নতুন দিল্লীত চীনৰ বৈদেশিক মন্ত্ৰী, জয়শংকৰৰ মুখত পাৰস্পৰিক সন্মানৰ বাৰ্তা
সমান্তৰালকৈ দেশ দুখনৰ পৃথক চিন্তাধাৰাই বিবাদৰ ৰূপ ল’ব নালাগে বুলিও ৱাঙৰ আগত জয়শংকৰে মত দাঙি ধৰে। দুয়ো দেশৰ মাজৰ সংঘাতপূৰ্ণ সময় পাহৰি নতুন ৰূপত আগবাঢ়ি যোৱাৰ বাৰ্তাও দিয়ে জয়শংকৰে।
ক্ৰমাৎ দূৰত্ব হ্ৰাস পাইছে দুই চুবুৰীয়া দেশ ভাৰত আৰু চীনৰ মাজত। এনে ৰাজনৈতিক বাৰ্তাৰ স্পষ্ট ইঙ্গিত প্ৰদান কৰিছে কৈলাশ মানসৰোৱৰ যাত্ৰা মুকলিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ চাংহাই শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ ঘোষণাই। ভাৰত-চীন সম্পৰ্কৰ এই নতুন গতিক প্ৰতিফলিত কৰি সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই। সোমবাৰে চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হয়।
এই বৈঠকৰ সময়ত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ আগত ভাৰত-চীনৰ সম্পৰ্ক পাৰস্পৰিক সন্মান, সংবেদনশীলতা তথা স্বাৰ্থৰ দ্বাৰা পৰিচালিত হ’ব লাগে বুলি বাৰ্তা প্ৰেৰণ কৰে এছ জয়শংকৰে। সমান্তৰালকৈ দেশ দুখনৰ পৃথক চিন্তাধাৰাই বিবাদৰ ৰূপ ল’ব নালাগে বুলিও ৱাঙৰ আগত জয়শংকৰে মত দাঙি ধৰে। দুয়ো দেশৰ মাজৰ সংঘাতপূৰ্ণ সময় পাহৰি নতুন ৰূপত আগবাঢ়ি যোৱাৰ বাৰ্তাও দিয়ে জয়শংকৰে।