19 Aug 2025
TV9 ASSAM
হাৰ্ট এটেকৰ লক্ষণবোৰ কি কি? বিপদত পৰাৰ আগতে এই প্ৰতিবেদনৰ জৰিয়তে জানক।
বুকুৰ মাজভাগত যদি তীব্ৰ বিষ অনুভৱ কৰে তেন্তে আওকাণ নকৰিব। ই হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।
হঠাৎ উশাহ লোৱাত অসুবিধা অনুভৱ কৰে তেন্তে সাৱধান হওক। ই হাৰ্ট এটেকৰ এক গুৰুতৰ লক্ষণ।
হাৰ্ট এটেকৰ এটা লক্ষণ হৈছে উশাহ লোৱাত অসুবিধা অনুভৱ কৰাৰ লগতে কোনো কাৰণ নোহোৱাকৈ ঘাম ওলাব পাৰে।
বমি বমি ভাৱ অনুভৱ কৰাটো হাৰ্ট এটেকৰ আন এটা লক্ষণ। মহিলাৰ ক্ষেত্ৰত এই সমস্যা দেখা যায়।
হঠাৎ যদি মূৰ ঘূৰোৱা, শৰীৰিক দুৰ্বল অনুভৱ কৰে তেন্তে সাৱধান হওক। ই হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে।
অত্যধিক ভাগৰ বা দুৰ্বলতা অনুভৱ কৰাটো হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে। এই লক্ষণবোৰ অনুভৱ কৰিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক