ভাৰত-ইংলেণ্ডৰ টেষ্ট মেচৰ মাজতে বেয়া খবৰ! কিংবদন্তি খেলুৱৈৰ মৃত্যু, অৰ্জন কৰিছিল ৮৬টা শতক, ৪১,০০০ ৰো অধিক ৰান…
ইংলেণ্ড আৰু ভাৰতৰ মাজত দ্বিতীয়খন টেষ্ট ২ জুলাইৰ পৰা আৰম্ভ হ'ব। কিন্তু ইয়াৰ মাজতে ইংলেণ্ডৰ পৰা আহিছে এক বেয়া খবৰ। এগৰাকী কিংবদন্তি খেলুৱৈৰ মৃত্যু হয়। এই খবৰে জোকাৰি গৈছে একাংশ ক্ৰিকেট অনুৰাগীক।

বৰ্তমান সময়ত টিম ইণ্ডিয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলি আছে। ইলেণ্ড-ইণ্ডিয়াৰ মাজৰ প্ৰথমখন টেষ্ট হেডিংলেত অনুষ্ঠিত হৈছিল, য’ত ইংলেণ্ডে জয়লাভ কৰিছিল। ইয়াৰ পাছতে দুয়োটা দলৰ মাজত দ্বিতীয়খন টেষ্ট ২ জুলাইৰ পৰা আৰম্ভ হ’ব। কিন্তু ইয়াৰ মাজতে ইংলেণ্ডৰ পৰা আহিছে এক বেয়া খবৰ। দলটোৰ প্ৰাক্তন প্ৰবীণ খেলুৱৈ এগৰাকীৰ মৃত্যু হৈছে। প্ৰাক্তন ইংৰাজ ক্ৰিকেটাৰ ৱেইন লাৰ্কিন্সে ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ক্ৰীড়া জগতত ‘নেড’ নামেৰে পৰিচিত লাৰ্কিন্সে দীৰ্ঘদিন ধৰি এক গুৰুতৰ ৰোগৰ সৈতে যুঁজি আছিল।
ৱেইন লাৰ্কিন্সে ৪৮২খন প্ৰথম শ্ৰেণীৰ মেচত গড়ে ৩৪.৪৪ ৰান সংগ্ৰহ কৰি ২৭১৪২ ৰান সংগ্ৰহ কৰিছিল। এই সময়চোৱাত তেওঁ ৫৯টা শতক আৰু ১১৬টা অৰ্ধশতক কৰে। ৱেইন লাৰ্কিনে ৪৮৫খন লিষ্ট এ মেচত গড়ে ৩০.৭৫ ৰান সংগ্ৰহ কৰি ১৩৫৯৪ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত লিষ্ট এ মেচত তেওঁ মুঠ ২৬টা শতক আৰু ৬৬টা অৰ্ধশতক নিজৰ নামত কৰে। খেলুৱৈগৰাকীয়ে ইংলেণ্ডৰ হৈ ১৩খন টেষ্ট আৰু ২৫খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।
টেষ্ট কেৰিয়াৰত ৩টা অৰ্ধশতকৰ সহায়ত ৪৯৩ ৰান সংগ্ৰহ কৰে ৱেইন লাৰ্কিন্সে। ৱেইন লাৰ্কিনে ২৫খন এদিনীয়া মেচত ৫৯১ ৰান সংগ্ৰহ কৰে। এই সময়খিনিত তেওঁ এটা শতক কৰিছিল। খেলুৱৈজনে ক্ৰিকেট কেৰিয়াৰত ৮৬টা শতক আৰু ১৮৫টা অৰ্ধশতক সংগ্ৰহ কৰে। য’ত তেওঁ ১৩৫৮টা ইনিংছত ৪১,৮২০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
প্ৰাক্তন খেলুৱৈগৰাকীৰ পত্নী ডেবিয়ে কয় যে, ”তেওঁ সকলোকে বহুত মৰম কৰিছিল। তেওঁ শক্তিয়ে মানুহক আকৰ্ষণ কৰিছিল। তেওঁ বিচাৰিছিল জীৱনত কেতিয়াও কাৰো অসুবিধা নহওক। তেওঁ নিজেও খুলা মনেৰে আনন্দ কৰিছিল। মোক আৰু আমাৰ সন্তানক বহুত মৰম কৰিছিল। আমাৰ জীৱনত তেওঁৰ প্ৰভাৱ আমি কেতিয়াও পাহৰিব নোৱাৰো। আমি তেওঁক সদায় হৃদয়ত ৰাখিম”।
ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে প্ৰাক্তন বেটছমেন ৱেইন লাৰ্কিনছৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ব’ৰ্ডে কয় যে, তেওঁক কেৱল খেলপথাৰতে নহয়, ব্যক্তিত্বৰ বাবেও মানুহে তেওঁক মনত ৰাখিব। তেওঁৰ পৰিয়াল তথা আত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে।
অন্য খবৰ পঢ়কঃ ‘মন কী বাত’ৰ পৰা বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰলৈ, দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…