শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
উৰিয়ামঘাটৰ উচ্ছেদৰ পৰা সংসদৰ অধিবেশনলৈ দিনটোৰ শীৰ্ষ খবৰ...

উৰিয়ামঘাটৰ উচ্ছেদৰ পৰা সংসদৰ অধিবেশনলৈ দিনটোৰ শীৰ্ষ খবৰ…

barasha-sarma
Barasha Sarma | Published: 29 Jul 2025 21:10 PM

আজি উৰিয়ামঘাটত চলে প্ৰশাসনৰ উচ্ছেদ। লগতে গুৱাহাটীত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত ডাঙৰ সফলতা লাভ কৰে আৰক্ষীয়ে। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঘটনা সংঘটিত হয়।

১. আজি উৰিয়ামঘাটত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৩,৬০০ একৰ বনভূমি বেদখল মুক্ত কৰাৰ উদ্দেশ্য চলোৱা হয় এই উচ্ছেদ। ৰেংমা বনাঞ্চলৰ ভূমিত বসতি স্থাপন কৰিছিল প্ৰায় ১৫০০ পৰিয়ালে। উচ্ছেদৰ পূৰ্বেই এইসমূহ পৰিয়ালক দিয়া হৈছিল ঠাই খালী কৰাৰ জাননী।

২. জীৱন-মৃত্যুৰে যুঁজি যুঁজি অৱশেষত প্ৰাণ হেৰুৱালে গুৱাহাটীত হিট এণ্ড ৰানৰ বলি হোৱা ছামিউল হকে। কেইদিনমান পূৰ্বে অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহতিয়াই নিছিল ছামিউলক। দুৰ্ঘটনাত দুয়োখন ভৰিতে গুৰুতৰ আঘাত পায় ছামিউলে।

৩. গুৱাহাটীত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত সফলতা লাভ আৰক্ষীৰ। খাৰঘুলীত চলোৱা এক অভিযানত আৰক্ষীয়ে দুটা হেৰ’ইনৰ পেকেট আৰু নগদ ধনসহ গ্ৰেপ্তাৰ কৰে এজন অভিযুক্তক। আন এক অভিযানত জয়ানগৰৰ এজন ব্যক্তিৰ ঘৰৰ পৰা আধা জ্বলা হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।

৪. সুৰা চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা। বিলাসীপাৰাৰ ৰাকেশ নাগক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা বুজন সংখ্যক বিলাতী সুৰাও জব্দ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে ৰাকেশক যুৱ মৰ্চাৰ পৰা বহিষ্কাৰ কৰিছে বিলাসীপাৰা সমিতিয়ে।

৫. অসমত খিলঞ্জীয়াৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা আৰু আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান। গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সমবেত হয় AJYCP ৰ কেইবাশতাধিক প্ৰতিনিধি। লগতে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই।

৬. সংসদত কংগ্ৰেছ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বক্তব্য তথা স্থিতিক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে যোৰহাটৰ সাংসদগৰাকীয়ে সদনত দিয়া ভাষণে প্ৰমাণ কৰে তেওঁ পাকিস্তানৰ হৈ কাম কৰি আছে।

৭. সংসদত আজি অপাৰেচন মহাদেৱ সন্দৰ্ভত তথ্য প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয় যে চাৰিজন লোকে চিনাক্ত কৰিছে তিনি সন্ত্ৰাসবাদীক। ৬ গৰাকী বিজ্ঞানীয়ে গুলীৰ নমুনা পৰীক্ষা কৰি পহলগাম আক্ৰমণত ব্যৱহৃত গুলীৰ সৈতে মিল থকাৰ কথা নিশ্চিত কৰে।

৮. পহলগাম আক্ৰমণ তথা অপাৰেচন সেন্দূৰ সন্দৰ্ভত সংসদত চৰকাৰক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ। কংগ্ৰেছ সাংসদগৰাকীয়ে পহলগামত নিহতসকলক ভাৰতীয় বুলি কোৱাৰ সময়তে বিজেপিৰ সাংসদে হিন্দু বুলি ধ্বনি দিয়ে। এই আক্ৰমণৰ বাবে কেন্দ্ৰক জগৰীয়া কৰে সাংসদ গান্ধীয়ে।

৯. ঝাৰখণ্ডত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। আজি পুৱা দেওঘৰ জিলাত দুৰ্ঘটনাত পতিত হয় ব’ল ব’ম তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ। যাত্ৰীবাহী বাছখনে এখন ট্ৰাকত মুখামুখিকৈ খুন্দা মৰাৰ ফলত কেইবাজনো ব’ল ব’ম যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিজেপি সাংসদ নিশিকান্ত ডুবেই জনোৱা মতে ১৮ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে এই দুৰ্ঘটনাত।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ সৈতে কিয় যুদ্ধবিৰতি কৰিছিল ভাৰতে? সদনত উত্তৰ দিলে মোদীয়ে…