প্ৰি-ডায়েবেটিছ  প্ৰাৰম্ভিক লক্ষণসমূহ কি? 

19  AUG 2025

Credits: Getty Images

TV9 ASSAM

প্ৰি-ডায়েবেটিছ হ’ল যেতিয়া আপোনাৰ তেজত চুগাৰৰমাত্ৰা স্বাভাৱিকতকৈ বেছি হয় যদিও ডায়েবেটিছৰ দৰে নহয়। ইয়াক ডায়েবেটিছৰ প্ৰাৰম্ভিক পৰ্যায় বুলি ধৰা হয়, যিটো সময়ত নিয়ন্ত্ৰণ কৰিব পৰা যায়।

প্ৰি-ডায়েবেটিছ

ভুল খাদ্যাভ্যাস, শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ, মেদবহুলতা আৰু জিনীয় কাৰণত শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। যাৰ বাবে তেজৰ চেনি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ লক্ষণসমূহ জানো আহক।

 কিয় হয়?

ডাঃ সুভাষ গিৰীয়ে কৈছে যে, প্ৰি-ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত অনবৰতে ভাগৰুৱা অনুভৱ কৰাটোও অন্তৰ্ভুক্ত। এই সময়ত শৰীৰৰ শক্তি সুষম নহয়, যাৰ ফলত কামত প্ৰভাৱ পৰিব পাৰে।

 ভাগৰুৱা 

তেজত চেনিৰ ভাৰসাম্যহীনতাৰ বাবে বাৰে বাৰে পিয়াহ অনুভৱ হয় আৰু খাদ্য খোৱাৰ পিছত সোনকালে ভোকৰো সৃষ্টি হ’ব পাৰে। এই চিনটোক আওকাণ কৰা উচিত নহয়।

অধিক পিয়াহ আৰু ভোক

প্ৰি-ডায়েবেটিছত বিশেষকৈ পেট আৰু কঁকালৰ আশে-পাশে হঠাতে ওজন বৃদ্ধি হ’ব পাৰে। কিছুমান ক্ষেত্ৰত কোনো কাৰণ নোহোৱাকৈও ওজন কমি যায়।

দ্ৰুত ওজন বৃদ্ধি বা হ্ৰাস

শৰীৰে অতিৰিক্ত চেনি বাহিৰ কৰিবলৈ চেষ্টা কৰিলে সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা হয়। এইটো প্ৰি-ডায়েবেটিছৰ গুৰুত্বপূৰ্ণ লক্ষণ।

সঘনাই প্ৰস্ৰাৱ কৰা

ছালত ক’লা দাগ, খজুৱতি বা দৃষ্টিশক্তি ম্লান হোৱাও এই অৱস্থাৰ লক্ষণ হ’ব পাৰে।

ছাল আৰু চকুৰ ওপৰত প্ৰভাৱ

কোনবোৰ খাদ্যই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে? 

চাবলৈ ক্লিক কৰক