‘শত্ৰু’ ভাৰতৰ সহায় নহ’লেই সংকটত পৰিব পাকিস্তান!
পহলগাম আক্ৰমণ আৰু অপাৰেচন সেন্দূৰৰ পিছতো বহু দিশত ভাৰতৰ ওপৰত নিৰ্ভৰশীল হৈ আছে পাকিস্তান। বিশেষকৈ উদ্যোগিক আৰু কৃষি খণ্ডৰ লগতে ঔষধৰ ক্ষেত্ৰতো ভাৰতৰ ওপৰত নিৰ্ভৰশীল দেশখন।
বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তানৰ সৈতে ভাৰতে তাৎক্ষণিকভাৱে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। স্থগিত ৰখা হৈছিল সিন্ধু জল চুক্তিও। পিছে সম্পৰ্ক ছিন্ন হোৱাৰ পিছতো ‘শত্ৰু’ ভাৰতৰ ওপৰত নিৰ্ভৰশীলতা এতিয়াও হ্ৰাস পোৱা নাই পাকিস্তান। এতিয়াও ভাৰতৰ সৈতে পাকিস্তানৰ কিছু বাণিজ্যিক সম্পৰ্ক অব্যাহত আছে।
প্ৰকাশিত তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা পাকিস্তানে ২২০ মিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ সামগ্ৰী আমদানি কৰিছিল। তাৰ পূৰ্বৰ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ২০৬ মিলিয়ন ডলাৰ। এনে পৰিসংখ্যাই পাকিস্তান ভাৰতৰ ওপৰত যে এতিয়াও বহুলাংশে নিৰ্ভৰশীল, সেয়া স্পষ্ট কৰি তুলিছে। বিশেষকৈ উদ্যোগিক আৰু কৃষি খণ্ডৰ ভাৰতৰ ওপৰত পাকিস্তান এতিয়াও নিৰ্ভৰশীল হৈ আছে। লগতে এতিয়াও ভাৰতীয় ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ আছে পাকিস্তানৰ জনসাধাৰণ।