শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ট্ৰাম্পৰ সৈতে কি কথা পাতিছিল? বন্ধু পুটিনে মোদীক ক'লে সকলো...

ট্ৰাম্পৰ সৈতে কি কথা পাতিছিল? বন্ধু পুটিনে মোদীক ক’লে সকলো…

barasha-sarma
Barasha Sarma | Published: 19 Aug 2025 20:14 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ। এই সময়চোৱাত পুটিনে আলস্কাত হোৱা বৈঠক সন্দৰ্ভত মোদীক সবিশেষ জনায়। যোৱা শুকুৰবাৰে আলাস্কাত পুটিন আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল।

আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত কি আলোচনা হৈছিল? এই প্ৰশ্ন বহুতৰে মাজত উত্থাপন হৈছে। কিন্তু শেহতীয়াকৈ পুটিনে নিজেই ফোন কৰি এই বিষয়ে জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি মোদীয়ে পুটিনক ধন্যবাদ জ্ঞাপন কৰে। মোদীয়ে কয় যে, আলাস্কাত ট্ৰাম্পৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত অৱগত কৰোৱাৰ বাবে মোৰ বন্ধু পুটিনক ধন্যবাদ।

ইয়াৰোপৰি মোদীয়ে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ পোষকতা কৰে। মন কৰিবলগীয়া যে, শুকুৰবাৰে পুটিন আৰু ট্ৰাম্পৰ মাজত হোৱা বৈঠকে সমগ্ৰ বিশ্বৰ দৃষ্টি কাঢ়িছিল। প্ৰায় ৩ ঘন্টা ধৰি চলিছিল এই বৈঠক। আশা কৰা হৈছিল, এই বৈঠকত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান সূত্ৰ ওলাব। কিন্তু তেনে কোনো বিষয় এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। এই আলোচনাত কোনো ধৰণৰ চুক্তিও স্বাক্ষৰ হোৱা দেখা নগ’ল। ইয়াৰ বিপৰীতে পুটিনে কয়, পৰৱৰ্তী সময়ত মস্কোত লগ পাম।

এই বৈঠকৰ পাছতে সোমবাৰে ইউৰোপীয় নেতাৰ সৈতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ট্ৰাম্পক সাক্ষাৎ কৰে। কিন্তু এই সাক্ষাতৰ পূৰ্বে পুটিনে মোদীক ফোন কৰে। পুটিনৰ সৈতে কথা পতাৰ পাছত মোদীয়ে সামাজিক মাধ্যমত লিখে যে, “মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক ফোন কৰাৰ বাবে ধন্যবাদ। শেহতীয়াকৈ আলাস্কাত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা আলোচনাৰ বিষয়বস্তু মোৰ সৈতে শ্বেয়াৰ কৰে। ভাৰত সদায় ইউক্ৰেইন যুদ্ধৰ শান্তিপূৰ্ণ সমাধানৰ পক্ষত আছিল। আৰু ভাৰতে এই বিষয়ত যিকোনো প্ৰচেষ্টাক সমৰ্থন কৰে।”

উল্লেখ্য যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ভাৰতে সদায় এই ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা পালন কৰি আহিছে। শেহতীয়াকৈ ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক পৃথকে পৃথকে সাক্ষাৎ কৰে। অৱশ্যে ইয়াৰ পৰা কি সমাধান ওলাই সেয়া সময়ত হ’ব লক্ষণীয়।