শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তেজৰ ধমনী বন্ধ হৈ গ’লে ভৰিত দেখা দিয়ে এই ৫ টা লক্ষণ, জানক সকলো…

হৃদযন্ত্ৰ মানুহৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ স্বাস্থ্য তেজৰ ধমনীৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া ধমনীবোৰ বন্ধ হৈ যায় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

তেজৰ ধমনী বন্ধ হৈ গ’লে ভৰিত দেখা দিয়ে এই ৫ টা লক্ষণ, জানক সকলো…
ভৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 07 Sep 2025 21:34 PM

হৃদযন্ত্ৰৰ স্বাস্থ্য তেজৰ ধমনীৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এই ধমনীবোৰ বন্ধ হ’বলৈ আৰম্ভ কৰে তেতিয়া হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে। এনে অৱস্থাত শৰীৰৰ আন অংশলৈ তেজ ভালদৰে যাব নোৱাৰে। ইমানেই নহয়, ধমনীবোৰ বন্ধ হৈ গ’লে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে ধমনীবোৰ পৰিষ্কাৰ হোৱা প্ৰয়োজনীয়।

উচ্চ ৰক্তচাপ বা ইমফোলমেশ্যনৰ বাবে তেজৰ ধমনীবোৰ ক্ষতিগ্ৰস্ত হৈ বন্ধ হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে ধমনীত চৰ্বিযুক্ত পদাৰ্থও জমা হ’বলৈ আৰম্ভ কৰে। যেতিয়া শৰীৰত ধমনীবোৰ বন্ধ হৈ যায় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জানি মানুহে সঠিক উপায় গ্ৰহণ কৰিব পাৰে। এই সন্দৰ্ভত ভেছকুলাৰ চাৰ্জন তথা ভেৰিকোজ ভেইন বিশেষজ্ঞ ডাঃ সুমিত কাপাডিয়াই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ কৈছে যে ধমনীবোৰ বন্ধ হ’লে ভৰিত কি কি লক্ষণে দেখা দিয়ে।

লক্ষণবোৰ কি কি

  • খোজ কাঢ়িলে ভৰিত ক্ৰেম্প বা বিষ অনুভৱ কৰা।
  • ভৰি দুৰ্বল হৈ পৰাৰ বাবে যেতিয়াই তেতিয়াই ভৰি অজ্ঞান হৈ পৰে।
  • এখন ভৰিতকৈ আনখন ভৰি ঠাণ্ডা হোৱা।
  • যদি ভৰিত কোনো আঘাত লাভ কৰে সেয়া ঠিক হোৱাত বহুত সময় লাগে।
  • ভৰিৰ ছালখন অতি চিকচিকীয়া লাগে বা ভৰিৰ পৰা চুলিবোৰ সৰিবলৈ আৰম্ভ কৰে।
  • ভৰি বা ভৰিৰ স্নায়ু দুৰ্বল হৈ পৰে।

চিকিৎসকগৰাকীৰ মতে, ভৰিৰ এইসমূহ সমস্যা পেৰিফেৰেল আৰ্টাৰী ডিজিজৰ লক্ষণ হ’ব পাৰে। ইয়াক সোনকালে চিনাক্ত কৰি ঠিক কৰিব পৰা যায়। ভৰিত এনে সমস্যা পালে আওকান কৰিব নালাগে।

তেজৰ যোগান বন্ধ হ’লে কি হয়

চিকিৎসকগৰাকীয়ে কয় যে, যদি তেজৰ যোগান লেহেমীয়া হয় তেন্তে কলাবোৰ মৰিবলৈ আৰম্ভ কৰে। যেতিয়া ভৰিলৈ তেজৰ যোগান বন্ধ হৈ যায় তেতিয়া প্ৰথম অৱস্থাত ভৰিৰ বিষ বা ক্ল’ডিকেচন হয়। ইয়াৰ ফলত আলচাৰৰো সৃষ্টি হ’ব পাৰে। আৰম্ভণিতে যত্ন নল’লে গেংগ্ৰিন হ’ব পাৰে। এই অৱস্থাত ছালখন ক’লা হয়, যাৰ অৰ্থ ছালখন মৰি গৈছে। যদি ভৰিত বিষ হৈ থাকে তেন্তে ই কলেষ্টেৰল বৃদ্ধি আৰু ডায়েবেটিছৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। এনে ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

পৰিত্ৰাণৰ উপায়

  • সুষম খাদ্য গ্ৰহণ কৰক।
  • নিচাযুক্ত সামগ্ৰীৰ পৰা আঁতৰি থাকক।
  • মানিসক চিন্তা কম কৰক।
  • অত্যধিক তেল থকা বস্তু পৰিহাৰ কৰক।
  • মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাওক।

 

অন্য খবৰ পঢ়কঃ পেটৰ ওপৰৰ অংশত বিষ, বমি…পেটৰ কৰ্কট ৰোগ হ’লে দেখা দিয়ে এই ৫টা লক্ষণ, জানক সকলো…