শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Janmashtami 2025: জন্মাষ্টমী কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…

Janmashtami2025 date: হিন্দু ধৰ্মত জন্মাষ্টমীৰ বিশেষ মহত্ব আছে। প্ৰতিবছৰে জন্মাষ্টমী পালন কৰা হয়। চলিত বৰ্ষতো ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হ'ব।

Janmashtami 2025: জন্মাষ্টমী কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…
জন্মাষ্টমী তাৰিখImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 29 Jul 2025 21:56 PM

হিন্দু ধৰ্মত জন্মাষ্টমীৰ বিশেষ মহত্ব আছে। মান্যতা অনুসৰি এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এই দিনটোত নিশিত কালৰ সময়ত কৃষ্ণৰ পূজা কৰা হয়। ভগৱান শ্ৰী কৃষ্ণৰ দহটা অৱতাৰৰ ভিতৰত বিষ্ণুৰ অৱতাৰ আছিল নৱম। কোৱা হয়, জন্মাষ্টমীৰ দিনা শ্ৰীকৃষ্ণৰ পূজা কৰিলে মনৰ সকলো কামনা পূৰণ হয়। ঠাইভেদে জন্মাষ্টমী পালন কৰাৰ নিয়ম বেলেগ বেলেগ। পিছে প্ৰশ্ন হয়, ২০২৫ চনৰ জন্মাষ্টমী কেতিয়া পালন কৰা হ’ব?

হিন্দু পঞ্জিকা অনুসৰি  ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰা হয়। ভগৱান শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ উৎসৱৰ হিন্দু ধৰ্মত বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোত শ্ৰীকৃষ্ণৰ শিশু ৰূপক পূজা কৰা হয়।

জন্মাষ্টমী কেতিয়া

১৫ আগষ্ট, ২০২৫ৰ নিশা ১১:৪৯ বজাৰ পৰা আৰম্ভ হ’ব অষ্টমী তিথি। ১৬ আগষ্ট, ২০২৫ তাৰিখে নিশা ৯:৩৪ বজাত অন্ত পৰিব অষ্টমী তিথি। তেনেস্থলত ১৬ আগষ্ট শনিবাৰে জন্মাষ্টমীৰ ব্ৰত ৰখা হ’ব। এই দিনটোত নিশিত পূজাৰ সময় নিশা ১২.০৪ মিনিটৰ পৰা ১২.৪৭ মিনিটলৈ। গতিকে ১৬ আগষ্ট শনিবাৰে জন্মাষ্টমী পালন কৰা হ’ব।  মান্যতা অনুসৰি প্ৰতিবছৰে ভাদমাহৰ কৃষ্ণ পক্ষৰ ৮ নম্বৰ দিনত নিশা এই জন্মাষ্টমী পালন কৰা হয়।

কিংবদন্তী

মান্যতা অনুসৰি,শ্ৰীকৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান। জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি,শ্ৰীকৃষ্ণৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই আৰু তেওঁৰ মৃত্যু হৈছিল খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰী। কৃষ্ণ আছিল মথুৰাৰ যাদৱসকলৰ বৃষ্ণি ফৈদৰ লোক।

কেনেকৈ পালন কৰা হয়

ঠাইভেদে জন্মাষ্টমী পালন কৰাৰ পদ্ধতি বেলেগ বেলেগ। অসমত জন্মাষ্টমীৰ নিশা দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা গোৱা হয়। পাছত ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম প্ৰসংগ পুৱালৈ চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।

কিছুমান অঞ্চলত মহিলাসকলে বিভিন্ন ধৰণৰ ৰং ধেমালী কৰে। শিশু কৃষ্ণৰ মূৰ্তি বনাই নাছি বাগি আনন্দ কৰে।  কোৱা হয়, কৃষ্ণৰ জন্মৰ দিনা বৰষুণ দিছিল। যাৰ বাবে এই দিনটোত বৰষুণ দিয়ে।

 

(অস্বীকাৰঃ এই লেখাটো ধৰ্মীয়া মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সৈতে টিভ৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

 

অন্য খবৰ পঢ়কঃ Raksha Bandhan 2025: ৰাখীবন্ধন কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…