শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কাশ্মীৰত সন্ত্ৰাসবাদী নিধনৰ পৰা সংসদত অপাৰেচন সেন্দূৰ বিতৰ্কলৈ, দিনটোৰ শীৰ্ষ খবৰ

কাশ্মীৰত সন্ত্ৰাসবাদী নিধনৰ পৰা সংসদত অপাৰেচন সেন্দূৰ বিতৰ্কলৈ, দিনটোৰ শীৰ্ষ খবৰ

Monjit Dutta
Monjit Dutta | Published: 29 Jul 2025 00:12 AM

জম্মু-কাশ্মীৰৰ লীডৱাসত সোমবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায় ভাৰতীয় সেনাই। এই অভিযানৰ নাম দিয়া হয় অপাৰেচন মহাদেৱ। সেনাৰ চিনাৰ কৰ্পৰ তথ্য অনুসৰি এই অভিযানত নিহত হয় তিনিটা সন্ত্ৰাসবাদী।

জম্মু-কাশ্মীৰৰ লীডৱাসত সোমবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায় ভাৰতীয় সেনাই। এই অভিযানৰ নাম দিয়া হয় অপাৰেচন মহাদেৱ। সেনাৰ চিনাৰ কৰ্পৰ তথ্য অনুসৰি এই অভিযানত নিহত হয় তিনিটা সন্ত্ৰাসবাদী। আটাইকেইটা সন্ত্ৰাসবাদী জড়িত আছিল পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত। সোমবাৰে সংসদত অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত আলোচনা কৰা হয়। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে চৰকাৰক সমালোচনা কৰি পহলগামত পাক সন্ত্ৰাসবাদীয়ে কিদৰে প্ৰৱেশ কৰিলে বুলি প্ৰশ্ন কৰে। লগতে পাকিস্তানৰ সৈতে সংঘাতত ভাৰতৰ কিমান ক্ষতি হ’ল তাৰো তথ্য় বিচাৰে গৌৰৱ গগৈয়ে।

সংসদত অপাৰেচন সেন্দূৰক লৈ বিতৰ্ক চলি থকাৰ সময়তে বিৰোধী শক্তিক সমালোচনা প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ। তেওঁ কয় যে বিৰোধীয়ে শত্ৰু ৰাষ্ট্ৰৰ কিমান যুদ্ধ বিমান ধ্বংস হ’ল সেয়া জানিব নোখোজে। মাত্ৰ ভাৰতৰ কিমান ক্ষতি হ’ল সেয়াহে জানিব বিচাৰে।

চাওক দিনটোৰ আন কেতবোৰ চৰ্চিত খবৰ…