মাস্কৰ ষ্টাৰলিংকত ঘটিল বিঘিনি, ভাৰতত মুকলি হোৱাৰ পূৰ্বে আহিল এনে বাধা…
ইলন মাস্ক মালিকানাধীন কোম্পানী ষ্টাৰলিংকে ভাৰতত সেৱা আৰম্ভ কৰাৰ বাবে সাজু হৈছে। পিছে ভাৰতৰ বজাৰত প্ৰৱেশ কৰাৰ আগে আগে ষ্টাৰলিংক সন্মুখীন হৈছে এক সমস্যাৰ। কি এই সমস্যা, চাওক।
ইলন মাস্কৰ চেটেলাইট ইণ্টাৰনেট প্ৰদানকাৰী কোম্পানী ষ্টাৰলিংকে অতি সোনকালেই ভাৰতত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব পাৰিব বুলি আশা কৰা হৈছে। ইতিমধ্যে ভাৰতত সেৱা আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে কোম্পানীটোৱে। ভাৰতত সেৱা আৰম্ভ কৰাৰ আগে আগে ষ্টাৰলিংক সন্মুখীন হৈছে এক সমস্যাৰ। কোম্পানীটোৰ ইণ্টাৰনেট সেৱাত শেহতীয়াকৈ বৃহৎ বিজুতিয়ে দেখা দিছে। যোৱা ২৪ জুলাইত আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো দেশত কোম্পানীটোৰ সেৱা ব্যৱহাৰকাৰীসকলে হঠাতে ইণ্টাৰনেট ব্যৱহাৰত বাধাৰ সন্মুখীন হ’ব লগা হয়।
গ্ৰাহকসকলে সন্মুখীন হোৱা সমস্যাৰ পিছতে ষ্টাৰলিংকে নিজা এক্স হেণ্ডেলত এই বিজুতিৰ বিষয়ে প্ৰকাশ কৰে। কোম্পানীটোৱে এই বিজুতি দূৰ কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি গ্ৰাহকসকলক আশ্বস্ত কৰিব বিচাৰে।
Latest Videos