উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী, অসমৰ সৈতে কি সম্পৰ্ক ৰেড্ডীৰ?
Vice president Poll 2025: তেলেংগানাৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ইণ্ডিয়া ব্লকে। এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৰেড্ডীয়ে।

অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ইতিমধ্যে শাসকীয় এন ডি এই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে চি পি ৰাধাকৃষ্ণনক। কিন্তু বিৰোধী পক্ষই কাক প্ৰক্ষেপ কৰিব, তাক লৈ সৃষ্টি হৈছিল জল্পনা-কল্পনা। আজি সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ইণ্ডি মিত্ৰজোঁটে ঘোষণা কৰিছে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম।
তেলেংগানাৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ইণ্ডিয়া ব্লকে। এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৰেড্ডীয়ে। বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই।
খাৰ্গেৰ মতে, সকলো বিৰোধী দলৰ সৈতে আলোচনাৰ অন্তত সুদৰ্শন ৰেড্ডীৰ নাম সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে। আম আদমী পাৰ্টিয়েও ৰেড্ডীক সমৰ্থন কৰিছে।

বি সুদৰ্শন ৰেড্ডী বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী
চৰকাৰৰ সৈতে সহমতত উপনীত নহ’ল বিৰোধী
উপ-ৰাষ্ট্ৰপতিগৰাকীৰ নামক লৈ চৰকাৰে একমতত উপনীত হ’বলৈ চেষ্টা কৰিছিল যদিও কথা বান্ধ নাখালে। দুদিন পূৰ্বে এন ডি এই চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা কৰিছিল। ইয়াৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সকলো দলৰ সৈতে আলোচনাৰ দায়িত্ব দিয়া হয়।
বি সুদৰ্শন ৰেড্ডীৰ পূৰ্বে ডি এম কেৰ তিৰুচি শিৱৰ নামো ৰাজনৈতিক মহলত চৰ্চা হৈছিল যদিও ইণ্ডি মিত্ৰজোঁটে তেলেংগানাৰ বি সুদৰ্শনক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছে।
বি সুদৰ্শন ৰেড্ডী কোন?
বি সুদৰ্শন ৰেড্ডী ২০০৭ চনৰ পৰা ২০১১ চনলৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। ১৯৪৬ চনত জন্মগ্ৰহণ কৰা সুদৰ্শন ৰেড্ডীয়ে প্ৰাৰম্ভিক শিক্ষা অন্ধ্ৰ প্ৰদেশত গ্ৰহণ কৰিছিল। ৰেড্ডীয়ে ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ বিখ্যাত অধিবক্তা কে প্ৰতাপ ৰেড্ডীৰ অধীনত কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৮৮ চনৰ আগষ্ট মাহত ৰেড্ডীক উচ্চ ন্যায়ালয়ৰ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়।
১৯৯৩ চনত ৰেড্ডীক অন্ধ্ৰ প্ৰদেশৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০০৫ চনত ৰেড্ডীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ২০০৭ চনত ৰেড্ডীয়ে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে দায়িত্ব লাভ কৰে। ২০১৩ চনত ৰেড্ডীক গোৱাৰ লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বি সুদৰ্শন ৰেড্ডীক প্ৰক্ষেপ বিৰোধীৰ
সুদৰ্শন ৰেড্ডীক কিয় প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ল?
বিজেপিয়ে তামিলনাডুৰ চি পি ৰাধাকৃষ্ণনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ইয়াক দক্ষিণৰ ৰাজনীতিক আকৰ্ষণ কৰাৰ উপায় হিচাপে গণ্য কৰা হৈছে। কংগ্ৰেছেও এই যুদ্ধত পিছ পৰি থাকিব নিবিচাৰে। সেইবাবেই দলটোৱে তেলেংগানাৰ সুদৰ্শন ৰেড্ডীক সমুখলৈ আনিছে।
কেৱল এয়াই নহয়, তেলেংগানাৰ জাতি জৰীপ দলৰ মুৰব্বী আছিল সুদৰ্শন ৰেড্ডী। তেওঁৰ নেতৃত্বত তেলেংগানাত জাতি জৰীপৰ কাম সম্পূৰ্ণ হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অহৰহ জাতি লোকপিয়লৰ বিষয়টো উত্থাপন কৰি আছে। সুদৰ্শন ৰেড্ডীক সমুখলৈ আনি দলে এই প্ৰচাৰক অধিক গতি দিব বিচাৰিছে।