এইদৰে পদূনা পাত ব্যৱহাৰ কৰি ঘূৰাই আনক ছালৰ প্ৰাকৃতিক সৌন্দৰ্য

29 July 2025

TV9 ASSAM

পদূনাৰ উপকাৰিতাৰ বিষয়ে কম-বেছি পৰিমাণে আমি সকলোৱে জানো। পদূনা খালে দেহে সামগ্ৰিক দিশত বহু উপকাৰিতা লাভ কৰে।

পদূনা

পদূনা সৌন্দৰ্য চৰ্চাত অতি ফলপ্ৰসূ প্ৰাকৃতিক উপাদান। ছালৰ যত্নৰ বাবে পদূনা নানা পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰি।

ছালৰ যত্ন

পদূনাৰ এণ্টি-বেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী আৰু শীতল প্ৰভাৱ আছে। যি ছালৰ বিভিন্ন সমস্যা হ্ৰাস কৰাত সহায় কৰে।

গুণাগুণ

শালমন দূৰ কৰিবলৈ পদূনাৰ ৰস  লগাব লাগে। পদূনা ৰসৰ সৈতে চন্দনৰ গুৰি মিহলাই মুখত লগাব। ইয়াৰ ফলত বেক্টেৰিয়া আাঁতৰিব, ব্ৰণৰ সমস্যা হ্ৰাস পাব।

ব্যৱহাৰ

পদূনা ৰস আৰু গোলাপ জল মিহলাই এক ফেচ মিষ্ট বনাব পাৰি। এই ফেচ মিষ্ট ফ্ৰীজত ৰাখি দিনটোত দুবাৰকৈ স্প্ৰে কৰিলে ছালখন উজ্জল আৰু সতেজ দেখা যাব।

সতেজতা

পদূনা পিচি লৈ দৈৰ লগত মিহলাই মুখত লগাব পাৰে। এনে কৰিলে ছালত শীতলতা অনুভৱ হয়। লগতে ছালৰ বিষ আৰু ৰ’দে পোৰাৰ সমস্যা হ্ৰাস পাব।

পদূনা-দৈ

ছালৰ দাগ দূৰ কৰিবলৈ পদূনাৰ ৰস নেমুৰ ৰস আৰু মৌৰ লগত মিহলাই সপ্তাহত ২ দিন ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত দাগ দূৰ হোৱাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পাব।

এনে কৰিব পাৰে

পঢ়িবলৈ ক্লিক কৰক 

ইউৰিক এচিড হ’লে ত্যাগ কৰক এনে খাদ্য