কেন্দ্ৰই দিব ৫৫০ কোটি টকা, গুৱাহাটীত IIM স্থাপনৰ বাবে লোকসভাত গৃহীত বিধেয়ক…
IIM গুৱাহাটীৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ৫৫০ কোটি টকা। নিম্ন সদনৰ হুলস্থুলৰ মাজতে গৃহীত হয় ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (সংশোধনী) বিধেয়ক, ২০২৫।

অপেক্ষা অন্ত পৰিল। অৱশেষত গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (IIM) স্থাপনৰ বাবে লোকসভাত গৃহীত হ’ল বিধেয়ক। ইয়াৰ অধীনত IIM গুৱাহাটীৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ৫৫০ কোটি টকা। নিম্ন সদনৰ হুলস্থুলৰ মাজতে গৃহীত হয় ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (সংশোধনী) বিধেয়ক, ২০২৫। শ্বিলঙৰ পাছত উত্তৰ-পূবত দ্বিতীয়খন আৰু দেশৰ ভিতৰত ২২ নম্বৰখন IIM স্থাপন হ’ব গুৱাহাটীত।
সোমবাৰে লোকসভাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উত্থাপন কৰিছিল ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (সংশোধনী) বিধেয়ক, ২০২৫। আজি বিধেয়কখন গৃহীত হোৱাৰ পিছত দিনটোৰ বাবে স্থগিত ৰখা হয় লোকসভাৰ কাৰ্য্যবিধি।
আইনখনৰ খচৰা অনুসৰি, কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিনিধিয়ে “অসমৰ সৰ্বাংগীন উন্নয়ন”ৰ বাবে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল। সেই চুক্তিৰ মতে, কেন্দ্ৰীয় চৰকাৰে বিশেষ উন্নয়ন পেকেজৰ(SDP) অধীনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰিব। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গুৱাহাটীত IIM স্থাপন কৰাটো SDP ৰ অধীনত অন্যতম প্ৰকল্প।
ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ৰাজ্যত IIM স্থাপনৰ বাবে লোকসভাৰ অনুমোদনক “ঐতিহাসিক মুহূৰ্ত” বুলি প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,ই অসমক উত্তৰ-পূৰ্বাঞ্চলত শিক্ষাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। ৰাজ্যত আই আই টি, এইমছ আৰু এতিয়া আই আই এম আহি আছে।এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, “সঁচাকৈয়ে অসমৰ বাবে এক ঐতিহাসিক দিন কাৰণ লোকসভাই ৰাজ্যখনৰ প্ৰথমখন IIM স্থাপনৰ বিধেয়কখন গৃহীত কৰিছে।”
With an IIT, AIIMS and now IIM, Assam is on the precipice of becoming a major education hub of Eastern India.
On behalf of the people of Assam, NDA MPs from the State extended our gratitude to Shri Dharmendra Pradhan Ji. pic.twitter.com/7J2qy5IrxI
— Himanta Biswa Sarma (@himantabiswa) August 19, 2025
যোৱা সপ্তাহত কেন্দ্রীয় কেবিনেটে গুৱাহাটীত IIM স্থাপন কৰাৰ প্রস্তাৱত অনুমোদন জনাইছিল। কামৰূপ জিলাৰ পলাশবাৰীৰ স্থায়ী কেম্পাছলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে গুৱাহাটী IIM ৰ অস্থায়ী পাঠদান IIM আহমেদাবাদৰ মেণ্টৰত আৰম্ভ হ’ব।
লগতে পঢ়ক: অসমে লাভ কৰিব নতুন IIM, লোকসভাত উত্থাপন হ’ল বিধেয়ক…