Caste census: জাতিগত লোকপিয়লত অনুমোদন মোদী কেবিনেটৰ, মূল লোকপিয়লতে হ’ব জাতি গণনা…
Caste census: জাতিগত লোকপিয়লত অনুমোদন জনালে মোদী কেবিনেটে। বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে মূল লোকপিয়লতে হ'ব জাতিগত লোকপিয়ল।

জাতিগত লোকপিয়লৰ ক্ষেত্ৰত বুধবাৰে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে ঘোষণা কৰে যে মূল লোকপিয়লতে হ’ব জাতিগত লোকপিয়ল (caste census)। আজি অনুষ্ঠিত CCPAৰ বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মোদী চৰকাৰে। কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত তথ্য প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, জাতিগত লোকপিয়লত অনুমোদন জনাইছে মোদী কেবিনেটে। মূল লোকপিয়লত হ’ব জাতিগত লোকপিয়ল।
মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছ চৰকাৰে জাতিগত লোকপিয়লৰ বিৰোধিতা কৰিছিল। যাৰ বাবে কংগ্ৰেছে কেৱল এক সমীক্ষাহে চলাইছিল। এই কাম কংগ্ৰেছে নিজৰ সুবিধাৰ বাবে কৰিছিল। বহু ৰাজ্যত জাতিগত লোকপিয়ল কৰা হৈছে আৰু ইয়াৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। গতিকে মূল লোকপিয়লত জাতি গণনা অন্তৰ্ভুক্ত কৰিব লাগে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সামাজিক তন্ত্ৰ আৰু সংবিধানৰ স্পষ্ট বিধানৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০১০ চনত ড০ মনমোহন সিঙে কৈছিল যে জাতি লোকপিয়লৰ বিষয়টো মন্ত্ৰীসভাত বিবেচনা কৰা উচিত। ইয়াৰ পাছত এই বিষয় বিবেচনা কৰিবলৈ এটা দল গঠন কৰা হৈছিল। বহু ৰাজনৈতিক দলে জাতিগত লোকপিয়লৰ পৰামৰ্শ দিছিল। ইয়াৰ পাছতে কংগ্ৰেছ চৰকাৰে জাতিগত লোকপিয়লৰ পৰিবৰ্তে SECC নামৰ এক সমীক্ষা কৰা উচিত বুলি ভাবিছিল। ইয়াৰ পৰা বুজিব পাৰি যে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহে জাতিগত লোকপিয়ল এক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।
বহু ৰাজ্যই জাতিগত লোকপিয়লক লৈ সমীক্ষা কৰিছে। কিছুমান ৰাজ্যই ইয়াক ভালদৰে কৰিছে আন কিছুমানে কেৱল ৰাজনৈতিক দৃষ্টিকোণৰ পৰা জৰীপ চলাইছে। এনে জৰীপে সমাজত সন্দেহৰ সৃষ্টি কৰে। আমাৰ সামাজিক তন্ত্ৰ ৰাজনীতিয়ে যাতে ধ্বংস নকৰে তাৰ বাবে জৰীপৰ পৰিৱৰ্তে লোকপিয়লত জাতি গণনা অন্তৰ্ভুক্ত কৰা উচিত।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ইয়াৰোপৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিলচৰৰ পৰা শ্বিলঙলৈ আৰু শ্বিলঙৰ পৰা শিলচৰলৈ এক বৃহৎ প্ৰকল্পৰ ঘোষণা কৰে চৰকাৰে। ইয়াৰ মাজত হ’বলগীয়া হাইস্পীড কৰিডৰে মেঘালয় আৰু অসমক সংযোগ কৰিব বুলি কোৱা হৈছে। ইয়াৰ আনুমানিত ব্যয় ২২,৮৬৪ কোটি টকা।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৫-২৬ বৰ্ষৰ বাবে কুহিয়াৰৰ উচিত আৰু পাৰিতোষিক মূল্য প্ৰতি কুইণ্টলত ৩৫৫ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ তলত কুহিয়াৰ ক্ৰয় কৰিব নোৱাৰিব। এই সিদ্ধান্তৰ জৰিয়তে কুহিয়াৰ খেতিয়কে লাভ কৰিব ১ লাখ ১১ হাজাৰ ৭০১ কোটি টকা। কুহিয়াৰ খেতিয়কৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাথি অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে ২০২৫-২৬ (অক্টোবৰ-ছেপ্টেম্বৰ) বৰ্ষৰ বাবে (অক্টোবৰ-ছেপ্টেম্বৰ)কুহিয়াৰৰ ন্যায্য আৰু পাৰিতোষিক মূল্য (এফ আৰ পি) ৩৫৫ টকা প্ৰতি কুইণ্টলত ১০.২৫% মূল ৰিকোভাৰী দৰত অনুমোদন জনাইছে।
অন্য খবৰ পঢ়কঃ আজিৰ দিনটোৱে পাকিস্তানৰ বাবে নমাই আনিব নেকি অন্ধকাৰ? কিয় বিশেষ ৩০ এপ্ৰিল…