শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Video: ভাৰতে নিৰ্মাণ কৰিছে আমেৰিকাৰ দৰে বিপজ্জনক ‘বাষ্টাৰ বাংকাৰ’ বোমা!

Video: ভাৰতে নিৰ্মাণ কৰিছে আমেৰিকাৰ দৰে বিপজ্জনক ‘বাষ্টাৰ বাংকাৰ’ বোমা!

barasha-misra
Barasha Misra | Published: 29 Jul 2025 21:03 PM

ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ বোমাৰু বিমানে ‘বাংকাৰ বাষ্টাৰ’ নিক্ষেপ কৰাৰ পিছত, তেহৰানে ইজৰাইলৰ সৈতে খৰখেদাকৈ যুদ্ধবিৰতি স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। আমেৰিকা সেনাবাহিনীৰ আটাইতকৈ বিধ্বংসী ৩০ হাজাৰ পাউণ্ড বা ১৪ হাজাৰ কিলোগ্ৰাম ওজনৰ ‘জিবিইউ-৫৭’ বোমাটো মাটিৰ পৰা ৬০ মিটাৰ বা ২০০ ফুট তলত বিস্ফোৰণ ঘটি এটা বৃহৎ গহ্বৰৰ সৃষ্টি কৰে। এই বোমাটোৰ শক্তি আৰু তীব্ৰতা […]

ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ বোমাৰু বিমানে ‘বাংকাৰ বাষ্টাৰ’ নিক্ষেপ কৰাৰ পিছত, তেহৰানে ইজৰাইলৰ সৈতে খৰখেদাকৈ যুদ্ধবিৰতি স্বাক্ষৰ কৰিবলৈ বাধ্য হয়। আমেৰিকা সেনাবাহিনীৰ আটাইতকৈ বিধ্বংসী ৩০ হাজাৰ পাউণ্ড বা ১৪ হাজাৰ কিলোগ্ৰাম ওজনৰ ‘জিবিইউ-৫৭’ বোমাটো মাটিৰ পৰা ৬০ মিটাৰ বা ২০০ ফুট তলত বিস্ফোৰণ ঘটি এটা বৃহৎ গহ্বৰৰ সৃষ্টি কৰে। এই বোমাটোৰ শক্তি আৰু তীব্ৰতা যথেষ্ঠ বেছি। সেই আক্ৰমণৰ পৰাই স্পষ্ট হৈ পৰে যে, মাটিৰ তলত লুকাই থকা শত্ৰুৰ ঘাটিবোৰ ধ্বংস কৰিব নোৱাৰিলে ভৱিষ্যতে কোনো যুদ্ধত জয়ী হোৱাটো অসম্ভৱ।

ভাৰতৰ বাবে দুই পুৰণি শত্ৰু দেশ চীন আৰু পাকিস্তান ডিঙিৰ কাঁইট হৈ আছে। ইয়াৰ সমান্তৰালকৈ আন্তৰ্জাতিক সমীকৰণো দ্ৰুতগতিত সলনি হৈছে। সেইবাবে এইবাৰ ভাৰতে নিজৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা নিৰ্মাণৰ কৰি আছে। ডি আৰ ডি অ’ই অতি সোনকালে এই বোমাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব। ভাৰতৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত থলুৱা ‘বাংকাৰ বাষ্টাৰ’ বোমা ভাৰতীয় বায়ুসেনাই লাভ কৰিব। যুদ্ধৰ পৰিস্থিতিত এই বোমাটো আমেৰিকাৰ তুলনাত কম খৰচত, দ্ৰুত আৰু সহজে শত্ৰুৰ ঘাটিত নিক্ষেপ কৰিব পাৰিব।

এই বোমাটো পেলাবলৈ আমেৰিকাৰ ‘বি-২’ বোমাৰু বিমানৰ দৰে দামী বিমানৰ প্ৰয়োজন নহয়। বৰ্তমান ভাৰতীয় বায়ুসেনাৰ অস্ত্ৰভাণ্ডাৰত থকা বিমানসমূহৰ পৰা এই নতুন মিছাইল-বোমা নিক্ষেপ কৰিব পাৰিব। খৰচো কম, আৰু কোনো বিদেশী দেশৰ পৰা অনুমতিৰো প্ৰয়োজন নাই। ইণ্টিগ্ৰেটেড কমাণ্ড আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমতি লাভ কৰাৰ পিছত ভাৰতীয় সেনা ঘাটিৰ পৰা এই বোমা লৈ ভাৰতীয় বায়ুসেনাৰ বিমান উৰিব। ভাৰতৰ বাংকাৰ বাষ্টাৰ বোমাই ‘নিখুঁত’ আক্ৰমণ চলাই ভূগৰ্ভস্থ শত্ৰুৰ ঘাটি নিঋশেষ কৰিব পাৰিব।

প্ৰতিৰক্ষা বিশেষজ্ঞৰ দাবী, ভাৰতৰ এই বোমা আৰু অধিক বিপদজনক হ’ব! ভাৰতৰ নিজা ‘বাংকাৰ বাষ্টাৰ’ বোমা মাটিৰ তলত কমেও ৮০-১০০ মিটাৰ গভীৰতাত বিস্ফোৰণ কৰিব পাৰিব। নতুন বোমাটো আমেৰিকাৰ সেনাবাহিনীৰ দৰে বিশেষ বিমানেৰে কঢ়িয়াই ওপৰৰ পৰা আঘাত কৰিব পাৰিব।