TV9 ASSAM
দুটা দিন পাছত আৰম্ভ হ'ব আগষ্ট মাহ। জ্যোতিষ শাস্ত্ৰৰ মতে এই মাহটো বহু শুভ। আগষ্ট মাহত কেইবাটাও ৰাজযোগ হ'ব। তাৰ ভিতৰত লক্ষ্মী নাৰায়ণ আৰু গজলক্ষ্মী ৰাজযোগ অন্যতম।
পঞ্জিকা অনুসৰি, আগষ্ট মাহৰ প্ৰথমত গজলক্ষ্মী যোগ হ'ব। ইয়াৰ পাছত ১১ আগষ্টত বুধ কৰ্কট ৰাশিত থাকিব। ১৭ আগষ্টত সূৰ্য সিংহ ৰাশিত থাকিব।২১ আগষ্টত শুক্ৰ কৰ্কটত প্ৰৱেশ কৰিব। ইয়াত লক্ষ্মী নাৰায়ণ যোগ হ'ব।
মান্যতা অনুসৰি এই মাহটোত ৪ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ হ'ব। জীৱনলৈ সফলতা আহিব। এই ৰাশিকেইটাৰ বিষয়ে উল্লেখ কৰা হ'ল।
এই সময়চোৱাত মিথুন ৰাশিৰ লোকৰ জীৱনৰ পৰা সকলো বাধা আঁতৰ হ'ব। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি কামত অধিক সফলতা লাভ কৰিব পাৰে।
এই মাহত শুক্ৰৰ প্ৰভাৱ কৰ্কট ৰাশিত পৰিব। গতিকে আৰ্থিক স্থিতি ভাল হ'ব। হাতলৈ ধন আহিব। নতুন মানুহ লগ পাব। যিয়ে আপোনাৰ বাবে লাভ লৈ আনিব।
কৰ্মক্ষেত্ৰত সতীৰ্থৰ সহায় লাভ কৰিব। আৰ্থিক উন্নতি হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে। সামাজিক ক্ষেত্ৰতো লাভ হোৱাৰ সম্ভাৱনা আছে। কামবোৰ সহজতে হ'ব।
ব্যৱসায়ত অত্যধিক লাভ হোৱাৰ সম্ভাৱনা। চাকৰিৰ জীৱন ভাল হ'ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। হাতলৈ ধন আহিব। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ'ব।
পঢ়িবলৈ ক্লিক কৰক