ছুটকেছত শৌচ কৰে পুটিনে! আঁৰৰ কাৰণে আচৰিত কৰিব আপোনাক
পোহৰলৈ অহা এক খবৰ অনুসৰি, পুটিনৰ দেহৰক্ষীসকলে লৈ থকা এই ছুটকেছটোত কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ বা বিশেষ অস্ত্ৰ-শস্ত্ৰ নাছিল। বৰঞ্চ ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ মল অৰ্থাৎ শৌচ সংগ্ৰহৰ বাবে এই ছুটকেছ লৈ গৈছিল দেহৰক্ষীসকলে।
ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত যোৱা ১৫ আগষ্টত আলাস্কাত বৈঠকত মিলিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। এই শক্তিশালী দেশ দুখনৰ ৰাষ্ট্ৰনেতাৰ মাজত অনুষ্ঠিত হোৱা এই উচ্চ পৰ্যায়ৰ কূটনৈতিক বৈঠকৰ বাবে গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা। সাধাৰণতেই ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ নিৰাপত্তাৰ প্ৰসঙ্গই যথেষ্ট চৰ্চা লাভ কৰে। আলাস্কাতো ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেখা গৈছিল তেওঁৰ সদা সষ্টম দেহৰক্ষীসকলক।
পুটিনৰ দেহৰক্ষীসকলৰ সৈতে দেখা গৈছিল এক বিশেষ ছুটকেছ। পোহৰলৈ অহা এক খবৰ অনুসৰি, পুটিনৰ দেহৰক্ষীসকলে লৈ থকা এই ছুটকেছটোত কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ বা বিশেষ অস্ত্ৰ-শস্ত্ৰ নাছিল। বৰঞ্চ ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ মল অৰ্থাৎ শৌচ সংগ্ৰহৰ বাবে এই ছুটকেছ লৈ গৈছিল দেহৰক্ষীসকলে। এই কথাই নিশ্চিতভাৱে সকলো লোককে আচৰিত কৰি তুলিব। কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি?