শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Bipasha Basu: অভিনেতাক চুম্বন কৰি বিপদত বিপাশা বসু! শ্বুটিং শেষ কৰি দৌৰে বাথৰুমলৈ...

Bipasha Basu: অভিনেতাক চুম্বন কৰি বিপদত বিপাশা বসু! শ্বুটিং শেষ কৰি দৌৰে বাথৰুমলৈ…

barasha-misra
Barasha Misra | Published: 19 Aug 2025 20:48 PM

২০১২ চনত বিপাশা বসু আৰু অভিনেতা আৰ মাধৱনক সকলোৱে ভাল পাইছিল। চিনেমাখনৰ নাম ‘জোৰী ব্ৰেকাৰ’। এই ছবিখনৰ শ্বুটিঙৰ সময়ত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। হঠাতে বিপাশাৰ কিয় খং উঠিছিল? এক সাক্ষাৎকাৰত তেওঁ কয় আন্দৰ মহলৰ কাহিনী।

আৰ মাধৱন মানেই যথেষ্ঠ ভাল ছবি আৰু ভাল অভিনয়। সেই অভিনেতাৰ পৰা বিপাশা বসুৱে কেনেধৰণৰ অভিজ্ঞতা লাভ কৰিছিল? শুনি আচৰিত হ’ব আপুনি! ২০১২ চনত বিপাশা বসু আৰু অভিনেতা আৰ মাধৱনক সকলোৱে ভাল পাইছিল। চিনেমাখনৰ নাম ‘জোৰী ব্ৰেকাৰ’। এই ছবিখনৰ শ্বুটিঙৰ সময়ত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। হঠাতে বিপাশাৰ কিয় খং উঠিছিল? এক সাক্ষাৎকাৰত তেওঁ কয় আন্দৰ মহলৰ কাহিনী।

অভিনেতাজনক বিভিন্ন ধৰণৰ খাদ্যৰ জুটি লোৱা দেখা গৈছিল। সেইটোৱেই আছিল তেওঁৰ ওজন বৃদ্ধিৰ ডাঙৰ কাৰণ। এই ছবিখনৰ শ্বুটিঙৰ বাবে ১২-১৩ দিন ঘৰৰ পৰা আঁতৰত আছিল। তাতে আকৌ পঞ্জাৱৰ পৰা এটা দল আছিল। প্ৰতিদিনে শ্বুটিং চাবলৈ আহে আৰু বিভিন্ন ধৰণৰ খাদ্য লগত লৈ আহি মাধৱনক দিয়ো, যিবোৰ মাধৱনে খাই ভাল পাইছিল। পিছে তাতেই হ’ল বিপদ!

সেই ছবিখনত বিপাশা বসুৰ সৈতে তেওঁৰ এটা চুম্বনৰ দৃশ্য আছিল। ইফালে বিপাশাই মাধৱনৰ লগত এই দৃশ্যটো কৰিবলৈ একেবাৰেই ইচ্ছা কৰা নাছিল। কাৰণ মাধৱনৰ পত্নী তেওঁৰ অতি ঘনিষ্ঠ বান্ধৱী। সেইবাবেই অস্বস্তি লাগিছিল। যদিও অৱশেষত পৰিচালকে বিপাশাক পতিয়ন নিয়ালে। অৱশ্যে চুম্বন দৃশ্য শেষ কৰি বিপাশা দৌৰি নিজৰ কোঠালৈ যায়। বহুদিন বাহিৰলৈ আহিব পৰা নাছিল। জানিব পৰা মতে মাধৱনৰ পিঁয়াজৰ গোন্ধ তেওঁৰ মুখত বেয়াকৈ সোমাই গৈছিল। এটা সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল বিপাশাই। যিটোৰ বিষয়ে বহুলভাৱে চৰ্চিত হয়।