শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উন্নত হ’ব নেকি ভাৰত-পাকিস্তানৰ সম্পৰ্ক? মধ্যস্থতা কৰিবলৈ সাজু চীন…

বৰ্তমান ভাৰত ভ্ৰমণত ব্যস্ত আছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। ইয়াৰ পাছতে তেওঁ পাকিস্তানলৈ যাব। চীনৰ মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। চীনে ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত কৰাৰ পোষকতা কৰে।

উন্নত হ’ব নেকি ভাৰত-পাকিস্তানৰ সম্পৰ্ক? মধ্যস্থতা কৰিবলৈ সাজু চীন…
ভাৰত-চীন-পাকিস্তানImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 19 Aug 2025 15:30 PM

বৰ্তমান ভাৰত ভ্ৰমণত ব্যস্ত আছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। দুদিনীয়া ভ্ৰমণসূচীত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু এন এছ এ অজিত ডোভালক সাক্ষাৎ কৰে। ইয়াৰ পাছতে আজি সন্ধিয়া তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। এই ভ্ৰমণ ভাৰত-চীনৰ সম্পৰ্কৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু বাংলাদেশৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। চীনে ভাৰত আৰু পাকিস্তানৰ মাজত এক ভাল সম্পৰ্ক বিচাৰে। ইয়াৰোপৰি চীনৰ বৈদেশিক মন্ত্ৰীগৰাকী ভাৰতৰ পৰা পোনে পোনে পাকিস্তানলৈ যাব।

চীনে কয় যে, ভাৰত আৰু পাকিস্তান তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ চুবুৰীয়া ৰাষ্ট্ৰ আৰু তেওঁলোকে দুয়োখন দেশৰ সৈতে বন্ধুত্বপূৰ্ণ, সহযোগিতামূলক সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে। ভাৰত আৰু চীনৰ সম্পৰ্ক উন্নত হোৱাৰ সমান্তৰালকৈ চীনে বিচাৰে যে ভাৰতে পাকিস্তানৰ সৈতেও সম্পৰ্ক ভাল কৰক।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে মঙলবাৰে চীনত কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজত যি সমস্যাই নহওক কিয়, দুয়োখন দেশে এয়া পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে। দুয়োখন দেশে সঠিক সমাধানত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰে তেওঁ।

মধ্যস্থতা কৰিবলৈ সাজু চীন

মাও নিঙে লগতে কয় যে, যদি ভাৰত আৰু পাকিস্তানে এই ক্ষেত্ৰত সাজু হয় তেন্তে এই প্ৰক্ৰিয়াত চীনে ইতিবাচক ভূমিকা পালন কৰিবলৈ সাজু। এই মন্তব্যৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে, আগন্তুক সময়ত চীনে ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক ভাল হোৱা বিচাৰে। চীনে ভাৰত আৰু পাকিস্তানৰ সকলো সমস্যা সমাধান কৰি দুয়োখনৰ দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ পোষকতা কৰে। এই কথাত স্পষ্ট হৈ পৰিছে যে চীনে দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰি শান্তি ঘূৰাই আনিব বিচাৰে।

চীনৰ স্থিতি

উল্লেখ্য যে, অপাৰেশ্যন সেন্দূৰৰ সময়ত চীনে পাকিস্তানৰ পক্ষত থিয় দিছিল। আনকি পাকিস্তানক চীনে সামৰিক সাহাৰ্য আগবঢ়োৱাৰ খবৰো প্ৰকাশ পাইছিল। পাকিস্তান চীনৰ প্ৰধান মিত্ৰ আৰু ইয়াৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ এক প্ৰধান অংশ। শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত কৰিব বিচাৰিছিল আমেৰিকাই। কিন্তু আমেৰিকাই মধ্যস্থতাৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছতে এতিয়া চীনে দুই দেশৰ সম্পৰ্ক ভাল কৰাৰ জোৰ দিছে। যদি চীনৰ কথাত ভাৰত ৰাজি হয় তেন্তে ই আমেৰিকাৰ বাবে এক ডাঙৰ আঘাত হ’ব।

পাকিস্তানৰ সৈতে সম্পৰ্ক উন্নত হ’লে কি হ’ব?

যদি চীনৰ লগতে পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হয় তেতিয়া ই বহু ক্ষেত্ৰত ইতিবাচক হ’ব পাৰে। ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক ভাল কৰাৰ কোনো আশা নাই। কিন্তু যদি ভাল কৰিব বিচাৰে তেন্তে নিশ্চয় চৰ্ত ৰাখিব। এই চৰ্তৰ অধীনত পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বন্ধ কৰি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা বন্ধ কৰিব লাগিব পাৰে। এনে ক্ষেত্ৰত দুই দেশৰ সম্পৰ্কই নতুন গতি লাভ কৰিব। লগতে ভাৰতে ইৰাণ আৰু আফগানিস্তানৰ সৈতে পাকিস্তানৰ মাজেৰে বাণিজ্য কৰিব পাৰিব।

 

 

অন্য খবৰ পঢ়কঃ সাৰ, ধাতু আৰু মেচিন! ভাৰতৰ ৩টা গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি চীনৰ…