শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজিৰ দিনটোৱে পাকিস্তানৰ বাবে নমাই আনিব নেকি অন্ধকাৰ? কিয় বিশেষ ৩০ এপ্ৰিল…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰত। এই সময়চোৱাত পাকিস্তান শংকিত হৈ আছে। দেশখনৰ মন্ত্ৰীয়ে কৈছে যে আগন্তুক ২৪-৩৬ ঘন্টাৰ ভিতৰত ভাৰতে আক্ৰমণ কৰিব পাৰে।

আজিৰ দিনটোৱে পাকিস্তানৰ বাবে নমাই আনিব নেকি অন্ধকাৰ? কিয় বিশেষ ৩০ এপ্ৰিল…
মোদী-শ্বাহবাজImage Credit source: getty images
barasha-sarma
Barasha Sarma | Updated On: 30 Apr 2025 13:15 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে শংকিত হৈ আছে পাকিস্তান।  ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক দিশত কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে অন্য কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। অৱশ্যে এই সময়চোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখনৰ পাছত আনখন বৈঠক অনুষ্ঠিত কৰিছে, যাৰ পৰা অনুমান হয় যে ভাৰতে প্ৰতিশোধ লোৱাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাই আছে। এই প্ৰস্তুতিৰ মাজতে পাকিস্তানৰ এজন মন্ত্ৰীয়ে কয় যে আগন্তুক ২৪-৩৬ ঘন্টাৰ ভিতৰত ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব পাৰে।

একাংশৰ মতে, পাকিস্তানত আক্ৰমণ সংঘটিত কৰিবলৈ আজি শুভ সময়। কিয়নো আজি অক্ষয় তৃতীয়া। ধৰ্মীয় মান্যতা অনুসৰি এই দিনত যি কাৰ্য কৰা হয় সেই কাৰ্যৰ অক্ষয় ফল লাভ কৰা যায়। গতিকে আজিৰ দিনটো আৰু বিগত ২৪ ঘন্টাত নতুন দিল্লীত অনুষ্ঠিত বৈঠকৰ পৰা ক’ব পাৰি যে ভাৰতে প্ৰত্যুত্তৰ দিয়াৰ বাবে প্ৰস্তুতি কৰি আছে।

সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে তিনি সেনাধ্যক্ষ, NSA অজিত ডোভাল আৰু প্ৰতিৰক্ষা বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মোদীয়ে সেনাত সম্পূৰ্ণ অধিকাৰ দিয়ে। সূত্ৰ অনুসৰি,মোদীয়ে কয় যে সন্ত্ৰাসবাদক উপযুক্ত উত্তৰ দিয়াটো আমাৰ ৰাষ্ট্ৰীয় সংকল্প। প্ৰধানমন্ত্ৰীয়ে সশস্ত্ৰ বাহিনীৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে।

প্রতিশোধৰ পদ্ধতি, লক্ষ্য আৰু সময় সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই বৈঠকত প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানেও অংশগ্ৰহণ কৰে। ইয়াৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।

মোহন ভাগৱতক সাক্ষাৎ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ এছ এছৰ অধ্যক্ষ মোহন ভাগৱতক সাক্ষাৎ কৰে। পহলগাম কাণ্ডৰ ওপৰত প্ৰধানমন্ত্ৰী মোদী আৰু মোহন ভাগৱতৰ মাজত প্ৰায় ডেৰ ঘন্টা ধৰি এই বৈঠক চলে। আৰ এছ এছৰ সূত্ৰ অনুসৰি, পহলগাম কাণ্ডৰ ওপৰত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তত সংঘ লগত থাকিব বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে প্ৰতিশোধৰ বিকল্প বিবেচনা কৰাৰ সময়তে প্ৰধানমন্ত্ৰীৰ বাসগৃহত দুয়োজনে নিজৰ মতামত ব্যক্ত কৰে।

শুভ সময়

এই বৈঠকসমূহৰ পাছতে আজিৰ দিনটো আহি পৰিছে। আজি অক্ষয় তৃতীয়া। হিন্দু ধৰ্মত আজিৰ দিনটোৰ বিশেষ মহত্ব আছে। মান্যতা অনুসৰি এই দিনটোত কৰ্মফল কেতিয়াও শেষ নহয়। এই দিনটোত আৰম্ভ হোৱা কাম কেতিয়াও শেষ নহয় বুলি বিশ্বাস কৰা হয়।

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ংকৰ ঘটনা। এই ঘটনাত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৪ জন আহত হৈছিল।  ঘটনাৰ পাছৰ পৰা দেশবাসী আছে প্ৰতিশোধৰ অপেক্ষাত। দেশৰ কোটি কোটি জনতাই বিচাৰিছে ভাৰত চৰকাৰে পাকিস্তানক প্ৰত্যুত্তৰ দিয়াতো। গতিকে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী…