শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Friendship Day 2025: বন্ধুত্ব দিৱসত প্ৰিয় বন্ধু-বান্ধৱীৰ সৈতে যাওক ফুৰিবলৈ, জানক উত্তম ঠাইবোৰৰ বিষয়ে…

Friendship day 2025:আমাৰ সকলোৰে জীৱনত বন্ধুসকলৰ এক বৃহৎ অৱদান আছে। জীৱনত আগবাঢ়ি যাবলৈ আমাক প্ৰেৰণা দিয়ে। সেয়ে বন্ধু-বান্ধৱীক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ এই দিনটো পালন কৰা হয়।

Friendship Day 2025: বন্ধুত্ব দিৱসত প্ৰিয় বন্ধু-বান্ধৱীৰ সৈতে যাওক ফুৰিবলৈ, জানক উত্তম ঠাইবোৰৰ বিষয়ে…
বন্ধুত্ব দিৱসত প্ৰিয় বন্ধু-বান্ধৱীৰ সৈতে যাওক ফুৰিবলৈ
barasha-misra
Barasha Misra | Published: 29 Jul 2025 21:39 PM

বন্ধুত্বৰ সম্পৰ্ক অতি বিশেষ। যিজন বন্ধুৰ লগত আমি আমাৰ মনলৈ অহা যিকোনো কথাৰ বিষয়ে কথা পাতিব পাৰো আৰু যিয়ে আমাক জীৱনৰ প্ৰতিটো সময়তে সহায় কৰে। প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰা হয়। এই উপলক্ষে বন্ধু-বান্ধৱীৰ সৈতে সময় পাৰ কৰিবলৈ আপুনি গুৱাহাটীৰ আশে-পাশে থকা এই ঠাইবোৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণ কৰাটো এক বেলেগ ধৰণৰ মজা। কলেজৰ সময়ত বেছিভাগ মানুহেই বন্ধু-বান্ধৱীৰ সৈতে ওলাই যায়। কিন্তু সকলোৱে নিজৰ জীৱনত ব্যস্ত হ’বলৈ আৰম্ভ কৰাৰ লগে লগে বন্ধু-বান্ধৱীক লগ কৰিবলৈ সক্ষম নহয়। বহু সময়ত লগ পোৱাৰ পৰিকল্পনা কৰা হয় কিন্তু আগৰ দৰে সকলোৱে একেলগে আড্ডা মাৰিব নোৱাৰে। এনে ক্ষেত্ৰত বন্ধুত্ব দিৱসত বন্ধু-বান্ধৱীৰ সৈতে গুৱাহাটীৰ এই স্থানলৈ যাব পাৰে।

চানডুবি বিল

চানডুবি বিল অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। ১৮৯৭ চনৰ অসমৰ বৰভুঁইকপত এই বিলৰ সৃষ্টি হৈছিল। ভূমিকম্পত এই ঠাইৰ হাবি তললৈ বহি গৈ বিল হৈ পৰে। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা। প্ৰতিবছৰে এক বুজন সংখ্যক লোক বনভোজৰ বাবে বা ফুৰিবলৈ এই বিললৈ আহে।
প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰাচীন কালৰ চান্দ সদাগৰৰ ধন-সোণেৰে ভৰা নাও ডুবি এই বিল সৃষ্টি হৈছিল। চান্দ সদাগৰৰ ডিঙা ডুবি এই বিল হোৱা বাবেই হেনো ‘চান্দডুবি’ নাম পায়।

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে। সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি। পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয়। প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে

উল্লেখ্য যে চানডুবি বিলৰ নৈসৰ্গিক সৌন্দৰ্যৰ বাবে ইয়াত পৰ্যটকৰ উপৰি ছবি, মিউজিক ভিডিঅ’ ইত্যাদিৰ দৃশ্যগ্ৰহণৰ বাবে নিতৌ বিভিন্নজনৰ আগমন হয়। ইং ২੦২২ চনৰ নৱেম্বৰ মাহত বলিউডৰ বলিষ্ঠ অভিনেত্ৰী কংগনা ৰানাৱটে ইয়াত “ইমাৰ্জেন্সি” শীৰ্ষক বলিউডৰ এখন ছবিৰ শ্বুটিং সম্পন্ন কৰে। এই ছবি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অভিনীত ছুপাৰ হিট অসমীয়া ছবি মিশ্বন চাইনাৰো বহু দৃশ্য চানডুবি বিলৰ পাৰতে গ্ৰহণ কৰা হৈছিল।

দীপৰ বিল

দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়। ইয়াৰ উপৰিও, বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা (Important Bired Area) বুলি চিহ্নিত কৰিছে।

ইতিহাসে দাবী কৰা মতে, দীপৰ বিল পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল আৰু মেঘালয় ৰাজ্যৰ শাসনকৰ্তা (ৰায়ব্ৰাই চিয়েম) ইয়াত শাসন কৰিছিল বুলি জনা যায়। আহোম আৰু মোগলৰ দিনত দীপৰ বিলখনত জাহাজ মেৰামতি আৰু বয়-বস্তু উঠা-নমা কৰা ঠাই হিচাপে ব্যৱহৃত হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয়।

খামৰেঙা বিল

চন্দ্রপুৰৰ খামৰেঙা বিল এতিয়া পৰ্যটকৰ কেন্দ্র বিন্দু । গুৱাহাটীৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ নিলগত এই বিল। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত নাওৰে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব পাৰিব।

শ্বিলং

মেঘালয়ৰ ৰাজধানী, যাক “পূবৰ স্কটলেণ্ড” বুলিও জনা যায়। ইয়াত মনোমোহা দৃশ্য, জলপ্ৰপাত আৰু শীতল বতাহ উপভোগ কৰিব পাৰিব।

হাফলং

হাফলঙৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰ্যটকক আকৰ্ষণ কৰে। অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰীখনক অসমৰ ছুইজাৰলেণ্ড বুলিও কোৱা হয়। ডিমা হাছাও জিলা হৈছে এক শান্তিপূৰ্ণ স্থান আৰু পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । মনোৰম বৰাইল পৰ্বতমালাৰ গৰ্ভত থকা অসমৰ পাহাৰীয়া জিলাখনলৈ বিশেষকৈ শীতকালত বহু পৰ্যটকৰ সমাগম হয় ।