শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ফেব্ৰুৱাৰীৰ অপমানৰ উত্তৰ আগষ্টত দিলে জেলেনস্কীয়ে, হাঁহি হাঁহি ক'লে মই...

ফেব্ৰুৱাৰীৰ অপমানৰ উত্তৰ আগষ্টত দিলে জেলেনস্কীয়ে, হাঁহি হাঁহি ক’লে মই…

raj-saikia
Raj Saikia | Published: 19 Aug 2025 19:47 PM

ফেব্ৰুৱাৰী মাহৰ তিক্ত স্মৃতিবোৰ একাষৰীয়া কৰি ভাৰতীয় সময় অনুসৰি মঙলবাৰে মাজনিশা হোৱাইট হাউছৰ অ’ভেল অফিচত উপস্থিত হয় ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী।

যুদ্ধৰ দাবানলত জ্বলিছে ইউক্ৰেইন। তাকো এদিন বা এমাহ নহয়, হাজাৰ দিন। ২০২২ চনৰ পৰাই একেৰাহে শক্তিশালী ৰাছিয়াৰ প্ৰতিটো আক্ৰমণ সহিছে ইউক্ৰেইনে। কেতিয়াবা কৰিছে প্ৰত্যাক্ৰমণ। এই দাবানলত পুৰি ছাঁই হৈছিল ৰজাৰো ঘৰ। তেওঁ এতিয়া যুদ্ধ বিধ্বস্তসকলৰ প্ৰতিনিধি। তাৰ মাজত বিলাসী আচৰণে জানো শোভা পায়? তাকো সাহায্য বিচৰাৰ পৰত!

যোৱা ফেব্ৰুৱাৰী মাহত জেলেনস্কী যেতিয়া হোৱাইট হাউচৰ অ’ভেল অফিচলৈ ৰাওনা হৈছিল, তেতিয়া তেওঁৰ মনতো নিশ্চয় এনে এক প্ৰশ্নই দোলা দিছিল। সেই উত্তৰ বিচাৰি তেওঁ অতি সাধাৰণ সামৰিক পোছাক পিন্ধি আমেৰিকাৰ ৰাষ্ট্ৰপতিক লগ কৰিবলৈ গৈছিল। সংবাদ মাধ্যমৰ কৰ্মী আৰু কেমেৰাৰে ভৰা এটা কোঠাত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বুজাই দিলে যে তেওঁৰ বাবে ই এক বৃহৎ “অনিয়ম”।

সেই সময়ত এজন আমেৰিকান সাংবাদিকে জেলেনস্কীক কটুভাৱে প্ৰশ্ন কৰা দেখা গৈছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক উদ্দেশ্যি তেওঁ কয়, ‘‘আপুনি কিয় চুট পিন্ধা নাই? বৰ্তমান আপুনি দেশৰ শীৰ্ষ প্ৰশাসনিক ভৱনত এনে পোচাক পিন্ধি বহি আছে। আপোনাৰ চুট নাই নেকি?” সাংবাদিকজনে তেওঁক অপমান কৰি থকাৰ সময়তে ট্ৰাম্প বা জে ডি ভেন্স কোনোৱেই একো কোৱা নাছিল। বৰঞ্চ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মুখত এটা কুটিল হাঁহি দেখা গৈছিল।

এই ঘটনাৰ কেইবামাহো পাৰ হ’ল। ফেব্ৰুৱাৰী মাহৰ তিক্ত স্মৃতিবোৰ একাষৰীয়া কৰি ভাৰতীয় সময় অনুসৰি মঙলবাৰে মাজনিশা হোৱাইট হাউছৰ অ’ভেল অফিচত উপস্থিত হয় ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী। এইবাৰো আলোচনাৰ বিষয়টো একেটাই, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি। দেখা যায় যে জেলেনস্কীয়ে ক’লা চুট পিন্ধি অ’ভেল অফিচত প্ৰৱেশ কৰিছিল। ট্ৰাম্পে তেওঁক প্ৰশংসা কৰে। সেই সাংবাদিকগৰাকীয়েও তেওঁক প্ৰশংসা কৰে।