু যোগ্যতাৰ অভাৱ।

এএনআইৰ সাপ্তাহিক মিডিয়া ব্ৰিফিঙৰ এক প্ৰশ্নৰ উত্তৰ দি জয়ছৱালে কয় যে ভাৰতে তথাকথিত সালিসী আদালতৰ বৈধতা বা যোগ্যতা কেতিয়াও মানি লোৱা নাই। সেয়েহে ইয়াৰ ঘোষণাসমূহ অধিকাৰক্ষেত্ৰহীন, আইনী স্থিতিৰ পৰা বঞ্চিত আৰু ভাৰতৰ জল ব্যৱহাৰৰ অধিকাৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

এপ্ৰিল মাহত ২৬ জন লোকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে নিজৰ অধিকাৰ সাব্যস্ত কৰি সিন্ধু জল চুক্তি (IWT) স্থগিত ৰাখিছে। যেতিয়ালৈকে পাকিস্তানে বিশ্বাসযোগ্যভাৱে আৰু অপ্ৰত্যাহাৰ্যভাৱে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন অস্বীকাৰ নকৰে তেতিয়ালৈকে এই চুক্তি স্থগিত থাকিব।

ভাৰত আৰু পাকিস্তানৰ মাজত ৯ বছৰীয়া আলোচনাৰ অন্তত ১৯৬০ চনত বিশ্ব বেংকৰ সহযোগত স্বাক্ষৰিত হৈছিল সিন্ধু জল চুক্তি। এই সন্ধিত পশ্চিমৰ নদী (সিন্ধু, ঝিলাম, চেনাব) পাকিস্তানৰ বাবে আৰু পূবৰ নদী (ৰবি, ব্যাস, সূতলেজ) ভাৰতক আৱণ্টন দিয়া হয়।

ইফালে, একেখন বৈঠকতে প্ৰধানমন্ত্ৰীয়ে এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষণকো চিনাকি কৰাই দিয়ে, তেওঁক অন্যান্য পিছপৰা শ্ৰেণীৰ (অ বি চি) সম্প্ৰদায়ৰ পৰা অহা তৃণমূল পৰ্যায়ৰ নেতা বুলি অভিহিত কৰে। সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ (ৰাধাকৃষ্ণন) অ’বিচি সম্প্ৰদায়ৰ তৃণমূল পৰ্যায়ৰ নেতা, সৰল প্ৰকৃতিৰ আৰু ৰাজনীতিত “পাশা খেল” নেখেলে।