শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নলবাৰী প্ৰমোদ বৰ্মন হত্যাকাণ্ডঃ সম্পৰ্কীয় নাতি, ২ মহিলাসহ ৪জনক গ্ৰেপ্তাৰ…

নলবাৰীত সংঘটিত ডকাইতি আৰু হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডৰ লগতে কেইবাজন অভিযুক্ত গ্ৰেপ্তাৰ। জানিব পৰা মতে, কিছুদিন পূৰ্বে জিলাখনত সংঘটিত হৈছিল এক ভয়ংকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ ঘটনা।

নলবাৰী প্ৰমোদ বৰ্মন হত্যাকাণ্ডঃ সম্পৰ্কীয় নাতি, ২ মহিলাসহ ৪জনক গ্ৰেপ্তাৰ…
নলবাৰী কাণ্ড
barasha-sarma
Barasha Sarma | Published: 07 Sep 2025 21:01 PM

প্ৰমোদ বৰ্মন হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ভাস্কৰজ্যোতি ডেকা আৰু মৃন্ময় বেজবৰুৱাৰ লগতে কেইবাজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত এই লোককেইজন গ্ৰেপ্তাৰ হয়। জানিব পৰা মতে, ২ মহিলা-যুৱতীসহ ২ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে নলবাৰী আৰক্ষীয়ে। ইয়াৰে এজন যুৱকে নিহত প্ৰমোদ বৰ্মনক ‘ককা’ বুলি সম্বোধন কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে।

ঘটনা সন্দৰ্ভত নলবাৰী উপ আৰক্ষী অধীক্ষক পৰিক্ষীত লাহনে কয় যে, এই সমগ্ৰ কাণ্ড সন্দৰ্ভত ২ গৰাকী যুৱকী আৰু দুজন যুৱক গ্ৰেপ্তাৰ হৈছে। বৰ্তমান তদন্ত চলি আছে। যুৱতীকেইগৰাকী কি হিচাপে জড়িত আছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাত আৰু কেইজনমান লোক জড়িত আছে। তেওঁলোকক বিচাৰি অভিযান চলাই থকা হৈছে। এয়া আছিল ৪-৫ জনীয়া ডকাইতৰ দলৰ কাণ্ড।

ইয়াৰোপৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, অভিযুক্ত মৃন্ময় বেজবৰুৱাই লুটি নিয়া প্ৰমোদ বৰ্মনৰ ফোনটো প্ৰেয়সীক উপহাৰ দিছিল। প্ৰেয়সীকো গুৱাহাটীৰ পৰা আটক কৰা হৈছে। এই ফোনটো ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে। ইফালে অভিযুক্ত ভাস্কৰজ্যোতি ডেকা নামৰ যুৱকজন নিহত প্ৰমোদ বৰ্মনৰ সম্পৰ্কীয় আছিল। তেওঁ প্ৰমোদ বৰ্মনক ককা বুলি সম্বোধন কৰিছিল। আনকি ঘটনা সংঘটিত হোৱা পাছদিনা তেওঁ সংবাদমাধ্যমৰ আগত প্ৰত্যক্ষদৰ্শী হিচাপে মত প্ৰকাশ কৰিছিল। সেই সময়ত তেওঁ প্ৰমোদ প্ৰমোদ বৰ্মনক ককা বুলি সম্বোধন কৰিছিল।

উল্লেখ্য যে, ২৯ আগষ্টৰ নিশা নলবাৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ ঘটনা। জিলাখনৰ মোহখলী নামৰ অঞ্চলটোত এঘৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি ডকাইতৰ দলে সন্ত্ৰাস চলাইছিল। একাংশ দুৰ্বৃত্তই ঘৰৰ বিভিন্ন সা-সামগ্ৰী লুটি নিয়াৰ লগতে হত্যা কৰিছিল ঘৰৰ মুৰব্বী প্ৰমোদ বৰ্মন নামৰ লোকজনক। এই কাণ্ড ইমানেই নৃশংস আছিল যে পত্নীৰ সন্মুখতে ডকাইতৰ দলটোৱে প্ৰমোদ বৰ্মনক হত্যা কৰিছিল।

এই হত্যাকাণ্ডৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। তাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্তৰ আৰু এতিয়া নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ অভিযান চলাই নলবাৰীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে কেইবাজনক। বৰ্তমান তদন্ত অব্যাহত আছে। এনে পৰিস্থিতিত পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। এই হত্যাকাণ্ড কিয় সংঘটিত হয়, ইয়াৰ কাৰণ কি এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তত আগলৈ অধিক তথ্য ওলাই পৰিব।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতে সকলোৰে লগত বন্ধুত্ব বিচাৰে কিন্তু কাৰো নিৰ্দেশ ল’ব নিবিচাৰে…কোনে স্পষ্ট কৰি দিলে আমেৰিকাক?