প্ৰেমৰ চুম্বন হৈ উঠিব পাৰে ‘বিষাক্ত’! হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ বাহক
চুম্বনৰ বহু উপকাৰিতাৰ বিষয়েও সততে শুনা যায়। পিছে এই চুম্বনে ব্যক্তিৰ জীৱনলৈ ভয়ংকৰ বিপদো কঢ়িয়াই আনিব পাৰে। কি এই ভয়ংকৰ বিপদ? জানো আহক এই বিষয়ে।

প্ৰেমাস্পদৰ মাজত প্ৰেম প্ৰকাশৰ এক অন্যতম মাধ্যম চুম্বন। দেখাত এয়া এক সাধাৰণ প্ৰক্ৰিয়াই। চুম্বনৰ বহু উপকাৰিতাৰ বিষয়েও সততে শুনা যায়। পিছে এই চুম্বনে ব্যক্তিৰ জীৱনলৈ ভয়ংকৰ বিপদো কঢ়িয়াই আনিব পাৰে। কি এই ভয়ংকৰ বিপদ? জানো আহক এই বিষয়ে। চুম্বনৰ ফলত ব্যক্তি আক্ৰান্ত হ’ব পাৰে মনোনিউক্লিঅ’ছিছ ৰোগত। এয়া হৈছে এক ভাইৰাছজনিত সংক্ৰামক ৰোগ। সাধাৰণতে এপষ্টেইন-বাৰ ভাইৰাছ (EBV)ৰ দ্বাৰা এই ৰোগ সংক্ৰমিত হয়। এই ৰোগ প্ৰধানকৈ লেলাৱতি বা থুইৰ যোগেদি সংক্ৰমিত হয়।
বিজ্ঞানীসকলে কয় যে হাৰপিছৰ দৰে গুৰুতৰ ৰোগো চুম্বনৰ যোগেদি বিয়পি পৰে। দৰাচলতে এই এপষ্টেইন-বাৰ ভাইৰাছ হাৰপিছ প্ৰজাতিৰ। এবাৰ কোনো ধৰণে শৰীৰত প্ৰৱেশ কৰিলে এই ভাইৰাছ বহুদিন অকাৰ্যক্ষম হৈ থাকে। যেতিয়ালৈকে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হৈ থাকে, তেতিয়ালৈকে এই ভাইৰাছে কোনো প্ৰভাৱ নেপেলায়। কিন্তু অলপ দুৰ্বল হ’লেই এই ভাইৰাছ সক্ৰিয় হৈ উঠে।
এই ভাইৰাছৰ সংক্ৰমণৰ লক্ষণসমূহ–
১) দীৰ্ঘদিনীয়া জ্বৰ (২ সপ্তাহ বা তাতকৈ অধিক হ’ব পাৰে)
২) ডিঙিৰ বিষ, টনচিল ফুলি উঠা
৩) অত্যন্ত ভাগৰুৱা
৪) ডিঙি বা কান্ধত লিম্ফ ন’ড ফুলি উঠা
৫) মাতৰ পৰিৱৰ্তন
৬) মাজে মাজে ছালত ফোহা ওলোৱা
বিশেষজ্ঞসকলে কয় যে এই ভাইৰাছ চুম্বনৰ জৰিয়তে মুখৰ লেলাৱতিৰ পৰা বিয়পে। সেয়ে জ্বৰত আক্ৰান্ত ব্যক্তিয়ে ব্যৱহাৰ কৰা চামুচ, গিলাচ বা পানীৰ বটল শ্বেয়াৰ কৰাটোও বিপদজনক হ’ব পাৰে। হাঁচি আৰু কাহৰ দ্বাৰা বিয়পি পৰা লেলাৱতিৰ সংস্পৰ্শলৈ অহাৰ ক্ষেত্ৰতো সাৱধান হোৱা উচিত। ৰক্তদান বা অংগ প্ৰতিস্থাপনৰ সময়তো মনোনিউক্লিঅ’ছিছ বীজাণু বিয়পিব পাৰে। তদুপৰি পুৰুষৰ বীৰ্যৰ যোগেদিও এই ভাইৰাছ বিয়পিব পাৰে।
যেতিয়া এই ৰোগটো মানুহৰ শৰীৰত সক্ৰিয় হৈ থাকে, তেতিয়া সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে উপৰোক্ত লক্ষণসমূহৰ কোনো এটা লক্ষণে দেখা দিলে সাৱধান হোৱা উচিত। এই সময়ত শৰীৰ দুৰ্বল হৈ পৰে, গতিকে পৰ্যাপ্ত জিৰণি লোৱাটো অতি প্ৰয়োজনীয়। শৰীৰক হাইড্ৰেট কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱাটো আৱশ্যকীয়।
মনত ৰাখিব এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। অৱশ্যে লক্ষণ অনুসৰি চিকিৎসা কৰা হয়। কোনো ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে নে নাই জানিবলৈ চিকিৎসকে লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি তেজৰ পৰীক্ষা কৰিব পাৰে। মনত ৰাখিব যে সজাগতাইহে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। মনোনিউক্লিঅ’ছিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ একমাত্ৰ উপায় হ’ল আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা।