শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৬ দিন পূৰ্বে হৈছিল বিয়া, পত্নীৰ লগত কাশ্মীৰত ফুৰিবলৈ গৈ সন্ত্ৰাসবাদীৰ গুলীত নিহত নৌসেনাৰ বিষয়া

Pahalgam Terrorist Attack: জানিব পৰা মতে মৃত বিষয়াজনৰ নাম বিনয় নৰৱাল (২৬)। ১৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল  নৌসেনাৰ বিষয়াগৰাকী।ছুটীত অৱসৰ বিনোদৰ বাবে পত্নীৰ সৈতে কাশ্মীৰলৈ গৈছিল তেওঁ। সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীৰ গুলীত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বিনয় আৰু তেওঁৰ পত্নীয়ে।

৬ দিন পূৰ্বে হৈছিল বিয়া, পত্নীৰ লগত কাশ্মীৰত ফুৰিবলৈ গৈ সন্ত্ৰাসবাদীৰ গুলীত নিহত নৌসেনাৰ বিষয়া
বিনয় নৰৱাল
trishna-kalita
Trishna Kalita | Updated On: 23 Apr 2025 11:59 AM

তেওঁলোকে গৈছিল অৱসৰ বিনোদৰ বাবে। প্ৰিয়জনৰ সৈতে কিছু সময় উদযাপনৰ বাবে। কিন্তু ঘূৰি আহিল নিথৰ দেহ হৈ। এয়া নিয়তিৰ পৰিহাস নে শত্ৰুৰ ষড়যন্ত্ৰ? আজি ক’বলৈ ভাষাৰ অভাৱ, একে মুখে তীব্ৰ গৰিহণা দিছে সকলোৱে। ‘ভূ-স্বৰ্গ’ কাশ্মীৰত পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা সন্ত্ৰাসবাদীৰ। খবৰ অনুসৰি এই আক্ৰমণত প্ৰায় ২৮ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছে।

তাৰে মাজতে আছিল এটা নৱবিবাহিত দম্পতী। বিয়াৰ ‘বয়স’ মাত্ৰ ৬ দিন। পত্নীক লগত লৈ কাশ্মীৰলৈ হানিমুনৰ বাবে গৈছিল স্বামী। প্ৰথমতে সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছত পৰ্যটকৰ ওপৰত এফালৰ পৰা নিৰ্বিচাৰ গুলীচালনা সন্ত্ৰাসবাদীৰ। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণতে নিহত হ’ল ভাৰতীয় নৌসেনাৰ এজন বিষয়া। সংবাদ সংস্থা এএনআইৰ মতে, নৌসেনাৰ বিষয়াগৰাকীয়ে কামৰ বাবে কেৰালাৰ কোচিত বাসিন্দা। কৰ্মক্ষেত্ৰৰ পৰা কিছুদিনৰ ছুটী লৈ কাশ্মীৰলৈ গৈছিল তেওঁ। তাতেই সংঘটিত হ’ল এই সন্ত্ৰাসবাদী আক্ৰমণ।

জানিব পৰা মতে মৃত বিষয়াজনৰ নাম বিনয় নৰৱাল (২৬)। ১৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল  নৌসেনাৰ বিষয়াগৰাকী।ছুটীত অৱসৰ বিনোদৰ বাবে পত্নীৰ সৈতে কাশ্মীৰলৈ গৈছিল তেওঁ। সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীৰ গুলীত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বিনয় আৰু তেওঁৰ পত্নীয়ে।

খবৰ অনুসৰি, মঙলবাৰে দুপৰীয়া ১:৩০ মান বজাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে এই ভয়ংকৰ আক্ৰমণ।  নাম আৰু পৰিচয়ৰ সৈতে টাৰ্গেট কৰা হৈছিল ৩০ জন লোকক। আক্ৰমণ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ। কোনো সন্ত্ৰাসবাদীয়ে সাৰি যাবলৈ দিয়া নহ’ব বুলি সকীয়াই দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে TRF সন্ত্ৰাসবাদী সংগঠনে। পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুদিনীয়াকৈ চৌদি আৰৱলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাতে ভ্ৰমণ সামৰি আজি পুৱা দিল্লীত উপস্থিত হয়। ভাৰতলৈ উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰতে বৈদেশিক সচিব তথা বৈদেশিক মন্ত্ৰী জয়শংকৰৰ, NSA অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হয় আৰু সমগ্ৰ ঘটনা বুজ লয়।

লগতে পঢ়ক: পহলগাম আক্ৰমণৰ পিছত পাকিস্তানলৈ মোদীৰ কঠোৰ বাৰ্তা! ল’লে ডাঙৰ পদক্ষেপ…