শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: নন্দিনীৰ জামিন নাকচৰ পৰা এছিয়া কাপৰ দল ঘোষণালৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: নন্দিনীৰ জামিন নাকচৰ পৰা এছিয়া কাপৰ দল ঘোষণালৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 19 Aug 2025 21:02 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। ৰাজ্যৰ পৰা বিশ্বলৈ পলকতে চাওঁ আহক দিনটো ৯ টা গুৰুত্বপূৰ্ণ খবৰ।

ইণ্ডিয়া ব্লকে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। তেলেংগানাৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ বিৰোধীৰ। ইণ্ডিয়া ব্লকৰ হৈ তেওঁ নাম ঘোষণা কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

আজি এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা। সাংবাদমেল পাতি দল ঘোষণা কৰে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে। ১৫ জনীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। ইফালে, দলটোৰ নতুন সহ-অধিনায়কৰ দায়িত্ব লাভ শুভমন গিলৰ। স্থান নাপালে যশস্বী জয়ছোৱাল আৰু শ্ৰেয়স আয়াৰে।

চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ…